--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ বালাছ’ৰ জিলাত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত এনে বহু দৃশ্যই চৰ্চালৈ আহিছে যিয়ে যিকোনো ব্যক্তিক আৱেগিক কৰি তুলিব পাৰে। মানুহে নিজৰ বিচাৰি নোপোৱা আপোনজনক বিচাৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। কোনোবাই মৃতদেহৰ 'দ’ম'ত আপোনজনৰ সন্ধানত আছে, আনহাতে আপোনজনৰ জীয়াই থকাৰ আশা এৰি নিদিয়া বহু লোক আছে। তেনে এটা দৃশ্য বালাছ’ৰ এটা মৰ্গত  দেখা গ’ল।

এজন পিতৃৰ বিশ্বাসৰ বাবেই তেওঁ পুত্ৰক যেন জীয়াই ৰাখিলে। আচলতে কৰ’মণ্ডল এক্সপ্ৰেছত থকা বিশ্বজিৎ মালিক (২৪) নামৰ এজন যুৱকৰ পিতৃ হেলাৰাম মালিকে এই দুৰ্ঘটনাত পুত্ৰই প্ৰাণ হেৰুৱাইছে বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ পিতৃয়ে কলকাতাৰ পৰা ২৩০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰি পুত্ৰক বিচাৰি বালাছ’ৰ পালে। তাত তেওঁ পুত্ৰক মৰ্গত পাই যদিও পুত্ৰক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছত তেওঁলোকে বিশ্বজিতক উন্নত চিকিৎসাৰ বাবে পুনৰ কলকাতালৈ লৈ আহে।

পুত্ৰৰ মৃত্যুৰ খবৰটো হেলাৰাম মালিকে বিশ্বাস কৰা নাছিল। দুৰ্ঘটনাত বিশ্বজিৎ আহত হোৱাৰ পিছত এছ এছ কে এম হাস্পতালৰ ট্ৰমা কেয়াৰ ইউনিটত অস্ত্ৰোপচাৰ কৰা হয়। এতিয়া তেওঁৰ আৰু এটা অস্ত্ৰোপচাৰ হ’ব। গুৰুতৰভাৱে আহত যদিও সুস্থিৰ। বিশ্বজিতক শালিমাৰ ষ্টেচনত নমাই দিয়াৰ ঘণ্টাৰ পিছত শুকুৰবাৰে (২ জুন) এই দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি হাওৰাৰ দোকানী হেলাৰামে  বিশ্বজিতক ফোন কৰে, কিন্তু সিটো মূৰৰ পৰা মাথোঁ হুমুনিয়াহহে আহিল।তাৰ পিছত হেলাৰাম সেইদিনা ৰাতি বালাছ’ৰলৈ ৰাওনা হ’ল, লগত স্থানীয় এম্বুলেন্সৰ চালক পলাশ পণ্ডিত আৰু তেওঁৰ ভায়েক দীপক দাস। সেই নিশা তেওঁ ২৩০ কিলোমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰিছিল যদিও বালাছ’ৰ পোৱাৰ পিছত কোনো চিকিৎসালয়তে পুত্ৰক বিচাৰি নাপালে।

দাসে কয় যে, "আমি কেতিয়াও হাৰ নামানিলোঁ। তেওঁ জীয়াই আছে বুলি আশা কৰি তাত মানুহক প্ৰশ্ন কৰি থাকিলোঁ। এজন ব্যক্তিয়ে আমাক কৈছিল যে যদি আমি হস্পিতালত কাৰোবাক নাপাওঁ তেন্তে বহানাগা হাইস্কুললৈ যাব লাগে, য'ত মৃতদেহসমূহ আছে। 'আমি কথাটো  গ্ৰহণ কৰিব নোৱাৰিলোঁ, কিন্তু তালৈ গ'লোঁ। তাত অস্থায়ী মৰ্গত তেওঁলোকৰ চকুৰ সন্মুখত মৃতদেহবোৰ গোট খাই আছিল। আমাক নিজে মৃতদেহবোৰ চাবলৈ দিয়া হোৱা নাছিল।তাত কোনোবাই মৃতদেহৰ হাতখন লৰচৰ কৰি থকা দেখি অলপ পিছত হুলস্থুল হ'ল। আমি তাত থকাৰ পৰাই দেখিলোঁ এই হাতখন বিশ্বজিতৰ, যিজন অচেতন আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত। আমি লগে লগে তেওঁক লৈ গ'লোঁ। তাৰ অৱস্থা দেখি কাটক মেডিকেল কলেজ হাস্পতাললৈ ৰেফাৰ কৰিলে, কিন্তু আমি তেওঁক লগত লৈ আহিলোঁ।"

এই সন্দৰ্ভত চিকিৎসকে কয় যে বিপুল সংখ্যক আহত আৰু এই ধৰণৰ ভিৰৰ বাবে চিকিৎসকেও শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ ওচৰৰ পৰা চাবলৈ সময় নাপায়। বিশেষজ্ঞসকলেও এই উদ্ধাৰ অভিযানত কিছুমান অচিকিৎসক ব্যক্তিও জড়িত বুলি জানিবলৈ দিয়ে। এনে ক্ষেত্ৰত যদি কোনো আঘাতপ্ৰাপ্ত ব্যক্তি অচেতন হৈ আছিল, তেন্তে সেই লোকসকলে এনে ব্যক্তিক মৃত বুলি ভুল কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস