--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গাখীৰৰো বৰ্ধিত মুদ্ৰাস্ফীতি হৈছে। এতিয়াৰ পৰা আমূল গাখীৰ গ্ৰাহকসকলে ব্যয়বহুল মূল্যত ক্ৰয় কৰিব লাগিব। দেশৰ সৰ্ববৃহৎ দুগ্ধজাত ব্ৰেণ্ড আমূলে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে বিক্ৰী হোৱা গাখীৰৰ মূল্য প্ৰতিলিটাৰত দুটকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আমূলে এই বিষয়ে এক বিজ্ঞপ্তিত জাৰি কৰিছে। গাখীৰৰ বৰ্ধিত মূল্য ১মাৰ্চৰ পৰা, অৰ্থাৎ মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব। এতিয়া গ্ৰাহকসকলে আধা লিটাৰ আমূল গোল্ডৰ বাবে ৩০টকা, আমূল ৰিফ্ৰেছৰ বাবে ২৪ টকা আৰু আমূল শক্তিৰ বাবে ২৭ টকা পৰিশোধ কৰিব লাগিব। আমূলে সকলো গাখীৰৰ সামগ্ৰী যেনে- আমূল গোল্ড, আমূল শক্তি আৰু আমূল ৰিফ্ৰেছৰ মূল্য বৃদ্ধি কৰিছে। বৰ্ধিত এই মূল্য সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব। আমূলৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে এতিয়া গৃহিণীসকলৰ পাকঘৰৰ বাজেট বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে। এক বিজ্ঞপ্তিত, কোম্পানীটোৱে কৈছিল যে শক্তি, পেকেজিং, পৰিবহণ আৰু পশুখাদ্যৰ মূল্যবৃদ্ধিৰ বাবে, গাখীৰৰ মূল্যবৃদ্ধি পাইছে। বৰ্ধিত মূল্য ১ মাৰ্চ, ২০২২ৰ পৰা কাৰ্যকৰী হ’ব। আমূলে বিগত দুবছৰ ধৰি প্ৰতিবছৰে গাখীৰৰ মূল্য চাৰি শতাংশ বৃদ্ধি কৰিছে। আমূল ব্ৰেণ্ড পৰিচালনা কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে এইবাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। কোম্পানীটোৱে প্ৰায় ৭ মাহ আৰু ২৭ দিনৰ পাছত গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। একে সময়তে, আমূলে কৃষকৰ পৰা গাখীৰ ক্ৰয়ৰ মূল্য প্ৰতিলিটাৰত ৩৫ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি কৰিছে। যি হাৰ বিগত বছৰতকৈ পাঁচ শতাংশ বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প