--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ আৰু কুকুৰৰ সম্পৰ্ক অতি মধুৰ। গৰাকীৰ প্ৰতি অতি নিষ্ঠাৱান হোৱা বাবে কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। গৰাকীৰ মৃত্যুৰ পাছত বছৰ বছৰ ধৰি ৰে’ল ষ্টেচনত মালিকৰ বাবে অপেক্ষা কৰি থকা জাপানৰ নিষ্ঠাবান কুকুৰ হাচিকোৰ হৃদয়বিদাৰক কাহিনীটো মনত আছেনে? দশক দশক ধৰি এই কাহিনীয়ে প্ৰমাণ কৰি আহিছে যে কুকুৰ সঁচাকৈয়ে ‘মানুহৰ বেষ্ট ফ্ৰেণ্ড’ উপাধিটোৰ যোগ্য। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আমেৰিকাৰ এটা কুকুৰৰ কাহিনী। আমি একেবাৰে নিশ্চিত যে কুকুৰটোৰ কাহিনীয়ে আপোনাকো আৱেগিক কৰি তুলিব।

গৰাকীৰ বাবে কুকুৰে সকলো কৰিব পাৰে, সেই কথা সময়ে সময়ে প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ আমেৰিকাত এটা কুকুৰে ৭০ ফুট তললৈ পৰি যোৱা তাৰ ৫৩ বছৰীয়া মালিকক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰকাৰী দলক নেতৃত্ব দিয়ে। যাৰ বাবে প্ৰাণৰক্ষা হয় গৰাকীৰ। কেলিফৰ্ণিয়াৰ নেভাদা কাউন্টিত সংঘটিত হয় এই ঘটনা।

বিষয়াসকলে জনোৱা মতে, কুকুৰটো আৰু তাৰ মালিকে টাহো নেচনেল ফৰেষ্টৰ ওচৰত হাইকিং কৰি থকাৰ সময়তে মালিকজন ৭০ ফুট তললৈ পৰি যায়। তলত পৰি যোৱাৰ ফলত লোকজনৰ নিতম্ব আৰু ভৰিৰ হাড় ভাঙি যায়। লোকজনক উদ্ধাৰ কৰিবলৈ ২৫ জন অনুসন্ধান আৰু উদ্ধাৰকাৰী সদস্য ৰাওনা হয়। এই সমগ্ৰ অনুসন্ধান কাৰ্যত দলটোক নেতৃত্ব দিয়ে কুকুৰটোৱে। কুকুৰটোৰ নেতৃত্বতে উদ্ধাৰকাৰী দলজনে বিচাৰি পায় লোকজনক। লোকজনৰ বাবে এয়াৰ এম্বুলেঞ্চ সাজু কৰি ৰখা হৈছিল। আহত লোকজনক উদ্ধাৰকাৰী দলটোৱে হাস্পতাললৈ প্ৰেৰণ কৰে।

এগৰাকী বিষয়া্ই কয় যে “এই উদ্ধাৰ কাৰ্যৰ সমগ্ৰ ক্ৰেডিট কুকুৰটোলৈ যায়। সি প্ৰায় ২০০ গজ অৰণ্যৰ মাজে মাজে দৌৰি আমাক নেতৃত্ব দি সহায় কৰিছিল। কুকুৰটোৰ প্ৰভুভক্তি দেখি আমি সঁচাকৈয়ে আচৰিত হৈছো।”

এই ঘটনাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা লগে লগে ই ধুমুহাগতিত ভাইৰেল হৈ পৰে। নেটিজেনসকলে কুকুৰটোক উচ্চ প্ৰশংসা কৰিছে। বহু লোকে মন্তব্য কৰি কয় যে “কুকুৰৰ দৰে বন্ধু আমি সৰ্বশক্তিমান ঈশ্বৰৰ পৰা পোৱা সৰ্বশ্ৰেষ্ঠ উপহাৰ।” 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন