--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ ডিচেম্বৰত দেওবাৰে তামিলনাডুৰ থুথুকুডীৰ  বানপানীৰ বাবে শ্ৰীৱৈকুন্তম ৰেল ষ্টেচনত প্ৰায় ৮০০যাত্ৰী আবদ্ধ হৈ পৰে। পৰৱৰ্তী দুদিনত উদ্ধাৰকাৰী বিষয়াসকলে প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতি অতিক্ৰম কৰি আবদ্ধ যাত্ৰীসকলক উলিয়াই আনিবলগীয়া হয়।

আবদ্ধ হৈ থকা ৮০৯ জন যাত্ৰীৰ ভিতৰত সোমবাৰে ৩০০ যাত্ৰীক উদ্ধাৰ কৰি ওচৰৰ এখন বিদ্যালয়ত ৰখাৰ বিপৰীতে বাকীসকলৰ বাবে প্ৰতিকূল বতৰৰ বাবে একেদিনাই উদ্ধাৰ অভিযান চলাব পৰা নগ’ল।সেয়ে বাকী ৫০৯ জন যাত্ৰীক মঙলবাৰে উদ্ধাৰ কৰা হয়।আবদ্ধ যাত্ৰীসকলে উদ্ধাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হয়।মাদুৰাই সংমণ্ডলৰ ৰেলৱে কৰ্মচাৰীয়ে প্ৰথমে শ্ৰীৱৈকুণ্টম ষ্টেচনত উপস্থিত হয়। পৰিদৰ্শক প্ৰবীণ কুমাৰৰ তত্বাৱধানত তিৰুনেলভেলীৰ পৰা ৰে’ল সুৰক্ষা বাহিনীৰ দলটোৱে পানীৰ বটল আৰু অন্যান্য খাদ্য সামগ্ৰী লৈ সোমবাৰে শ্ৰীৱৈকুণ্টমত ততাতৈয়াকৈ উপস্থিত হয়।

উদ্ধাৰকাৰী দলটোৱে চৰম পানীৰ সোঁতক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অহা-যোৱা কৰিবলগীয়া হৈছিল আৰু বিভিন্ন পৰিবহণ মাধ্যম যেনে ট্ৰাক আৰু জীপ ব্যৱহাৰ কৰি অহা-যোৱা কৰিছিল।আনকি আবদ্ধ যাত্ৰীসকলৰ ওচৰলৈ যাবলৈ প্ৰায় ৩ কিলোমিটাৰ বুকুৰ গভীৰ পানীৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।পাছত ভাৰতীয় বায়ুসেনাৰ তিনিখন হেলিকপ্টাৰে বিমানেৰে অঞ্চলটোত আবদ্ধ যাত্ৰীসকলক খাদ্যৰ পেকেট আৰু পানীৰ যোগান ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক