--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূজাৰ আন্দৰ মাজতে  উত্তৰ প্ৰদেশক জোকাৰি গৈছে  একাধিক পথ দুৰ্ঘটনাই । ৰাজ্য খনত ২৪ ঘণ্টাত সংঘটিত পথ কমেও ৩১ জন  লোকৰ মৃত্যু ঘটিছে। নিহত বেছিভাগেই ভক্ত। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়খনত কমেও ২০ জন লোক চিকিৎসাধীন হৈ আছে। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে নিশা সংঘটিত  দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি  আৰ্থিক সাহায্য ঘোষণা কৰিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও শোক প্ৰকাশ কৰিছে। প্ৰথম দুৰ্ঘটনাটো সংঘটিত হয় উন্নাওৰ ঘাটামপুৰ অঞ্চলত । 

৫০ জন তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰ ট্ৰলী চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহি আছিল। হঠাতে ট্ৰেক্টৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত বাগৰি পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত কমেও ২৬ জন লোকৰ মৃত্যু হৈছে।

 তেওঁলোকৰ বেছিভাগেই শিশু আৰু মহিলা। ২০ জন লোকআঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰা হৈছে। কানপুৰৰ আৰক্ষী অধীক্ষক টি এছ সিঙে কয়  যে দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পলম হৈছিল। 

 ফলস্বৰূপে উদ্ধাৰ অভিযান আৰম্ভ হোৱাত পলম হৈছিল।   প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়সকলক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি  ঘোষণা কৰিছে।উত্তৰ প্ৰদেশৰ  জ্যেষ্ঠ মন্ত্ৰী ৰাকেশ চাঞ্চন আৰু অজিত পালে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত গৈ উপস্থিত হয়।  দুয়োজন মন্ত্ৰীয়ে ৰাইজক  পৰিবহনৰ মাধ্যম হিচাবে  হিচাপে ট্ৰেক্টৰৰ  ট্ৰলী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।  

এই শোকাৱহ দুৰ্ঘটনাৰ কেইঘণ্টামানৰ পিছতে  কানপুৰৰ আৰহাইন ফ্লাইঅভাৰৰ ওচৰত ট্ৰাক-টেম্পোৰ সংঘৰ্ষত পাঁচজন লোক নিহত হয়। তীব্ৰ গতিত অহা ট্ৰাক খনে  নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা  অহা টেম্পোখনত খুন্দা মাৰে।  ঘটনাটোত  কেইবাজনো লোক আহত হৈছে। তেওঁলোকক এখন স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক