--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। গৰাকীৰ প্ৰতি অতি নিষ্ঠাৱান হোৱা বাবে কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। গৰাকীৰ মৃত্যুৰ পাছত বছৰ বছৰ ধৰি ৰে’ল ষ্টেচনত মালিকৰ বাবে অপেক্ষা কৰি থকা জাপানৰ নিষ্ঠাবান কুকুৰ হাচিকোৰ হৃদয়বিদাৰক কাহিনীটো মনত আছেনে? দশক দশক ধৰি এই কাহিনীয়ে প্ৰমাণ কৰি আহিছে যে কুকুৰ সঁচাকৈয়ে ‘মানুহৰ বেষ্ট ফ্ৰেণ্ড’ উপাধিটোৰ যোগ্য। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আমেৰিকাৰ এটা কুকুৰৰ কাহিনী। আমি একেবাৰে নিশ্চিত যে কুকুৰটোৰ কাহিনীয়ে আপোনাকো আৱেগিক কৰি তুলিব।

গৰাকীৰ বাবে কুকুৰে সকলো কৰিব পাৰে, সেই কথা সময়ে সময়ে প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ আমেৰিকাত এটা কুকুৰে ৭০ ফুট তললৈ পৰি যোৱা তাৰ ৫৩ বছৰীয়া মালিকক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰকাৰী দলক নেতৃত্ব দিয়ে। যাৰ বাবে প্ৰাণৰক্ষা হয় গৰাকীৰ। কেলিফৰ্ণিয়াৰ নেভাদা কাউন্টিত সংঘটিত হয় এই ঘটনা।

বিষয়াসকলে জনোৱা মতে, কুকুৰটো আৰু তাৰ মালিকে টাহো নেচনেল ফৰেষ্টৰ ওচৰত হাইকিং কৰি থকাৰ সময়তে মালিকজন ৭০ ফুট তললৈ পৰি যায়। তলত পৰি যোৱাৰ ফলত লোকজনৰ নিতম্ব আৰু ভৰিৰ হাড় ভাঙি যায়। লোকজনক উদ্ধাৰ কৰিবলৈ ২৫ জন অনুসন্ধান আৰু উদ্ধাৰকাৰী সদস্য ৰাওনা হয়। এই সমগ্ৰ অনুসন্ধান কাৰ্যত দলটোক নেতৃত্ব দিয়ে কুকুৰটোৱে। কুকুৰটোৰ নেতৃত্বতে উদ্ধাৰকাৰী দলজনে বিচাৰি পায় লোকজনক। লোকজনৰ বাবে এয়াৰ এম্বুলেঞ্চ সাজু কৰি ৰখা হৈছিল। আহত লোকজনক উদ্ধাৰকাৰী দলটোৱে হাস্পতাললৈ প্ৰেৰণ কৰে।

এগৰাকী বিষয়া্ই কয় যে “এই উদ্ধাৰ কাৰ্যৰ সমগ্ৰ ক্ৰেডিট কুকুৰটোলৈ যায়। সি প্ৰায় ২০০ গজ অৰণ্যৰ মাজে মাজে দৌৰি আমাক নেতৃত্ব দি সহায় কৰিছিল। কুকুৰটোৰ প্ৰভুভক্তি দেখি আমি সঁচাকৈয়ে আচৰিত হৈছো।”

এই ঘটনাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা লগে লগে ই ধুমুহাগতিত ভাইৰেল হৈ পৰে। নেটিজেনসকলে কুকুৰটোক উচ্চ প্ৰশংসা কৰিছে। বহু লোকে মন্তব্য কৰি কয় যে “কুকুৰৰ দৰে বন্ধু আমি সৰ্বশক্তিমান ঈশ্বৰৰ পৰা পোৱা সৰ্বশ্ৰেষ্ঠ উপহাৰ।” 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক