--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুখ্যাত সোণৰ চোৰাং ব্যৱসায়ৰ গোচৰৰ মুখ্য অভিযুক্তই যোগদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থিত এটা এনজিঅ’ত যোগদান কৰে৷ অভিযুক্ত স্বপ্না সুৰেশে শুকুৰবাৰে আৰএছএছ সমৰ্থিত এনজিঅ’ এইচআৰডিএছ ইণ্ডিয়াত যোগদান কৰাৰ পাছতে চৰ্চালৈ আহে। ইডুক্কি জিলাৰ এনজিঅ'ৰ থোডুপুঝাৰ কাৰ্যালয়ত উপস্থিত হৈ এনজিঅ'টোৰ সঞ্চালক-কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ পদ গ্ৰহণ কৰিছিল স্বপ্নাই। এই নতুন চাকৰিত যোগদান কৰাৰ পাছত তেওঁ কয় যে, ই এটা জীৱিকাৰ উৎস হ’ব আৰু তেওঁৰ চাৰিওফালে থকা বিতৰ্কবোৰ নোহোৱা কৰাৰ সুবিধা লাভ কৰিব৷ এইচআৰডিএছৰ মতে, তেওঁ বেছিভাগ নতুন দিল্লীৰ এনজিঅ’ৰ কৰ্প’ৰেট কাৰ্যালয়ৰ পৰা কাম কৰিব। কেৰালাৰ উপৰি তামিলনাডু, গুজৰাট, ত্ৰিপুৰা, অসম, ঝাৰখণ্ডত এনজিঅ’টোৱে কাৰ্য সম্পাদন কৰি আহিছে৷ এনজিঅ’টোৰ পূৰ্বৰ সভাপতি এছ কৃষ্ণকুমাৰ কোল্লামৰ তিনিবাৰৰ কংগ্ৰেছ সাংসদ আছিল যি পাছত বিজেপিত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে, এনজিঅ'ৰ এজন সদস্যই জনোৱা মতে, 'আট্টাপাডিত জনজাতীয় লোকসকলৰ বাবে ঘৰ নিৰ্মাণৰ বাবে ইউএইৰ পৰা পুঁজি আনিবলৈ তেওঁক (সুৰেশ) লোৱা হৈছে।' এইচআৰডিএছ ইণ্ডিয়াই আটাইতকৈ প্ৰয়োজনীয় ব্যক্তিসকলক সহায় কৰিবলৈ তেওঁৰ 'সহায়ক প্ৰকৃতি' আৰু 'গতিশীল অৱদান'ৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে ২০২০ চনৰ ৫ জুলাইত শুল্ক বিভাগৰ বিষয়াসকলে তিৰুৱন্তপুৰম বিমানবন্দৰত ইউ.এ.ই. কনচুলেটৰ এজন ব্যক্তিক সম্বোধন কৰা কূটনৈতিক কাৰ্গোৰ পৰা ১৫ কোটি টকাৰ ৩০ কিলোগ্ৰাম সোণ জব্দ কৰে। ইউএই কনচুলেটত কাম কৰা সৰিথ পিএছক এই সন্দৰ্ভত আটক কৰা হৈছিল। পৰৱৰ্তী সময়ত, কেৰালা ৰাজ্যিক তথ্য প্ৰযুক্তি আন্তঃগাঁথনি লিমিটেডৰ মেনেজাৰ হিচাপে কাম কৰা এগৰাকী প্ৰাক্তন কনচুলেট কৰ্মচাৰী স্বপ্না সুৰেশ আৰু এম শিৱশংকৰকো এই গোচৰত গ্ৰেপ্তাৰ কৰা হয়। শুল্ক, ইডি আৰু ৰাজ্যিক আৰক্ষীয়ে দাখিল কৰা গোচৰত সুৰেশক গোচৰ ৰুজু কৰা হৈছিল আৰু পাছলৈ গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছত স্বপ্না ২০২১ৰ ৬ নৱেম্বৰত মুকলি আকাশৰ তললৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ