--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাদ মাহৰ কৃষ্ণ পক্ষৰ একাদশীক অজা একাদশী বোলা হয়। এইবাৰ এই একাদশী ২৩ আগষ্টত পৰিছে। এই একাদশীৰ বিশেষ তাৎপৰ্য্য হিন্দু ধৰ্মত কোৱা হৈছে। শাস্ত্ৰ অনুসৰি এই একাদশীৰ উপবাসৰ বিশেষ তাৎপৰ্য্য আছে আৰু উপবাস কৰাৰ সমান্তৰালভাৱে আজিৰ দিনটোত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হৈ আপোনাক ধন আৰু সমৃদ্ধি প্ৰদান কৰে। আজি আমি আপোনালোকক এই প্ৰতিকাৰৰ বিষয়ে ক'ম।

১)কেশৰ আৰু চন্দনৰ প্ৰতিকাৰঃ ভগৱান বিষ্ণু আৰু লক্ষ্মী পূজাত চন্দন আৰু কেশৰৰ বিশেষ তাৎপৰ্য্য আছে। অজা একাদশীৰ দিনা বিধান অনুসৰি ভগৱান বিষ্ণুক পূজা কৰি তাৰ পিছত হালধীয়া চন্দন আৰু কেশৰত গোলাপজল মিহলাই ভগৱান বিষ্ণুক তিলক অৰ্পণ কৰি নিজৰ কপালত তিলক লগাই ঘৰৰ পৰা শুভ কামত যাওক। এনে কৰিলে আপোনাৰ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ’ব আৰু আপোনাৰ ঘৰত দেৱী লক্ষ্মী বাস কৰিব।

২)পাণৰ প্ৰতিকাৰঃ অজা একাদশীৰ দিনা পাণত ৰোলী বা কুমকুমৰ সৈতে শ্ৰী লিখি এই পাণবোৰ ভগৱান বিষ্ণুক আগবঢ়াই দিব লাগে। পূজা সম্পূৰ্ণ কৰাৰ পিছত এই পাণবোৰ ৰঙা কাপোৰেৰে মেৰিয়াই নিজৰ চেল্ফত ৰাখিব লাগে। এনে কৰিলে আপুনি চাকৰিত নতুন নতুন সুযোগ পাব আৰু আপোনাৰ ব্যৱসায়ো নিৰন্তৰভাৱে বৃদ্ধি পায়।

৩)ছোৱালীক ক্ষীৰ খুৱাওকঃ শাস্ত্ৰত কোৱা হৈছে যে বিশেষ শুভ তাৰিখত ছোৱালীৰ সেৱা কৰাতকৈ ডাঙৰ গুণ নাই। অজা একাদশীৰ দিনা সাতজনী ছোৱালীক কেশৰ ক্ষীৰ আগবঢ়াওক আৰু ভৰি স্পৰ্শ কৰি সন্মানসহকাৰে বিদায় দিয়ক। আপোনাৰ এই ভাল কাম দেখি দেৱী লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হ’ব আৰু আপোনাৰ আৰ্থিক সমস্যাও দূৰ হ’ব।

ইচ্ছা পূৰণ কৰাৰ উপায়

অজা একাদশীত ভগৱান শ্ৰীকৃষ্ণক নাৰিকল আৰু বাদামৰ ভোগ অৰ্পণ কৰক আৰু তাৰ পিছত ২৭ একাদশী পৰ্যন্ত এই প্ৰতিকাৰ কৰিলে আপুনি বিশেষ ফল পাব আৰু আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব। এই অৰ্পণ কৰা নাৰিকল আৰু বাদামৰ ভোগ পূজা কৰাৰ পাছত সৰু ল’ৰা-ছোৱালীক খাবলৈ দিয়ক।

দক্ষিণাৱৰ্তী শংখেৰে পূজা কৰক

অজা একাদশী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক পূজা কৰিব লাগিব। দক্ষিণাৱৰ্তী শংখত কেঁচা গাখীৰ আৰু কেশৰ ভৰাই ভগৱান বিষ্ণুৰ অভিষেক কৰক। এনে কৰিলে আপোনাৰ ঘৰত কেতিয়াও খাদ্যশস্যৰ অভাৱ নহয়, কোনো অতিথিয়ে কেতিয়াও খালী হাতে নাযায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান