--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। আজিৰ দিনটোৰ বাবে বিশেষ ভাৱে ৰৈ থাকে শিৱ ভক্তগণ। হিন্দুধৰ্মৰ আৰাধ্য দেৱতা শিৱক আৰাধনা কৰা হয় এই দিনটোত। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ দিনা এই উৎসৱ পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱভক্তই ভিৰ কৰেগৈ শিৱ মন্দিৰসমূহত। শিৱৰ একাঁজলি আশিস লভিবৰ বাবে সেৱা জনায় মহাদেৱৰ শ্ৰীচৰণত।মহাশিৱৰাত্ৰিত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালন কৰে।কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে।শিৱপূজাত তুলসী, তিল নাৰিকল, শংখ, সেন্দুৰৰ ব্যৱহাৰ নিষিদ্ধ। লোকবিশ্বাস অনুসৰি মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱীবাসীক ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। শৈৱধৰ্মৰ এক কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক শিৱ লিংগত পূজা-অৰ্চনা কৰিলে পাপ খণ্ডন হয় আৰু পুণ্যৰ পথত চলি শেষত মুক্তি লভিব পাৰি। জনপ্ৰবাদ অনুসৰি পৃথিৱীৰ সৃষ্টিৰ আৰম্ভণিতে বিশ্ব জগতত কেৱল এন্ধাৰৰ ৰাজত্ব আছিল। ভগৱান শিৱইহে তেওঁৰ ঔম ধ্বনিৰ দ্বাৰা পৃথিৱীত পোহৰৰ বিকিৰণ ঘটালে। শিৱক সেয়ে সত্য আৰু সুন্দৰৰ প্ৰতীক বুলি ভৱা হয়। শিৱৰাত্ৰিৰ আঁৰত যিয়েই কাহিনী নাথাকক এই দিনটো শিৱভক্তসকলৰ কাৰণে এক পৱিত্ৰ দিন। সমগ্ৰ ভাৰতবৰ্ষ জুৰি শিৱৰাত্ৰি উৎসৱ মহা ধুমধামেৰে পালন কৰা হয় ।সত্যই শিৱ, শিৱই সুন্দৰ। সেয়েহে কোৱা হয় সত্যম শিৱম সুন্দৰম। পৱিত্ৰ মহাশিৱৰাত্ৰিত মহাদেৱ শিৱই সকলোৰে জীৱনত আশীৰ্বাদৰ বৰষুণ সিঁচক... প্ৰাগ নিউজৰ ফালৰ পৰা এয়াই আন্তৰিক শুভকামনা। আৰু পঢ়কঃ মোক মানুহে কালিয়া বুলি মাতিছিল কিন্তু মোৰ মায়ে মোৰ জীৱন সলাই দিলেঃ ৰেম’ ডিচুজা

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি