--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূজাৰ আন্দৰ মাজতে  উত্তৰ প্ৰদেশক জোকাৰি গৈছে  একাধিক পথ দুৰ্ঘটনাই । ৰাজ্য খনত ২৪ ঘণ্টাত সংঘটিত পথ কমেও ৩১ জন  লোকৰ মৃত্যু ঘটিছে। নিহত বেছিভাগেই ভক্ত। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়খনত কমেও ২০ জন লোক চিকিৎসাধীন হৈ আছে। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে নিশা সংঘটিত  দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি  আৰ্থিক সাহায্য ঘোষণা কৰিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও শোক প্ৰকাশ কৰিছে। প্ৰথম দুৰ্ঘটনাটো সংঘটিত হয় উন্নাওৰ ঘাটামপুৰ অঞ্চলত । 

৫০ জন তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰ ট্ৰলী চন্দ্ৰিকা দেৱীৰ মন্দিৰৰ পৰা উভতি আহি আছিল। হঠাতে ট্ৰেক্টৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত বাগৰি পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত কমেও ২৬ জন লোকৰ মৃত্যু হৈছে।

 তেওঁলোকৰ বেছিভাগেই শিশু আৰু মহিলা। ২০ জন লোকআঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰা হৈছে। কানপুৰৰ আৰক্ষী অধীক্ষক টি এছ সিঙে কয়  যে দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পলম হৈছিল। 

 ফলস্বৰূপে উদ্ধাৰ অভিযান আৰম্ভ হোৱাত পলম হৈছিল।   প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়সকলক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি  ঘোষণা কৰিছে।উত্তৰ প্ৰদেশৰ  জ্যেষ্ঠ মন্ত্ৰী ৰাকেশ চাঞ্চন আৰু অজিত পালে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত গৈ উপস্থিত হয়।  দুয়োজন মন্ত্ৰীয়ে ৰাইজক  পৰিবহনৰ মাধ্যম হিচাবে  হিচাপে ট্ৰেক্টৰৰ  ট্ৰলী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।  

এই শোকাৱহ দুৰ্ঘটনাৰ কেইঘণ্টামানৰ পিছতে  কানপুৰৰ আৰহাইন ফ্লাইঅভাৰৰ ওচৰত ট্ৰাক-টেম্পোৰ সংঘৰ্ষত পাঁচজন লোক নিহত হয়। তীব্ৰ গতিত অহা ট্ৰাক খনে  নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা  অহা টেম্পোখনত খুন্দা মাৰে।  ঘটনাটোত  কেইবাজনো লোক আহত হৈছে। তেওঁলোকক এখন স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু