--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী স্বপ্নীল কৰৰ নাম  বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকাত অন্তৰ্ভুক্ত কৰিছে। ফিডে ৰেটিং তালিকা অনুসৰি স্বপ্নীলে ১০৪০ৰেটিং পইণ্ট লাভ কৰিছে। 

স্বপ্নীলক ১৩ অক্টোবৰৰ পৰা ১৯ অক্টোবৰ, ২০২২লৈ আগৰতলাত "দ্বিতীয়  মানিক  সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে। বৰ্তমান স্বপ্নীল গুৱাহাটী দবা একাডেমিত ফিডে স্বীকৃতি প্ৰাপ্ত দবা প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। 
স্বপ্নীলক এই কৃতিত্বৰ বাবে গুৱাহাটী দবা একাডেমীয়ে অভিনন্দন জনাইছে। 

ইপিনেৰেপিড দবা প্ৰতিযোগিতাত হিমানিশ কুমাৰ শৰ্মাই খিতাপ অৰ্জন কৰিছে। হিমানিশে ৬ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰে। ৰজত বাফনা, ভাৰ্ছিতা চহৰীয়া আৰু জগজিত সিনহাইও ৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। 

অনুৰ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। হৃয়াংশ ডেকা আৰু ধিঢ়ান গোস্বামীয়ে ২.৫ পইণ্টকৈ অৰ্জন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 
অনুৰ্ধ ৯ বছৰ শাখাত, নীহাৰ দাসে   ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। প্ৰজ্ঞান থাওছেন আৰু সিদ্ধাৰ্থ সিঙে ৩ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্ধ ১১ বছৰ শাখাত, অথৰ্ব মহন্তই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। আৰাধ্যা ভৰদ্বাজেও ৪ পইণ্ট অৰ্জন কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। নিভৃতি গোস্বামীয়ে ৩.৫ পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে। 

অনুৰ্ধ ১৩ বছৰ শাখাত, সুহান পাতিয়ে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। শিৱম দত্তই ৪ পইণ্টেৰে দ্বিতীয় আৰু শুভাং প্ৰাণ কাশ্যপে ৩.৫ পইণ্টেৰে  তৃতীয় স্থান লাভ কৰে। 
অনুৰ্ধ ১৫ বছৰ শাখাত, ৰেইহান হুছেইনে ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নৱজ্যোতি দাসে ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত মুঠ ৩৯জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক