--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। আজিৰ দিনটোৰ বাবে বিশেষ ভাৱে ৰৈ থাকে শিৱ ভক্তগণ। হিন্দুধৰ্মৰ আৰাধ্য দেৱতা শিৱক আৰাধনা কৰা হয় এই দিনটোত। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ দিনা এই উৎসৱ পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱভক্তই ভিৰ কৰেগৈ শিৱ মন্দিৰসমূহত। শিৱৰ একাঁজলি আশিস লভিবৰ বাবে সেৱা জনায় মহাদেৱৰ শ্ৰীচৰণত।মহাশিৱৰাত্ৰিত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালন কৰে।কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে।শিৱপূজাত তুলসী, তিল নাৰিকল, শংখ, সেন্দুৰৰ ব্যৱহাৰ নিষিদ্ধ। লোকবিশ্বাস অনুসৰি মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱীবাসীক ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। শৈৱধৰ্মৰ এক কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক শিৱ লিংগত পূজা-অৰ্চনা কৰিলে পাপ খণ্ডন হয় আৰু পুণ্যৰ পথত চলি শেষত মুক্তি লভিব পাৰি। জনপ্ৰবাদ অনুসৰি পৃথিৱীৰ সৃষ্টিৰ আৰম্ভণিতে বিশ্ব জগতত কেৱল এন্ধাৰৰ ৰাজত্ব আছিল। ভগৱান শিৱইহে তেওঁৰ ঔম ধ্বনিৰ দ্বাৰা পৃথিৱীত পোহৰৰ বিকিৰণ ঘটালে। শিৱক সেয়ে সত্য আৰু সুন্দৰৰ প্ৰতীক বুলি ভৱা হয়। শিৱৰাত্ৰিৰ আঁৰত যিয়েই কাহিনী নাথাকক এই দিনটো শিৱভক্তসকলৰ কাৰণে এক পৱিত্ৰ দিন। সমগ্ৰ ভাৰতবৰ্ষ জুৰি শিৱৰাত্ৰি উৎসৱ মহা ধুমধামেৰে পালন কৰা হয় ।সত্যই শিৱ, শিৱই সুন্দৰ। সেয়েহে কোৱা হয় সত্যম শিৱম সুন্দৰম। পৱিত্ৰ মহাশিৱৰাত্ৰিত মহাদেৱ শিৱই সকলোৰে জীৱনত আশীৰ্বাদৰ বৰষুণ সিঁচক... প্ৰাগ নিউজৰ ফালৰ পৰা এয়াই আন্তৰিক শুভকামনা। আৰু পঢ়কঃ মোক মানুহে কালিয়া বুলি মাতিছিল কিন্তু মোৰ মায়ে মোৰ জীৱন সলাই দিলেঃ ৰেম’ ডিচুজা

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন