--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত সামৰিক আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা ৰাছিয়াৰ বহুতো লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাছিয়াৰ বহুতো চহৰত ইয়াকে লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে। ৰাছিয়াৰ সাধাৰণ মানুহে 'যুদ্ধ নালাগে' শ্লোগান দি ৰাজপথলৈ ওলাই আহিছে। একে সময়তে, ৰাছিয়াৰ আৰক্ষীয়ে এতিয়া এই প্ৰতিবাদকাৰীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বহুতো প্ৰতিবাদকাৰীক আটক কৰিছে। তথ্য অনুসৰি, আৰক্ষীয়ে প্ৰায় ১,০০০ লোকক আটক কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মধ্য মস্কোত ২,০০০ লোক সমবেত হৈছিল, আনহাতে পিটাৰ্ছবাৰ্গত হোৱা আক্ৰমণৰ বিৰুদ্ধে ১,০০০ ৰো অধিক লোকে প্ৰতিবাদ কৰিছিল। দৰাচলতে, পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশৰ পিছত, ৰাছিয়াৰ বহুতো লোকে ছ'চিয়েল মিডিয়াৰ সহায় লৈ লোকসকলক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ অনুৰোধ জনাইছিল। মস্কোত প্ৰতিবাদকাৰীসকলে "যুদ্ধ আমাক নালাগে" শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাছিয়াত হাজাৰ হাজাৰ লোকে ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত, আৰক্ষীয়ে প্ৰায় ১,০০০ লোকক আটক কৰে, সমান্তৰালকৈ প্ৰাক্তন ৰাজকীয় ৰাজধানী ছেইণ্ট পিটাৰ্ছবাৰ্গত ১,০০০ তকৈও অধিক লোক সমবেত হৈছিল, সেই প্ৰতিবাদকাৰীসকলকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এক টুইটাৰ ভিডিঅত স্পষ্টকৈ দেখা গৈছে যে দুজন আৰক্ষীয়ে যুদ্ধৰ বিৰুদ্ধে মাত মতা প্ৰতিবাদ কৰি থকা এগৰাকী মহিলাক পুলিচ ভানৰ ফালে টানি নিয়া দেখা গৈছে। ভিডিঅ'টোত, আৰক্ষীয়ে বহু লোকক ধৰি ভানত লৈ যোৱা দেখা গৈছে। উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইন সীমান্তত আৰম্ভ হোৱা বিবাদে ইতিমধ্যে যুদ্ধৰ ৰূপ লৈছে। ইয়াকে লৈ এতিয়া দুয়োখন দেশৰ মাজত উত্তেজনাও যথেষ্ট বৃদ্ধি পাইছে। ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছে, ফলত বহু লোকৰ মৃত্যু হৈছে। দুয়োখন দেশৰে দাবীসমূহো বেলেগ বেলেগ। এই সকলো দাবীৰ মাজতে ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কীভত প্ৰৱেশ কৰাৰ খবৰ পোৱা গৈছে। লগতে এইটোও আশংকা কৰা হৈছে যে, ৰাছিয়াৰ সেনাই অতি সোনকালে ইউক্ৰেইনৰ ৰাজধানী কীভ দখল কৰিব পাৰে। যাৰ ফলত এতিয়া দুয়োখন দেশৰ মাজৰ এই পৰিস্থিতিয়ে সমগ্ৰ বিশ্বক চিন্তিত কৰি তুলিছে। উল্লেখ্য যে, বিংশ শতিকাৰ আজিৰ তাৰিখত হয়তো কোনো ৰাষ্ট্ৰই যুদ্ধ নিবিচাৰে। সেইদৰে ৰাছিয়াত প্ৰতিবাদ কৰা সৰহ সংখ্যক লোকেই নৱ-প্ৰজন্মৰ, গতিকে সকলোৱে শান্তি বিচাৰে, শান্তিয়েহে দেশৰ প্ৰগতি আনিব, যুদ্ধৰে নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement