--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৯ চনৰ শেষৰফালে উৎপত্তি হোৱা ক’ভিড ভাইৰাছৰ কৱলৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে বিশ্ব সম্প্ৰদায় মুকলি হোৱা নাই। ক'ভিডৰ কেইবাটাও পৰ্যায় অতিক্ৰম কৰাৰ মাজতে বিশ্বজুৰি প্ৰতিষেধক প্ৰয়োগৰ ফলত ক'ভিড মহামাৰীৰ আতংক হ্ৰাস পাইছিল যদিও পুনৰ বিশ্বৰ বহু কেইখন দেশত নতুনকৈ সংক্ৰমণ আৰম্ভ হৈছে। বিশ্বজুৰি মহা সন্ত্ৰাসৰ সৃষ্টি কৰা এই ক’ভিড ভাইৰাছৰ উৎপত্তিস্থল চীনতো ভাইৰাছ বিধৰ সংক্ৰমণ হ্ৰাস পোৱা নাই। দেশখনৰ বহুতো চহৰত শেহতীয়াকৈ পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে। 

নতুনকৈ সংক্ৰমিত এনে বহু তথ্য পোহৰলৈ অহাৰ পিছতে উক্ত অঞ্চল সমূহৰ প্ৰশাসনে সাৱধানতা অৱলম্বনৰ বাবে প্ৰাসঙ্গিক ব্যৱস্থা গ্ৰহণ কৰিছে। ক’ভিদৰ এই নতুন সংক্ৰমণ আৰম্ভ হোৱাৰ ফলত দেশখনত থকা বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰো ব্যাপকভাৱে প্ৰভাৱিত হৈছে। চীনৰ প্ৰযুক্তি কেন্দ্ৰ শ্বেনঝেনে আজি বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।  

চীনৰ দক্ষিণাঞ্চলৰ চহৰখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। শ্বেনঝেনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক জাননী মতে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ হুয়াকিয়াংবেই ক’ভিদ-১৯ ৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। 

হংকং স্থিত চাউথ চাইনা মৰ্ণিং পোষ্টৰ এক প্ৰতিবেদনত শ্বেনঝেন প্ৰদেশৰ অন্যতম বৃহৎ অপাৰেটৰ হুয়াকিয়াং ইলেক্ট্ৰনিকছ ৱৰ্ল্ডৰ উদ্ধৃতি দি কয় যে সকলো ভাৰাতীয়াই এই সময়ছোৱাত ঘৰৰ পৰা কাম কৰিব লাগিব আৰু প্ৰতিদিনে নিউক্লিক এচিড পৰীক্ষা কৰিব লাগিব।

উল্লেখ্য যে হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰ অঞ্চলৰ স্বাস্থ্য বিষয়াসকলে ক’ভিড পৰীক্ষাৰ সময়ত কৰ’ণাৰ লক্ষণ থথকাকেইবাগৰাকীও ৰোগী চিনাক্ত কৰিছিল। তাৰ পাছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সাৱধানতামূলক ব্যৱস্থা হিচাপে বজাৰখন অস্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিশাল অঞ্চলটোৰ তিনিটা মুখ্য অট্টালিকা অহা  ২ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব। এই অট্টালিকা কেইটাত মাইক্ৰ'চিপ, টেলিফোনৰ অংশ আৰু অন্যান্য বৈদ্যুতিক উপাদান বিক্ৰী কৰা হাজাৰ হাজাৰ ষ্টল আছে। ইয়াৰ সমসাময়িক ভাৱে হুয়াকিয়াংবেইস্থিত ২৪ টা মেট্ৰ' ষ্টেচনত ৰে’ল সেৱা স্থগিত ৰখা হৈছে বুলিও জানিব পৰা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে