--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰত কোন হ’ব পূজাৰী!তাক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে৷ সোমবাৰে ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে পূজাৰীৰ বাবে খালী পদৰ কথা ঘোষণা কৰাৰ পাছতে অযোধ্যাৰ ৰাম মন্দিৰত নিযুক্তিৰ বাবে ৩ হাজাৰ পূজাৰীয়ে আবেদন কৰিছে। মুঠ ৩০০০ আবেদনৰ ভিতৰত মাত্ৰ ২০০ খনক আবেদনকহে যোগ্যতাৰ ভিত্তিত সাক্ষাৎকাৰ ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট কৰা হ’ব বুলি ৰাম মন্দিৰ ন্যাসৰ এজন ব্যক্তিয়ে জানিবলৈ দিয়ে।

ইয়াৰ পাছত নিৰ্বাচিত ২০০ গৰাকী প্ৰাৰ্থীয়ে অযোধ্যাস্থিত বিশ্ব হিন্দু পৰিষদৰ মুখ্য কাৰ্যালয় কৰসেৱক পুৰমত অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰ ৰাউণ্ডত উপস্থিত হ’ব।শেষত তিনিজনীয়া পেনেলৰ দ্বাৰা মাত্ৰ ২০ জন প্ৰাৰ্থীকহে নিৰ্বাচন কৰা হ’ব। এই পেনেলৰ তিনিজন প্ৰশ্নকৰ্তা ক্ৰমে- বৃন্দাবনৰ হিন্দু প্ৰচাৰক জয়কান্ত মিশ্ৰ আৰু অযোধ্যাৰ পৰা অহা দুজন মহন্ত সত্যনাৰায়ণ দাস আৰু নন্দিনী শৰণ উপস্থিত থাকিব।

নিৰ্বাচিত প্ৰাৰ্থীসকলক পুৰোহিত হিচাপে নিযুক্তি দিয়া হ’ব আৰু ছমাহৰ আৱাসিক প্ৰশিক্ষণৰ অন্তত বিভিন্ন পদত নিযুক্তি দিয়া হ’ব।তদুপৰি নিৰ্বাচিত নোহোৱা প্ৰাৰ্থীসকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব আৰু প্ৰমাণ পত্ৰ লাভ কৰিব৷এই প্ৰাৰ্থীসকলেও ভৱিষ্যতে পূজাৰীৰ পদৰ বাবে আবেদন জনোৱাৰ সুযোগ পাব। প্ৰশিক্ষণৰ সময়ত প্ৰাৰ্থীসকলে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা আৰু খাদ্যৰ সুবিধা লাভ কৰিব আৰু ২০০০ টকাৰ হ্ৰস্বকালীন ধন লাভ কৰিব।

উল্লেখ্য যে অযোধ্যাস্থিত ৰাম মন্দিৰ হিন্দু ধৰ্মৰ লোকসকলৰ বাবে এক উল্লেখযোগ্য তীৰ্থস্থান। ২০২৪ চনৰ ২৪ নৱেম্বৰত এই মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লাৰ্চেন এণ্ড টৰ্বো’ গোটৰ উদ্যোগত ১৮ হাজাৰ কোটি টকা ব্যয়েৰে মন্দিৰটোৰ নিৰ্মাণ চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক