--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰে মুম্বাইত ৬৯বছৰ বয়সত মৃত্যু ঘটে প্ৰখ্যাত সংগীতশিল্পী বাপ্পী লাহিড়িৰ। কিছুদিনৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ মৃত্যুৰ কেইঘণ্টামানৰ পূৰ্বে শিল্পীগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈছিল৷ এই কথা জানিবলৈ দিয়ে তেওঁৰ জোঁৱায়েক গোবিন্দ বনচালে৷ বনচালে সংবাদ মাধ্যমৰ আগত কয় যে, ‘তেওঁক তিনি সপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁ মঙলবাৰে নিশা প্ৰায় ৮:৩০-৯ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ ভিতৰতে তেওঁ হৃদৰোগত আক্ৰান্ত হয়। তেওঁৰ হৃদ স্পন্দনৰ হাৰ কমি গৈছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসকসকলে ১১-৪৪ বজাত তেওঁক মৃত বুলি ঘোষণা কৰিছিল৷’ প্ৰথম অৱস্থাত তেওঁক চিকিৎসালয়ত ২৯ দিনৰ বাবে ভৰ্তি কৰা হৈছিল৷ সেই দিনকেইটাৰ ভিতৰত তেওঁ ১৮ দিনেই আইচিইউত আছিল। তাৰ পাছত তেওঁ ভালদৰে আৰোগ্য হৈ ঘৰত আছিল৷ ইপিনে লাহিড়িৰ মৃত্যুৰ পাছৰে পৰা তেওঁৰ কন্যা ৰীমাৰ অৱস্থা যথেষ্ট বেয়া বুলি জানিব পৰা গৈছে৷ বাপ্পী লাহিড়িৰ মুম্বাইৰ জুহুৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ফলত মৃত্যু হয়। বাপ্পী লাহিড়িয়ে বলীউড জগতলৈ ডিস্কো সংগীতৰ ধাৰা অনাৰ বাবে জনাজাত আছিল। ডিস্কো ডান্সাৰ, শ্বাৰাবী, ডান্স ডান্সৰ দৰে চলচ্চিত্ৰ এলবামৰ সৈতে বাপ্পীয়ে ১৯৮০ৰ দশকত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান