--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কত পুনৰ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েব এৰদোগানে। অহা ৫ বছৰলৈ তেওঁৱেই তুৰস্কৰ ৰাষ্ট্ৰপতি হ’ব। নিৰ্বাচনত এৰদোগানে ৫২.১ শতাংশ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বীক নিৰ্বাচনত হৰুৱাইছে। এৰদোগানৰ বিজয়ৰ পাছত নিশ্চিতভাৱে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এৰদোগানৰ বিজয়ৰ পিছত ভাৰতৰ সৈতে তুৰস্কৰ সম্পৰ্ক কেনেকুৱা হ’ব?

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত বহুবাৰ দেখা গৈছে যে তুৰস্কই পাকিস্তানৰ পক্ষ লৈ কাশ্মীৰ সমস্যা সমাধানৰ ওপৰত জোৰ দিছে। যোৱা কেইবছৰমানৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কাশ্মীৰ বিষয়ক লৈ তুৰ্কীয়ে মাত মাতি আহিছে।

এতিয়া প্ৰশ্ন হ’ল আগন্তুক ৫ বছৰত ভাৰত আৰু তুৰস্কৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছেনে? উল্লেখ্য যে চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত ভয়ংকৰ ভূমিকম্পৰ ফলত দেশখনৰ অৰ্থনীতি ভাঙি পৰে। প্ৰকৃতিৰ ধ্বংসলীলাত সমগ্ৰ তুৰ্কী প্ৰায় বিধ্বস্ত হৈ পৰে। এনে পৰিস্থিতিত ভাৰতে ইয়াৰ পৰা ১৫১ জন জোৱান আৰু তিনিটা ডগ স্কোয়াড সহ এন ডি আৰ এফৰ দল পঠিয়াইছিল। বৃহৎ পৰিমাণৰ উদ্ধাৰ আৰু সাহায্য সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল। ভাৰতৰ পৰা তুৰস্কলৈ ঔষধৰ বৃহৎ চালান প্ৰেৰণ কৰা হয়। ভাৰতে এই অভিযানৰ নাম ৰাখিছিল ‘অপাৰেচন দোস্ত’।

তুৰস্কত যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল তেতিয়া ভাৰতে সকলো অভিযোগ একাষৰীয়া কৰি মানৱতাক প্ৰথম স্থান দি সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতৰ এই পদক্ষেপক তুৰস্কৰ জনসাধাৰণে অতিশয় শলাগ লৈছিল আৰু এন ডি আৰ এফৰ দলটোক প্ৰশংসাৰে উপচাই তুৰস্কৰ পৰা পঠিয়াই দিয়া হৈছিল।

ইপিনে, শেহতীয়াকৈ ভাৰতৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ বৈঠকত ৪খন দেশে অংশগ্ৰহণ কৰা নাছিল। এই চাৰিখন দেশৰ ভিতৰত তুৰস্কও আছিল। আচলতে তুৰস্ক ইছলামিক কৰ্প’ৰেশ্যন বা অ’আইচিৰ অংশ। পাকিস্তানো এই সংগঠনৰ সদস্য আৰু সময়ে সময়ে অ’আইচিৰ আগত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ইয়াৰ বাবেই অ’আইচিৰ বহু সদস্যই কাশ্মীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰে। পাকিস্তানৰ প্ৰতি তুৰ্কীৰ প্ৰীতি ইয়াৰ মনোভাৱত দেখা যায়। ইয়াৰ বাবেই তুৰ্কীয়ে জি-২০ৰ বৈঠকৰ পৰা বিৰত থাকে। অৱশ্যে এই সন্দৰ্ভত এই দেশে কোনো স্পষ্ট প্ৰতিক্ৰিয়া দিয়া নাই। এতিয়া আগন্তুক ৫ বছৰত ভাৰতৰ সৈতে এৰদোগানৰ সম্পৰ্ক কেনেকুৱা হয় সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ