--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি পুৱাতে চিবিআইয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটৰ ভাতৃ অগ্ৰসেন গেহলটৰ যোধপুৰৰ বাসভৱনত তালাচী চলায়৷ অগ্ৰসেন গেহলট এগৰাকী সাৰ ব্যৱসায়ী আৰু পূৰ্বে প্ৰৱৰ্তন সঞ্চালকালয়ে সাৰ কেলেংকাৰীৰ অভিযোগত তেওঁক সোধা-পোছা কৰিছিল।

ৰাহুল গান্ধীক ইডিয়ে জেৰা কৰি থকাৰ সময়তে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ কৰি অহাৰ সময়তে চিবিআইৰ এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইউপিএ চৰকাৰ শাসনত থাকোতে ২০০৭ পৰা ২০০৯ চনৰ ভিতৰত ৰাজসাহায্যযুক্ত সাৰ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷

সূত্ৰ অনুসৰি, ২০০৭ চনৰ পৰা ২০০৯ চনলৈ অগ্ৰসেন গেহলটে বিদেশলৈ বৃহৎ পৰিমাণৰ মুৰিয়াট পটাছ (এমঅপি) ৰপ্তানি কৰিছিল যিটো ভাৰতীয় কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত হাৰত আছিল।

এমঅপি দেশৰ দৰিদ্ৰ কৃষকসকলৰ বাবে আছিল। অগ্ৰসেন গেহলটে তেওঁৰ প্ৰতিষ্ঠানঅনুপম কৃষি জৰিয়তে ৰাজসাহায্যযুক্ত হাৰত এমঅপি ক্ৰয় কৰে আৰু পাছত উচ্চ হাৰত মালয়েছিয়া আৰু ভিয়েটনামৰ দৰে দেশক বিক্ৰী কৰে৷ ২০২০ চনত ইডিয়ে তালাচী চলাই এই তথ্য সদৰী কৰিছিল৷


২০০৭ চনৰ সাৰ কেলেংকাৰী:

২০০৭ৰ সাৰ কেলেংকাৰীৰ অৰ্থ হৈছে পটাছৰ মুৰিয়াটৰ অবৈধ ৰপ্তানি, যাক ইণ্ডিয়ান পটাছ লিমিটেডে (আইপিএল) আমদানি কৰে আৰু ভাৰতীয় কৃষকসকলক বিতৰণ কৰে।

অভিযোগ কৰা হৈছে যে গেহলটে ২০০৭-২০০৯ চনত বিদেশলৈ ৩৫,০০০ টন এমঅপি ৰপ্তানি কৰিছিল, যিটো প্ৰকৃততে ভাৰতীয় কৃষকসকলৰ বাবে ৰাজসাহায্যপ্ৰাপ্ত হাৰত আছিল। ইডিয়ে এইটোও কৈছিল যে ঔদ্যোগিক নিমখৰ ছদ্মবেশত মালয়েছিয়া আৰু ছিংগাপুৰলৈ এমঅপিক ৰপ্তানি কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, কেলেংকাৰীটোৰ ১৫০কোটি টকাক বুলি কোৱা হৈছে। ইতিমধ্যে গেহলট আৰু তেওঁৰ কোম্পানীক পূৰ্বে এইক্ষেত্ৰত প্ৰায় কোটি টকাৰ শুল্ক জৰিমনা বিহা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে