--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক বিশেষ নিযুক্তি প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত কেলেংকাৰি কৰি বিপদত পৰিল চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহ আৰু ১৬০ জন৷ ২০১৩ চনত সংঘটিত হৈছিল এক কেলেংকাৰি৷ এই কেলেংকাৰিৰ ঘটনাই চকু কপলাত উঠাইছিল সাধাৰণ জনতাৰ৷ অৱশেষত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ৰ অনুসন্ধানত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য৷ উল্লেখ্য যে, ব্যৱসায়িক পৰীক্ষা মণ্ডল চমুকৈ ব্যপম পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰিত ২০১৩ চনৰ প্ৰাকচিকিৎসা পৰীক্ষাত (পিএমটি) ব্যপক অনিয়ম সংঘটিত হয়৷ ঘটনাৰ স্থান হৈছে মধ্য প্ৰদেশৰ৷ এই অভিযোগত অভিযুক্ত মধ্য প্ৰদেশৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সহ আৰু ১৬০ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে চিবিআইয়ে। ইয়াৰ ফলত গোচৰটোত অভিযোগপত্ৰ দাখিল কৰা অভিযুক্তৰ সংখ্যা এতিয়ালৈকে ৬৫০লৈ বৃদ্ধি হৈছে। এই সন্দৰ্ভত চিবিআইৰ বিশেষ অভিযোজক সতিশ দিনকাৰে কয়, ‘মধ্য প্ৰদেশৰ প্ৰাক্তন নিয়ন্ত্ৰক ব্যৱসায়িক পৰীক্ষ মণ্ডল (ব্যপম) আৰু ৰাজ্যিক চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ (ডিএমই) দুজন বিষয়াকে ধৰি ১৬০ জন নতুন অভিযুক্তৰ বিৰুদ্ধে ব্যপম সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে নীতিৰাজ সিং চিছোদিয়াৰ বিশেষ চিবিআই আদালতত অভিযোগপত্ৰ দাখিল কৰা হয়।’ অভিযোগপত্ৰ দাখিল কৰাসকলৰ ভিতৰত আছে ক্ৰমে অজয় গোয়েংকা, এছ এন বিজয়ৱাৰ্গীয়া আৰু সুৰেশ সিং ভাদোৰিয়া, চিৰায়ু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, পিপলছ মেডিকেল কলেজ আৰু হাস্পতালল(দুয়োখন ভূপালত) আৰু ইন্দোৰস্থিত সূচক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ বুলি তেওঁ নিশ্চিত কৰে। তথ্য অনুসৰি, অভিযুক্ত প্ৰাৰ্থীসকলে তেওঁলোকৰ পাছফালে বহিব পৰা হিতাধিকাৰীসকলৰ দ্বাৰা তেওঁলোকৰ উত্তৰ নকল কৰাৰ অনুমতি দিয়াৰ বাবে বুদ্ধিমান শিক্ষাৰ্থীসকলক (ইঞ্জিন) সমাধানকাৰী প্ৰাৰ্থী হিচাপে নিযুক্ত কৰি পৰীক্ষাত এক অনন্য ইঞ্জিন-বগী প্ৰণালী( engine-bogie system) বা প্ৰৱঞ্চনাৰ পদ্ধতি গ্ৰহণ কৰিছিল। দিনকাৰে কৈছিল যে ৫৬জন প্ৰাৰ্থীক ‘বগী’ বুলি কোৱা হয়, ৪৬জন ব্যক্তিক ‘ইঞ্জিন’ বুলি কোৱা হয়, চিকিৎসা পাঠ্যক্ৰমৰ ১৩জন অভিভাৱক আৰু নজন মধ্যস্থতাকাৰীকো অভিযোগপত্ৰ দাখিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য