--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কত পুনৰ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েব এৰদোগানে। অহা ৫ বছৰলৈ তেওঁৱেই তুৰস্কৰ ৰাষ্ট্ৰপতি হ’ব। নিৰ্বাচনত এৰদোগানে ৫২.১ শতাংশ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বীক নিৰ্বাচনত হৰুৱাইছে। এৰদোগানৰ বিজয়ৰ পাছত নিশ্চিতভাৱে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এৰদোগানৰ বিজয়ৰ পিছত ভাৰতৰ সৈতে তুৰস্কৰ সম্পৰ্ক কেনেকুৱা হ’ব?

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত বহুবাৰ দেখা গৈছে যে তুৰস্কই পাকিস্তানৰ পক্ষ লৈ কাশ্মীৰ সমস্যা সমাধানৰ ওপৰত জোৰ দিছে। যোৱা কেইবছৰমানৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কাশ্মীৰ বিষয়ক লৈ তুৰ্কীয়ে মাত মাতি আহিছে।

এতিয়া প্ৰশ্ন হ’ল আগন্তুক ৫ বছৰত ভাৰত আৰু তুৰস্কৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছেনে? উল্লেখ্য যে চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত ভয়ংকৰ ভূমিকম্পৰ ফলত দেশখনৰ অৰ্থনীতি ভাঙি পৰে। প্ৰকৃতিৰ ধ্বংসলীলাত সমগ্ৰ তুৰ্কী প্ৰায় বিধ্বস্ত হৈ পৰে। এনে পৰিস্থিতিত ভাৰতে ইয়াৰ পৰা ১৫১ জন জোৱান আৰু তিনিটা ডগ স্কোয়াড সহ এন ডি আৰ এফৰ দল পঠিয়াইছিল। বৃহৎ পৰিমাণৰ উদ্ধাৰ আৰু সাহায্য সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল। ভাৰতৰ পৰা তুৰস্কলৈ ঔষধৰ বৃহৎ চালান প্ৰেৰণ কৰা হয়। ভাৰতে এই অভিযানৰ নাম ৰাখিছিল ‘অপাৰেচন দোস্ত’।

তুৰস্কত যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল তেতিয়া ভাৰতে সকলো অভিযোগ একাষৰীয়া কৰি মানৱতাক প্ৰথম স্থান দি সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতৰ এই পদক্ষেপক তুৰস্কৰ জনসাধাৰণে অতিশয় শলাগ লৈছিল আৰু এন ডি আৰ এফৰ দলটোক প্ৰশংসাৰে উপচাই তুৰস্কৰ পৰা পঠিয়াই দিয়া হৈছিল।

ইপিনে, শেহতীয়াকৈ ভাৰতৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ বৈঠকত ৪খন দেশে অংশগ্ৰহণ কৰা নাছিল। এই চাৰিখন দেশৰ ভিতৰত তুৰস্কও আছিল। আচলতে তুৰস্ক ইছলামিক কৰ্প’ৰেশ্যন বা অ’আইচিৰ অংশ। পাকিস্তানো এই সংগঠনৰ সদস্য আৰু সময়ে সময়ে অ’আইচিৰ আগত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ইয়াৰ বাবেই অ’আইচিৰ বহু সদস্যই কাশ্মীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰে। পাকিস্তানৰ প্ৰতি তুৰ্কীৰ প্ৰীতি ইয়াৰ মনোভাৱত দেখা যায়। ইয়াৰ বাবেই তুৰ্কীয়ে জি-২০ৰ বৈঠকৰ পৰা বিৰত থাকে। অৱশ্যে এই সন্দৰ্ভত এই দেশে কোনো স্পষ্ট প্ৰতিক্ৰিয়া দিয়া নাই। এতিয়া আগন্তুক ৫ বছৰত ভাৰতৰ সৈতে এৰদোগানৰ সম্পৰ্ক কেনেকুৱা হয় সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ