--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰে মুম্বাইত ৬৯বছৰ বয়সত মৃত্যু ঘটে প্ৰখ্যাত সংগীতশিল্পী বাপ্পী লাহিড়িৰ। কিছুদিনৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ মৃত্যুৰ কেইঘণ্টামানৰ পূৰ্বে শিল্পীগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈছিল৷ এই কথা জানিবলৈ দিয়ে তেওঁৰ জোঁৱায়েক গোবিন্দ বনচালে৷ বনচালে সংবাদ মাধ্যমৰ আগত কয় যে, ‘তেওঁক তিনি সপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁ মঙলবাৰে নিশা প্ৰায় ৮:৩০-৯ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ ভিতৰতে তেওঁ হৃদৰোগত আক্ৰান্ত হয়। তেওঁৰ হৃদ স্পন্দনৰ হাৰ কমি গৈছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসকসকলে ১১-৪৪ বজাত তেওঁক মৃত বুলি ঘোষণা কৰিছিল৷’ প্ৰথম অৱস্থাত তেওঁক চিকিৎসালয়ত ২৯ দিনৰ বাবে ভৰ্তি কৰা হৈছিল৷ সেই দিনকেইটাৰ ভিতৰত তেওঁ ১৮ দিনেই আইচিইউত আছিল। তাৰ পাছত তেওঁ ভালদৰে আৰোগ্য হৈ ঘৰত আছিল৷ ইপিনে লাহিড়িৰ মৃত্যুৰ পাছৰে পৰা তেওঁৰ কন্যা ৰীমাৰ অৱস্থা যথেষ্ট বেয়া বুলি জানিব পৰা গৈছে৷ বাপ্পী লাহিড়িৰ মুম্বাইৰ জুহুৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ফলত মৃত্যু হয়। বাপ্পী লাহিড়িয়ে বলীউড জগতলৈ ডিস্কো সংগীতৰ ধাৰা অনাৰ বাবে জনাজাত আছিল। ডিস্কো ডান্সাৰ, শ্বাৰাবী, ডান্স ডান্সৰ দৰে চলচ্চিত্ৰ এলবামৰ সৈতে বাপ্পীয়ে ১৯৮০ৰ দশকত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ