--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ ফুটৰ গাঁত খান্দিবলৈ পুনৰ আৰম্ভ হৈছে তীব্ৰ জল্পনা-কল্পনা। প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, চীনে ইয়াৰ দ্বাৰা কি কৰিব বিচাৰে? উদ্দেশ্য কি?

এইবাৰ ছি জিনপিঙৰ দেশে ছিচুয়ান প্ৰদেশত ৩২,৮০৮ ফুট গভীৰতাৰ গাঁত খান্দিবলৈ আৰম্ভ কৰিছে। এই দাবী চীনৰ সংবাদ সংস্থা ছিনহুয়াই।

ইয়াৰ পূৰ্বে যোৱা মে’ মাহত চীনে জিনজিয়াং প্ৰদেশত একে গভীৰতাৰ গাঁত খান্দিছিল। তেতিয়াও জল্পনা-কল্পনা আৰম্ভ হৈছিল, কি উদ্দেশ্যত তেওঁলোকে এই কাম কৰিছে? যদিও সেই সময়ত দাবী কৰা হৈছিল, পৃথিৱীৰ অন্তৰ্নিহিত গঠনৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এই বৃহৎ গভীৰতা কূপ খনন কৰা হৈছে।

কিন্তু এইবাৰ ই তথ্যৰ সংকলন নহয়, চীনে চিচুয়ান প্ৰদেশত প্ৰাকৃতিক গেছৰ মজুত বিচাৰি এই সংগঠিত কৰিছে। এই দাবী জিনহুয়াই। চীনৰ দক্ষিণ-পূব প্ৰদেশ ছিচুয়ান প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মছলাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও প্ৰদেশখনত কেইবাটাও প্ৰাকৃতিক গেছৰ মজুত আছে। সেই ধনৰ সন্ধানত চীনে পুনৰ মাটিত গাঁত খান্দিবলৈ আৰম্ভ কৰিছে।

শেহতীয়াকৈ চীন চৰকাৰে সকলো পেট্ৰলিয়াম কোম্পানীক ইন্ধন উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছিল। ছি জিনপিঙৰ দেশত দেশত বিদ্যুৎ আৰু শক্তিৰ নাটনি পূৰণৰ বাবে উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্যৰ কথা মনত ৰাখিছে। জিনজিয়াং প্ৰদেশ বিভিন্ন খনিজ পদাৰ্থ আৰু খনিজ তেলেৰে চহকী। সেইবাবেই এই প্ৰদেশখন বাছি লোৱা হৈছিল বুলি ছিনহুয়াই দাবী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস