--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক বিশেষ নিযুক্তি প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত কেলেংকাৰি কৰি বিপদত পৰিল চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহ আৰু ১৬০ জন৷ ২০১৩ চনত সংঘটিত হৈছিল এক কেলেংকাৰি৷ এই কেলেংকাৰিৰ ঘটনাই চকু কপলাত উঠাইছিল সাধাৰণ জনতাৰ৷ অৱশেষত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ অনুসন্ধানত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য৷ উল্লেখ্য যে, ব্যৱসায়িক পৰীক্ষা মণ্ডল চমুকৈ ব্যপম পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰিত ২০১৩ চনৰ প্ৰাকচিকিৎসা পৰীক্ষাত (পিএমটি) ব্যপক অনিয়ম সংঘটিত হয়৷ ঘটনাৰ স্থান হৈছে মধ্য প্ৰদেশৰ৷ এই অভিযোগত অভিযুক্ত মধ্য প্ৰদেশৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সহ আৰু ১৬০ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে চিবিআইয়ে। ইয়াৰ ফলত গোচৰটোত অভিযোগপত্ৰ দাখিল কৰা অভিযুক্তৰ সংখ্যা এতিয়ালৈকে ৬৫০লৈ বৃদ্ধি হৈছে। এই সন্দৰ্ভত চিবিআইৰ বিশেষ অভিযোজক সতিশ দিনকাৰে কয়, ‘মধ্য প্ৰদেশৰ প্ৰাক্তন নিয়ন্ত্ৰক ব্যৱসায়িক পৰীক্ষ মণ্ডল (ব্যপম) আৰু ৰাজ্যিক চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ (ডিএমই) দুজন বিষয়াকে ধৰি ১৬০ জন নতুন অভিযুক্তৰ বিৰুদ্ধে ব্যপম সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে নীতিৰাজ সিং চিছোদিয়াৰ বিশেষ চিবিআই আদালতত অভিযোগপত্ৰ দাখিল কৰা হয়।’ অভিযোগপত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছে ক্ৰমে অজয় গোয়েংকা, এছ এন বিজয়ৱাৰ্গীয়া আৰু সুৰেশ সিং ভাদোৰিয়া, চিৰায়ু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, পিপলছ মেডিকেল কলেজ আৰু হাস্পতালল(দুয়োখন ভূপালত) আৰু ইন্দোৰস্থিত সূচক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ বুলি তেওঁ নিশ্চিত কৰে। তথ্য অনুসৰি, অভিযুক্ত প্ৰাৰ্থীসকলে তেওঁলোকৰ পাছফালে বহিব পৰা হিতাধিকাৰীসকলৰ দ্বাৰা তেওঁলোকৰ উত্তৰ নকল কৰাৰ অনুমতি দিয়াৰ বাবে বুদ্ধিমান শিক্ষাৰ্থীসকলক (ইঞ্জিন) সমাধানকাৰী প্ৰাৰ্থী হিচাপে নিযুক্ত কৰি পৰীক্ষাত এক অনন্য ইঞ্জিন-বগী প্ৰণালী( engine-bogie system) বা প্ৰৱঞ্চনাৰ পদ্ধতি গ্ৰহণ কৰিছিল। দিনকাৰে কৈছিল যে ৫৬জন প্ৰাৰ্থীক ‘বগী’ বুলি কোৱা হয়, ৪৬জন ব্যক্তিক ‘ইঞ্জিন’ বুলি কোৱা হয়, চিকিৎসা পাঠ্যক্ৰমৰ ১৩জন অভিভাৱক আৰু নজন মধ্যস্থতাকাৰীকো অভিযোগপত্ৰ দাখিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে