--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি পুৱাতে চিবিআইয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটৰ ভাতৃ অগ্ৰসেন গেহলটৰ যোধপুৰৰ বাসভৱনত তালাচী চলায়৷ অগ্ৰসেন গেহলট এগৰাকী সাৰ ব্যৱসায়ী আৰু পূৰ্বে প্ৰৱৰ্তন সঞ্চালকালয়ে সাৰ কেলেংকাৰীৰ অভিযোগত তেওঁক সোধা-পোছা কৰিছিল।

ৰাহুল গান্ধীক ইডিয়ে জেৰা কৰি থকাৰ সময়তে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ কৰি অহাৰ সময়তে চিবিআইৰ এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইউপিএ চৰকাৰ শাসনত থাকোতে ২০০৭ পৰা ২০০৯ চনৰ ভিতৰত ৰাজসাহায্যযুক্ত সাৰ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷

সূত্ৰ অনুসৰি, ২০০৭ চনৰ পৰা ২০০৯ চনলৈ অগ্ৰসেন গেহলটে বিদেশলৈ বৃহৎ পৰিমাণৰ মুৰিয়াট পটাছ (এমঅপি) ৰপ্তানি কৰিছিল যিটো ভাৰতীয় কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত হাৰত আছিল।

এমঅপি দেশৰ দৰিদ্ৰ কৃষকসকলৰ বাবে আছিল। অগ্ৰসেন গেহলটে তেওঁৰ প্ৰতিষ্ঠানঅনুপম কৃষি জৰিয়তে ৰাজসাহায্যযুক্ত হাৰত এমঅপি ক্ৰয় কৰে আৰু পাছত উচ্চ হাৰত মালয়েছিয়া আৰু ভিয়েটনামৰ দৰে দেশক বিক্ৰী কৰে৷ ২০২০ চনত ইডিয়ে তালাচী চলাই এই তথ্য সদৰী কৰিছিল৷


২০০৭ চনৰ সাৰ কেলেংকাৰী:

২০০৭ৰ সাৰ কেলেংকাৰীৰ অৰ্থ হৈছে পটাছৰ মুৰিয়াটৰ অবৈধ ৰপ্তানি, যাক ইণ্ডিয়ান পটাছ লিমিটেডে (আইপিএল) আমদানি কৰে আৰু ভাৰতীয় কৃষকসকলক বিতৰণ কৰে।

অভিযোগ কৰা হৈছে যে গেহলটে ২০০৭-২০০৯ চনত বিদেশলৈ ৩৫,০০০ টন এমঅপি ৰপ্তানি কৰিছিল, যিটো প্ৰকৃততে ভাৰতীয় কৃষকসকলৰ বাবে ৰাজসাহায্যপ্ৰাপ্ত হাৰত আছিল। ইডিয়ে এইটোও কৈছিল যে ঔদ্যোগিক নিমখৰ ছদ্মবেশত মালয়েছিয়া আৰু ছিংগাপুৰলৈ এমঅপিক ৰপ্তানি কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, কেলেংকাৰীটোৰ ১৫০কোটি টকাক বুলি কোৱা হৈছে। ইতিমধ্যে গেহলট আৰু তেওঁৰ কোম্পানীক পূৰ্বে এইক্ষেত্ৰত প্ৰায় কোটি টকাৰ শুল্ক জৰিমনা বিহা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ