--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৯ চনৰ শেষৰফালে উৎপত্তি হোৱা ক’ভিড ভাইৰাছৰ কৱলৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে বিশ্ব সম্প্ৰদায় মুকলি হোৱা নাই। ক'ভিডৰ কেইবাটাও পৰ্যায় অতিক্ৰম কৰাৰ মাজতে বিশ্বজুৰি প্ৰতিষেধক প্ৰয়োগৰ ফলত ক'ভিড মহামাৰীৰ আতংক হ্ৰাস পাইছিল যদিও পুনৰ বিশ্বৰ বহু কেইখন দেশত নতুনকৈ সংক্ৰমণ আৰম্ভ হৈছে। বিশ্বজুৰি মহা সন্ত্ৰাসৰ সৃষ্টি কৰা এই ক’ভিড ভাইৰাছৰ উৎপত্তিস্থল চীনতো ভাইৰাছ বিধৰ সংক্ৰমণ হ্ৰাস পোৱা নাই। দেশখনৰ বহুতো চহৰত শেহতীয়াকৈ পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে। 

নতুনকৈ সংক্ৰমিত এনে বহু তথ্য পোহৰলৈ অহাৰ পিছতে উক্ত অঞ্চল সমূহৰ প্ৰশাসনে সাৱধানতা অৱলম্বনৰ বাবে প্ৰাসঙ্গিক ব্যৱস্থা গ্ৰহণ কৰিছে। ক’ভিদৰ এই নতুন সংক্ৰমণ আৰম্ভ হোৱাৰ ফলত দেশখনত থকা বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰো ব্যাপকভাৱে প্ৰভাৱিত হৈছে। চীনৰ প্ৰযুক্তি কেন্দ্ৰ শ্বেনঝেনে আজি বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।  

চীনৰ দক্ষিণাঞ্চলৰ চহৰখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। শ্বেনঝেনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক জাননী মতে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ হুয়াকিয়াংবেই ক’ভিদ-১৯ ৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। 

হংকং স্থিত চাউথ চাইনা মৰ্ণিং পোষ্টৰ এক প্ৰতিবেদনত শ্বেনঝেন প্ৰদেশৰ অন্যতম বৃহৎ অপাৰেটৰ হুয়াকিয়াং ইলেক্ট্ৰনিকছ ৱৰ্ল্ডৰ উদ্ধৃতি দি কয় যে সকলো ভাৰাতীয়াই এই সময়ছোৱাত ঘৰৰ পৰা কাম কৰিব লাগিব আৰু প্ৰতিদিনে নিউক্লিক এচিড পৰীক্ষা কৰিব লাগিব।

উল্লেখ্য যে হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰ অঞ্চলৰ স্বাস্থ্য বিষয়াসকলে ক’ভিড পৰীক্ষাৰ সময়ত কৰ’ণাৰ লক্ষণ থথকাকেইবাগৰাকীও ৰোগী চিনাক্ত কৰিছিল। তাৰ পাছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সাৱধানতামূলক ব্যৱস্থা হিচাপে বজাৰখন অস্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিশাল অঞ্চলটোৰ তিনিটা মুখ্য অট্টালিকা অহা  ২ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব। এই অট্টালিকা কেইটাত মাইক্ৰ'চিপ, টেলিফোনৰ অংশ আৰু অন্যান্য বৈদ্যুতিক উপাদান বিক্ৰী কৰা হাজাৰ হাজাৰ ষ্টল আছে। ইয়াৰ সমসাময়িক ভাৱে হুয়াকিয়াংবেইস্থিত ২৪ টা মেট্ৰ' ষ্টেচনত ৰে’ল সেৱা স্থগিত ৰখা হৈছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু