--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুগত বহু লোকৰ দিনটো আৰম্ভ হয় এলাৰ্মৰ শব্দত। ইয়াৰ লগে লগে পুৱা উঠি গোটেই দিনটোৰ বাবে আৰম্ভ হয় দৌৰাদৌৰি। নিজা কাৰ্যালয়ৰ মাজতে ল’ৰা-ছোৱালী আৰু পৰিয়ালৰো যত্ন ল’বলগীয়া হয়। ইমানবোৰ কাম একেলগে চম্ভালি থকাৰ সময়ত বহুতে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পাহৰি যায়। একাংশ লোক অধিক ব্যস্ত হৈ সময়ৰ নাটনিত ব্ৰেকফাষ্ট পৰ্যন্ত এৰি দিয়ে। এনে সময়তে তেওঁলোক শাৰীৰিক জটিলতাৰ সন্মুখীন হয়। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে দিনটো প্ৰথমে আৰম্ভ কৰক পুষ্টিকৰ ব্ৰেকফাষ্টৰে। সেয়েহে কম সময়ৰ ভিতৰত ১০টা পুষ্টিকৰ ব্ৰেকফাষ্ট ৰেচিপি জানি লওঁক।

 ১. ওটছ আৰু কলৰ স্মুদি খাব পাৰে। প্ৰথমে কলটো সৰু সৰুকৈ কাটি লওক। এতিয়া মিক্সাৰত ওটছ, কলৰ টুকুৰা, গাখীৰ, গুটি উলিয়াই খেজুৰৰ লগত মিহলাই লওক। তাত অলপ ক’ক’ পাউদাৰ দিব পাৰে। এনেদৰে আপুনি প্ৰতিদিনে এই Oats and Banana Smoothie খাব পাৰে।

২. চাটনি চেণ্ডুইচ বনাব পাৰে। প্ৰথমে পদিনা আৰু ধনীয়াৰে চাটনি বনাই লওঁক। আগৰ নিশাও এই চাটনি বনাই থ’ব পাৰে। এতিয়া দুই টুকুৰা ব্ৰেড লৈ এই পদিনা চাটনিখিনি মাজত দি ননষ্টিক কেৰাহীত অলপ গৰম কৰি ব্ৰাটাৰ দি ৰুটিখন সেকি ল’ব পাৰে।

৩. ব্ৰেড আৰু পোহা বনাব পাৰে। বনাবলৈ বৰ সহজ, আলু, পিঁয়াজ, সৰিয়হ, নিমখ, হালধি, সেউজীয়া মৰিচা, নেমুৰ ৰস আৰু ধনীয়াপাত দি এই খাদ্য বনাব পাৰে। প্ৰথমে কেৰাহীত তেল গৰম কৰি অলপমান সৰিয়হ তেল দিব। তেল গৰম হ’লে পিঁয়াজ, হালধি, নিমখ, আলু বা আন যিকোনো শাক-পাচলিৰ লগতে ৰুটিৰ টুকুৰাখিনি লৰাই ভাজিবলৈ আৰম্ভ কৰক। ভজা হোৱাৰ পাছত ধনীয়াপাত ব্ৰেড পোহা পৰিৱেশন কৰক।

৪. মৌৰে পেনকেক বনাব পাৰি। এটা বাটিত গাখীৰ, আটা, বেকিং চ’ডা আৰু ব্ৰাটাৰৰ লগত কণী এটাৰে একেলগে পেষ্ট কৰি লওক। এতিয়া কেৰাহী গৰম হ’লে অলপ বাটাৰ দি পেষ্টখিনি দি ঢাকনি দিয়ক। কাৰণ ঢাকনি দিলে সোনকালে সিজিব। অলপ সময়ৰ পাছত লুটিয়াই দিব যাতে দুয়োফালে ভালদৰে সিজে। এতিয়া নমাই তাৰ ওপৰত মৌ ঢালি দিব।

৫. বনাব পাৰে ব্ৰেড আৰু ভেজিটেবল টোষ্ট। প্ৰথমে যিকোনো শাক-পাচলি ভাজি লওঁ। এতিয়া ব্ৰেডখন সেকি লৈ সবজিখিনি ভৰাই দি অতি কম তেল দি দুয়োফালে আকৌ সেকি গৰমে গৰমে পৰিৱেশন কৰিব পাৰে।

৬. ওটছ খিচুৰি বনাব পাৰি। এই ৰেচিপিটো অতি সহজ। আগনিশা সকলো উপযোগী শাক-পাচলি সৰু সৰুকৈ কাটি লওক। পুৱা প্ৰথমে পাচলিখিনি ভাজি অন্য এটা পাত্ৰত উলিয়াই লওঁক। কেৰাহীত পানী দিব উতলিলে ওটছ, পৰিমাণ অনুসৰি নিমখ, জলকীয়া, হালধি দিব। এতিয়া ভজা পাচলিখিনি দি লৰাই থাকিব। এনেদৰে সহজে প্ৰস্তুত কৰিব পাৰি ওটছ খিচুৰি।

৭. বনাব পাৰে চিৰা পোলাও। ইয়াক বনাবলৈ গাজৰ, কেপচিকাম, বীন আদি উপযোগী শাক-পাচলিৰ প্ৰয়োজন হয়। আগদিনা নিশা এই শাক-পাচলিবোৰ কাটি লওক। এতিয়া পুৱা উঠি পাচলিখিনি ধুই লৈ শাক-পাচলিখিনি ভাজিব। চিৰাখিনিও গৰম পানীয়ে ধুই পাচলিখিনিৰ লগত দি দিব, এতিয়া প্ৰয়োজন অনুসাৰে নিমখ, হালধি দি লৰাই থাকিব। সহজে প্ৰস্তুত চিৰা পোলাও।

৮. অংকুৰিত চালাডো খাব পাৰে। এবাটিত গজালি ওলোৱা মগুৰ লগত পিঁয়াজ, তিঁয়হ, জলকীয়া আৰু বিলাহী মিহিকৈ কাটি দিব, সোৱাদ অনুসৰি নিমখ আৰু চাত মছলা দি চালাড প্ৰস্তুত কৰা হয়। ইয়াত অধিক পৰিমাণে প্ৰটিন পোৱা যায় আৰু ইচ্ছা কৰিলে ইয়াত নেমুৰ ৰস দিব পাৰে।

৯. পুৱা আহাৰত পিনাট বাটাৰ টোষ্ট অতি পুষ্টিকৰ বুলি ধৰা হয়। বহু লোকে পুৱা সময়ৰ অভাৱৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিব নোৱাৰে। এনে পৰিস্থিতিত পিনাট বাটাৰ টোষ্ট অতি সহজে প্ৰস্তুত কৰিব পাৰে। ইয়াত অধিক প্ৰটিন থাকে বাবে শৰীৰ সুস্থ ৰখাত সহায় কৰে। দুটুকুৰা ব্ৰেডৰ লগত পিনাট বাটাৰ দি সৰু সৰুকৈ কলৰ টুকুৰা কাটি দিব পাৰে। এনেদৰে প্ৰতিদিনে পিনাট বাটাৰ টোষ্ট খাব পাৰে ইয়াত যথেষ্ট পৰিমাণে পুষ্টিকৰ বুলিব পাৰি।

১০. আলুৰ পোহা বনাব পাৰে। আলু, পিঁয়াজ, নিমখ, হালধি, সৰিয়হ, সেউজীয়া জলকীয়া, নেমুৰ ৰস আৰু ধনীয়া পাত দি এই খাদ্য বনাব পাৰে। চিৰাখিনি অতি কম সময়ৰ বাবে তিয়াই থওক। আলু বয়ল কৰি ঘনকৈ কাটি লব। কেৰাহীত তেল গৰম হ’লে সৰিয়হ দি পিঁয়াজ আৰু জলকীয়াখিনি দি লৰাই দিব। এতিয়া সিজোৱা আলু আৰু চিৰাখিনি দি ভজা হ’লে নমাই ধনীয়া পাত আৰু নেমুৰ ৰস দিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু