--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুখ্যাত সোণৰ চোৰাং ব্যৱসায়ৰ গোচৰৰ মুখ্য অভিযুক্তই যোগদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থিত এটা এনজিঅ’ত যোগদান কৰে৷ অভিযুক্ত স্বপ্না সুৰেশে শুকুৰবাৰে আৰএছএছ সমৰ্থিত এনজিঅ’ এইচআৰডিএছ ইণ্ডিয়াত যোগদান কৰাৰ পাছতে চৰ্চালৈ আহে। ইডুক্কি জিলাৰ এনজিঅ'ৰ থোডুপুঝাৰ কাৰ্যালয়ত উপস্থিত হৈ এনজিঅ'টোৰ সঞ্চালক-কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ পদ গ্ৰহণ কৰিছিল স্বপ্নাই। এই নতুন চাকৰিত যোগদান কৰাৰ পাছত তেওঁ কয় যে, ই এটা জীৱিকাৰ উৎস হ’ব আৰু তেওঁৰ চাৰিওফালে থকা বিতৰ্কবোৰ নোহোৱা কৰাৰ সুবিধা লাভ কৰিব৷ এইচআৰডিএছৰ মতে, তেওঁ বেছিভাগ নতুন দিল্লীৰ এনজিঅ’ৰ কৰ্প’ৰেট কাৰ্যালয়ৰ পৰা কাম কৰিব। কেৰালাৰ উপৰি তামিলনাডু, গুজৰাট, ত্ৰিপুৰা, অসম, ঝাৰখণ্ডত এনজিঅ’টোৱে কাৰ্য সম্পাদন কৰি আহিছে৷ এনজিঅ’টোৰ পূৰ্বৰ সভাপতি এছ কৃষ্ণকুমাৰ কোল্লামৰ তিনিবাৰৰ কংগ্ৰেছ সাংসদ আছিল যি পাছত বিজেপিত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে, এনজিঅ'ৰ এজন সদস্যই জনোৱা মতে, 'আট্টাপাডিত জনজাতীয় লোকসকলৰ বাবে ঘৰ নিৰ্মাণৰ বাবে ইউএইৰ পৰা পুঁজি আনিবলৈ তেওঁক (সুৰেশ) লোৱা হৈছে।' এইচআৰডিএছ ইণ্ডিয়াই আটাইতকৈ প্ৰয়োজনীয় ব্যক্তিসকলক সহায় কৰিবলৈ তেওঁৰ 'সহায়ক প্ৰকৃতি' আৰু 'গতিশীল অৱদান'ৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে ২০২০ চনৰ ৫ জুলাইত শুল্ক বিভাগৰ বিষয়াসকলে তিৰুৱন্তপুৰম বিমানবন্দৰত ইউ.এ.ই. কনচুলেটৰ এজন ব্যক্তিক সম্বোধন কৰা কূটনৈতিক কাৰ্গোৰ পৰা ১৫ কোটি টকাৰ ৩০ কিলোগ্ৰাম সোণ জব্দ কৰে। ইউএই কনচুলেটত কাম কৰা সৰিথ পিএছক এই সন্দৰ্ভত আটক কৰা হৈছিল। পৰৱৰ্তী সময়ত, কেৰালা ৰাজ্যিক তথ্য প্ৰযুক্তি আন্তঃগাঁথনি লিমিটেডৰ মেনেজাৰ হিচাপে কাম কৰা এগৰাকী প্ৰাক্তন কনচুলেট কৰ্মচাৰী স্বপ্না সুৰেশ আৰু এম শিৱশংকৰকো এই গোচৰত গ্ৰেপ্তাৰ কৰা হয়। শুল্ক, ইডি আৰু ৰাজ্যিক আৰক্ষীয়ে দাখিল কৰা গোচৰত সুৰেশক গোচৰ ৰুজু কৰা হৈছিল আৰু পাছলৈ গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছত স্বপ্না ২০২১ৰ ৬ নৱেম্বৰত মুকলি আকাশৰ তললৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়