--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ ডিচেম্বৰত দেওবাৰে তামিলনাডুৰ থুথুকুডীৰ  বানপানীৰ বাবে শ্ৰীৱৈকুন্তম ৰেল ষ্টেচনত প্ৰায় ৮০০যাত্ৰী আবদ্ধ হৈ পৰে। পৰৱৰ্তী দুদিনত উদ্ধাৰকাৰী বিষয়াসকলে প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতি অতিক্ৰম কৰি আবদ্ধ যাত্ৰীসকলক উলিয়াই আনিবলগীয়া হয়।

আবদ্ধ হৈ থকা ৮০৯ জন যাত্ৰীৰ ভিতৰত সোমবাৰে ৩০০ যাত্ৰীক উদ্ধাৰ কৰি ওচৰৰ এখন বিদ্যালয়ত ৰখাৰ বিপৰীতে বাকীসকলৰ বাবে প্ৰতিকূল বতৰৰ বাবে একেদিনাই উদ্ধাৰ অভিযান চলাব পৰা নগ’ল।সেয়ে বাকী ৫০৯ জন যাত্ৰীক মঙলবাৰে উদ্ধাৰ কৰা হয়।আবদ্ধ যাত্ৰীসকলে উদ্ধাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হয়।মাদুৰাই সংমণ্ডলৰ ৰেলৱে কৰ্মচাৰীয়ে প্ৰথমে শ্ৰীৱৈকুণ্টম ষ্টেচনত উপস্থিত হয়। পৰিদৰ্শক প্ৰবীণ কুমাৰৰ তত্বাৱধানত তিৰুনেলভেলীৰ পৰা ৰে’ল সুৰক্ষা বাহিনীৰ দলটোৱে পানীৰ বটল আৰু অন্যান্য খাদ্য সামগ্ৰী লৈ সোমবাৰে শ্ৰীৱৈকুণ্টমত ততাতৈয়াকৈ উপস্থিত হয়।

উদ্ধাৰকাৰী দলটোৱে চৰম পানীৰ সোঁতক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অহা-যোৱা কৰিবলগীয়া হৈছিল আৰু বিভিন্ন পৰিবহণ মাধ্যম যেনে ট্ৰাক আৰু জীপ ব্যৱহাৰ কৰি অহা-যোৱা কৰিছিল।আনকি আবদ্ধ যাত্ৰীসকলৰ ওচৰলৈ যাবলৈ প্ৰায় ৩ কিলোমিটাৰ বুকুৰ গভীৰ পানীৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।পাছত ভাৰতীয় বায়ুসেনাৰ তিনিখন হেলিকপ্টাৰে বিমানেৰে অঞ্চলটোত আবদ্ধ যাত্ৰীসকলক খাদ্যৰ পেকেট আৰু পানীৰ যোগান ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক