--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গাখীৰৰো বৰ্ধিত মুদ্ৰাস্ফীতি হৈছে। এতিয়াৰ পৰা আমূল গাখীৰ গ্ৰাহকসকলে ব্যয়বহুল মূল্যত ক্ৰয় কৰিব লাগিব। দেশৰ সৰ্ববৃহৎ দুগ্ধজাত ব্ৰেণ্ড আমূলে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে বিক্ৰী হোৱা গাখীৰৰ মূল্য প্ৰতিলিটাৰত দুটকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আমূলে এই বিষয়ে এক বিজ্ঞপ্তিত জাৰি কৰিছে। গাখীৰৰ বৰ্ধিত মূল্য ১মাৰ্চৰ পৰা, অৰ্থাৎ মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব। এতিয়া গ্ৰাহকসকলে আধা লিটাৰ আমূল গোল্ডৰ বাবে ৩০টকা, আমূল ৰিফ্ৰেছৰ বাবে ২৪ টকা আৰু আমূল শক্তিৰ বাবে ২৭ টকা পৰিশোধ কৰিব লাগিব। আমূলে সকলো গাখীৰৰ সামগ্ৰী যেনে- আমূল গোল্ড, আমূল শক্তি আৰু আমূল ৰিফ্ৰেছৰ মূল্য বৃদ্ধি কৰিছে। বৰ্ধিত এই মূল্য সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব। আমূলৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে এতিয়া গৃহিণীসকলৰ পাকঘৰৰ বাজেট বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে। এক বিজ্ঞপ্তিত, কোম্পানীটোৱে কৈছিল যে শক্তি, পেকেজিং, পৰিবহণ আৰু পশুখাদ্যৰ মূল্যবৃদ্ধিৰ বাবে, গাখীৰৰ মূল্যবৃদ্ধি পাইছে। বৰ্ধিত মূল্য ১ মাৰ্চ, ২০২২ৰ পৰা কাৰ্যকৰী হ’ব। আমূলে বিগত দুবছৰ ধৰি প্ৰতিবছৰে গাখীৰৰ মূল্য চাৰি শতাংশ বৃদ্ধি কৰিছে। আমূল ব্ৰেণ্ড পৰিচালনা কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে এইবাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। কোম্পানীটোৱে প্ৰায় ৭ মাহ আৰু ২৭ দিনৰ পাছত গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। একে সময়তে, আমূলে কৃষকৰ পৰা গাখীৰ ক্ৰয়ৰ মূল্য প্ৰতিলিটাৰত ৩৫ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি কৰিছে। যি হাৰ বিগত বছৰতকৈ পাঁচ শতাংশ বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন