--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী স্বপ্নীল কৰৰ নাম  বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকাত অন্তৰ্ভুক্ত কৰিছে। ফিডে ৰেটিং তালিকা অনুসৰি স্বপ্নীলে ১০৪০ৰেটিং পইণ্ট লাভ কৰিছে। 

স্বপ্নীলক ১৩ অক্টোবৰৰ পৰা ১৯ অক্টোবৰ, ২০২২লৈ আগৰতলাত "দ্বিতীয়  মানিক  সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে। বৰ্তমান স্বপ্নীল গুৱাহাটী দবা একাডেমিত ফিডে স্বীকৃতি প্ৰাপ্ত দবা প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। 
স্বপ্নীলক এই কৃতিত্বৰ বাবে গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে। 

ইপিনেৰেপিড দবা প্ৰতিযোগিতাত হিমানিশ কুমাৰ শৰ্মাই খিতাপ অৰ্জন কৰিছে। হিমানিশে ৬ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰে। ৰজত বাফনা, ভাৰ্ছিতা চহৰীয়া আৰু জগজিত সিনহাইও ৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। 

অনুৰ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। হৃয়াংশ ডেকা আৰু ধিঢ়ান গোস্বামীয়ে ২.৫ পইণ্টকৈ অৰ্জন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 
অনুৰ্ধ ৯ বছৰ শাখাত, নীহাৰ দাসে   ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। প্ৰজ্ঞান থাওছেন আৰু সিদ্ধাৰ্থ সিঙে ৩ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্ধ ১১ বছৰ শাখাত, অথৰ্ব মহন্তই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। আৰাধ্যা ভৰদ্বাজেও ৪ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। নিভৃতি গোস্বামীয়ে ৩.৫ পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে। 

অনুৰ্ধ ১৩ বছৰ শাখাত, সুহান পাতিয়ে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। শিৱম দত্তই ৪ পইণ্টেৰে দ্বিতীয় আৰু শুভাং প্ৰাণ কাশ্যপে ৩.৫ পইণ্টেৰে  তৃতীয় স্থান লাভ কৰে। 
অনুৰ্ধ ১৫ বছৰ শাখাত, ৰেইহান হুছেইনে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নৱজ্যোতি দাসে ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত মুঠ ৩৯জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু