--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাৰিবাৰিক বা ঘৰুৱা হিংসা বৰ্তমানৰ সমাজ ব্যৱস্থাৰ এক জ্বলন্ত সমস্যা হৈ পৰিছে। কেৱল ভাৰত বুলিয়ে নহয়, বিশ্বৰ সকলো দেশতে পাৰিবাৰিক হিংসাৰ ঘটনা দ্ৰতগতিত বৃদ্ধি পাইছে। সাধাৰণতে পাৰিবাৰিক হিংসা বুলিলে মহিলা ভুক্তভোগীৰ কথাই মনলৈ আহে যদিও কেৱল মহিলাসকলেই যে পাৰিবাৰিক হিংসাৰ বলি হয় এনে নহয়, পুৰুষ, শিশু আৰু বৃদ্ধ লোকও ঘৰুৱা হিংসাৰ ভুক্তভোগী হ'ব পাৰে। পাৰিবাৰিক হিংসা সমাজৰ সকলো স্তৰৰ জনসংখ্যা গোটতে সংঘটিত হয়।

শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ'। ভিডিঅ’টোত এগৰাকী মহিলাই তেওঁৰ স্বামীক বেটেৰে প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে। আলৱাৰৰ এই পৰিয়ালটিৰ স্ত্ৰীৰ দ্বাৰা স্বামী প্ৰহিত হোৱা কাণ্ডই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছে ভিডিঅ’টোত দেখা এই মানুহজনেই নহয়, দেশৰ বিভিন্ন প্ৰান্তত নিজৰ পত্নীৰ দ্বাৰা স্বামী প্ৰহাৰৰ সন্মুখীন হৈ আহিছে।

২০১৯-২০ চনৰ এক সমীক্ষা অনুসৰি ভাৰতৰ দহ শতাংশ মহিলায়েই নিজৰ স্বামীক প্ৰহাৰ কৰে। এই সমীক্ষাটো প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপে। দেশৰ মুঠ ৬.১ লাখ পৰিয়ালক সামৰি লোৱা এই সমীক্ষাটোৰ মতে দেশৰ ১৮ ৰ পৰা ৪৯ বছৰ বয়সৰ ১০ শতাংশ মহিলায়েই এবাৰ হ’লেও তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। সমীক্ষাটোৰ তথ্য মতে স্বামীৰ দ্বাৰা কোনো হিংসাৰ সন্মুখীন নোহোৱা মহিলায়েই এইদৰে স্বামীক প্ৰহাৰ কৰিছে। অৰ্থাৎ মহিলাসকল নহয়, পুৰুষ সকলহে এই ক্ষেত্ৰত ঘৰুৱা হিংসাৰ বলি হৈছে।  

এই সমীক্ষাত ১১ শতাংশ মহিলাই স্বীকাৰ কৰিছে যে তেওঁলোকে যোৱা এটা বছৰত তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। উদ্বেগজনকভাৱে জৰীপটোত প্ৰকাশ পোৱা তথ্য মতে মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে স্বামীৰ ওপৰত কৰা হিংসাত্মক ঘটনাও বৃদ্ধি পায়। সমীক্ষাটোৰ মতে, দেশৰ ১৮-১৯ বছৰ বয়সৰ ১ শতাংশতকৈ কম মহিলাই তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। আনহাতে ২০ ৰ পৰা ২৪ বছৰ বয়সৰ ৩ শতাংশ মহিলাই তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। 

তেনেদৰে ২৫ ৰ পৰা ২৯ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত ৩.৪ শতাংশ, ৩০ ৰ পৰা ৩৯ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত ৩.৯ শতাংশ আৰু ৪০ ৰ পৰা ৪৯ বছৰ বয়সৰ ৩.৭ শতাংশ মহিলাই তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। 

সমীক্ষাটোৰ ক্ষেত্ৰত মন কৰিবলগীয়া যে গ্ৰাম্য অঞ্চলৰ মহিলাসকলে চহৰৰ মহিলাতকৈ তেওঁলোকৰ স্বামীক প্ৰহাৰ কৰিছে। স্বামীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ কৰা চহৰীয়া মহিলাৰ সংখ্যা হৈছে ৩.৩ শতাংশ, আনহাতে গ্ৰাম্য অঞ্চলৰ ৩.৭ শতাংশ মহিলাই স্বামীক প্ৰহাৰ কৰিছে।  

এইখিনিতে উল্লেখ কৰিব পাৰি যে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে পত্নীৰ দ্বাৰা স্বামী হিংসাৰ বলি হোৱা ঘটনা বৃদ্ধি পাইছে। ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ এক জৰীপে স্বামীৰ বিৰুদ্ধে পত্নীৰ দ্বাৰা সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপৰ এক আচৰিত পৰিসংখ্যা প্ৰকাশ কৰিছিল। এই পৰিসংখ্যা অনুসৰি ইজিপ্তত সৰ্বাধিক সংখ্যক পুৰুষ ঘৰুৱা হিংসাৰ বলি হয়। এই ক্ষেত্ৰত ব্ৰিটেইন দ্বিতীয় স্থানত থকাৰ পৰিৱৰ্তে তৃতীয় স্থানত আছে ভাৰত। অৰ্থাৎ পত্নীৰ দ্বাৰা প্ৰহিত হোৱা স্বামীৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। 

এইখিনিতে প্ৰশ্ন হয়, ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা পাবলৈ পুৰুষৰ ক্ষেত্ৰত দেশত কোনো আইন আছে নে ? ভাৰতত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষাৰ বাবে ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন,২০০৫ নামৰ এখন আইন আছে। কিন্তু পুৰুষৰ বাবে দেশত তেনে কোনো আইন নাই। এনে ক্ষেত্ৰত ঘৰুৱা হিংসাৰ বলি হোৱা পুৰুষ সকলে কেনেদৰে ন্যায় লাভ কৰিব পাৰে ? 

এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ এখন আদালতে এক বিশেষ ৰায় প্ৰদান কৰিছিল। জম্মুৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫-ৰ অধীনত পত্নীৰ বিৰুদ্ধে এগৰাকী স্বামীয়ে দাখিল কৰা অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ৰেণু ডোগ্ৰা গুপ্তাই তেওঁৰ আদেশত উল্লেখ কৰিছিল যে হিৰাল পি হৰচোৰা বনাম কুসুম নৰোত্তমদাস হৰচোৰাণ্ড, মহম্মদ জাকিৰ বনাম শাবানা গোচৰৰ ৰায় অনুসৰি এজন স্বামীয়েও ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫-ৰ অধীনত পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে।ন্যায়ালয়ে উল্লেখ কৰিছিল যে উক্ত আইনখনৰ ধাৰা ১২-ৰ অধীনত পত্নীৰ বিৰুদ্ধে  গোচৰ ৰুজু কৰিবলৈ পৰ্যাপ্ত ভিত্তি আছে।

এই ধাৰাৰ আধাৰতে ন্যায়ালয়ে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে অপৰাধৰ গোচৰটোৰ বিবেচনা কৰিছিল আৰু মহিলাগৰাকীলৈ জাননী জাৰি কৰিছিল।

তদুপৰি ঘৰুৱা হিংসাৰ ক্ষেত্ৰত হিন্দু বিবাহ আইনৰ ১৩ নং ধাৰাৰ অধীনত স্বামীয়ে পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিব পাৰে। এই ধাৰা অনুসৰি যদি আৱেদনকাৰীক পৰিয়ালৰ কোনোৱে আক্ৰমণ কৰিছে, শাৰীৰিক বা মানসিক হিংসাত্মক কাৰ্য কৰিছে, তেন্তে তেওঁ বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক