--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ এনেকৈয়ো আগবাঢ়িছেনে! বিদ্বেষ আৰু বৈষম্যই ক্ৰমশ: চেপি আনিছে নৈষ্ঠিক সামাজিক পৰম্পৰা৷ এগৰাকী ছাত্ৰী৷ কেৱল ইছলাম ধৰ্মাৱলম্বী হোৱা বাবেই ছাত্ৰীগৰাকীয়ে নিজ বিদ্যালয়খনতে পুৰস্কাৰ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ 

এখন আধুনিক, প্ৰগতিশীল সমাজত এনে চিন্তা অথবা এনে ব্যৱস্থা কোনোকাৰণতে গ্ৰহণযোগ্য নহয়, হ’ব নোৱাৰে৷ ছাত্ৰীগৰাকীৰ নাম অৰ্নাজবানু৷ গুজৰাটৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৮৭ শতাংশ নম্বৰপ্ৰাপ্তিৰে শীৰ্ষস্থান দখল কৰিছিল অৰ্নাজবানুৱে৷ 

স্বাধীনতা দিৱসৰ দিনটোত বিদ্যালয়খনে আয়োজন কৰিছিল সম্বৰ্ধনা অনুষ্ঠান৷ অৰ্নাজবানুৱে আশা কৰিছিল, স্বাধীনতা দিৱসৰ অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে তেওঁক মঞ্চলৈ মাতিব৷ কিন্তু, অৰ্নাজবানুক মঞ্চলৈ মতা নহ’ল৷ কাৰণ, অৰ্নাজবানু মুছলমান! আৰু এই অভিযোগে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ৷

মেহছানা জিলাৰ লুনৱা গাঁৱত অৱস্থিত এখন বিদ্যালয় শ্ৰী কে টি পেটেল স্মৃতি বিদ্যালয়ে তাৰকা ছাত্ৰীগৰাকীক সন্মান প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পাছত অৰ্নাজবানুৱে কান্দি কান্দি আহি ঘৰত উপস্থিত হয়৷ তেওঁৰ পিতৃ লুনাভা গাঁৱৰ বাসিন্দা চানৱাৰ খানে ঘটনাটোৰ ওপৰত দুখ প্ৰকাশ কৰি কয়, তাই আমাক কৈছিল যে যি বঁটা তেওঁৰ হ’ব লাগিছিল, সেইটো দ্বিতীয় স্থান লাভ কৰা এগৰাকী ছাত্ৰীক প্ৰদান কৰা হৈছিল। মই বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষকসকলৰ পৰা ব্যাখ্যা বিচাৰিছিলোঁ, কিন্তু তেওঁলোকৰ সঁহাৰি অস্পষ্ট আছিল। যদিও তেওঁলোকে আমাক আশ্বাস দিয়ে যে পুৰস্কাৰটো অহা ২৬ জানুৱাৰীত দিয়া হ’ব, মোৰ প্ৰশ্ন হ’ল কি কাৰণে ১৫ আগষ্টতে দিয়া নহ’ল?

কৃষক হিচাপে এই ভূমিত গভীৰভাৱে নিহিত হৈ থকা আমাৰ পৰিয়ালে কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন নোহোৱাকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ইয়াত বাস কৰি আহিছে। কিন্তু এতিয়া মোৰ ছোৱালীজনীক ইচ্ছাকৃতভাৱে তাইৰ প্ৰাপ্য পুৰস্কাৰৰ বাবে উপেক্ষা কৰা হৈছে।

শ্ৰী কে টি পেটেল স্মৃতি বিদ্যালয়ৰ অধ্যক্ষ বিপিন পেটেলে সংবাদমাধ্যমক কয়, আমাৰ বিদ্যালয়ে যিকোনো ধৰণৰ বৈষম্যৰ বিৰুদ্ধে কঠোৰ নীতি বজাই ৰাখে। নিশ্চিত হওক যে যোগ্য ছাত্ৰীগৰাকীয়ে ২৬ জানুৱাৰীত তেওঁৰ পুৰস্কাৰ লাভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস