--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'হওক মানৱতাৰ জয়গান'- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে সহস্ৰজন৷ বৃহস্পতিবাৰে সন্ধিয়াৰ দৃশ্য এয়া৷ যেতিয়া ইউক্ৰেইনত ৰাছিয়াৰ গুলীবৰ্ষণ আৰু মিছাইল আক্ৰমণত ইউক্ৰেইনৰ শতাধিক সামৰিক-অসামৰিক লোকৰ মৃত্যু হৈছিল সেই সময়তে মস্কোত সহস্ৰাধিক লোক সমবেত হৈ চিঞৰি চিঞৰি কৈছিল—‘আমাৰ যুদ্ধ নালাগে৷' https://twitter.com/i/status/1496977733150146562   প্ৰতিবাদকাৰীসকলে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭ বজাত ঐতিহাসিক গছটিনি ডভোৰ শ্বপিং আৰ্কেডৰ বাহিৰত ছেইণ্ট পিটাৰ্ছবাৰ্গকে ধৰি আন কেইবাখনো চহৰত ৰাজপথলৈ ওলাই আহিছিল। পৰিৱেশটো উত্তেজনাপূৰ্ণ হৈ পৰিছিল৷ আনকি ৰাজপথৰ মাটি স্পৰ্শ কৰি বহুজনে উচুপিছিল আৰক্ষীৰ সম্মুখতেই৷ যুদ্ধবিৰোধী শ শ পোষ্টাৰ আৰি দিয়া হৈছিল মাস্কোৰ ৰাজপথত৷ পোষ্টাৰ বোৰত লিখা আছিল, 'হওক মানৱতাৰ জয়গান৷' কিছুমানত লিখিছিল- 'আমি যুদ্ধ নিবিচাৰোঁ৷' কিছুমমানত আকৌ লিখিছিল 'পুটিনৰ কাৰ্যকলাপ হিটলাৰ দৰে৷' মুঠতে ইউক্ৰেইনত আক্ৰমণৰ ঘটনাক গৰিহণা দিছিল ৰাছিয়াৰ নাগৰিকসকলেও৷ এছ'চিয়েট প্ৰেছৰ বাতৰি অনুসৰি এই কাৰ্যৰ বাবে ৰাছিয়াৰ ৫৪খন চহৰৰ প্ৰায় ১,৭৪৫ জন লোকক আটক কৰা হৈছিল, যাৰ ভিতৰত কমেও ৯৫৭ জন মস্কোৰ বাসিন্দা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। https://twitter.com/i/status/1496907473009070083 ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিস্ফোৰণ হৈছিল৷ কিয়েনভৰ লগতে অন্যান্য চহৰত বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল৷ ৰাছিয়াৰ লোকসকলে আক্ৰমণ বন্ধ কৰাৰ দাবীত মুকলি পত্ৰ আৰু অনলাইন আৱেদনত স্বাক্ষৰো কৰিছিল৷ তথ্য অনুসৰি যুদ্ধৰ প্ৰথন দিনটোতেই ১৩৭জনে প্ৰাণ হেৰুৱাইছিল ইউক্ৰেইনত৷ শান্তিৰে আলোচনা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰিছিল৷ https://twitter.com/i/status/1496921070796161024 ইপিনে, বৃহস্পতিবাৰে আবেলি ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে ৰাছিয়াৰ জনসাধাৰণক মস্কোত ভাবুকি দিয়াৰ পাছতো যে সমগ্ৰ দেশ উত্তাল কৰিছিল প্ৰতিবাদকাৰীয়ে। কেৱল ৰাছিয়াই নহয়, প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে টকিঅ'ৰ পৰা তেল আভিভ আৰু নিউয়ৰ্কলৈকে চহৰসমূহত ৰাজহুৱা চৌহদ আৰু ৰাছিয়াৰ দূতাবাসৰ বাহিৰত ইউক্ৰেইন আক্ৰমণৰ নিন্দা কৰে। ছুইজাৰলেণ্ডৰ ৰাজধানী বাৰ্ণত শ শ লোক সমবেত হৈছিল আৰু ইউক্ৰেইনৰ পতাকা ধৰি "ইউক্ৰেইনৰ বাবে শান্তি!" বুলি শ্লোগান দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক