--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বুন্দী জিলাত বিতৰ্কিত মন্তব্য দিয়া মৌলানা মুফতি নদীম আৰু তেওঁৰ সহায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সময়ত কোটৱালী চৌহদত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয়। আনকি আৰক্ষীয়ে সংবাদ মাধ্যমকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজস্থানত প্ৰতিবাদ হৈ আছে। বুন্দী জিলাত মুছলমান সমাজৰ লোকসকলে স্মাৰকপত্ৰ দিবলৈ কালেক্টৰেটত উপস্থিত হৈছিল। এই সময়ছোৱাতে মৌলানাই কিছু বিতৰ্কিত মন্তব্য কৰিছিল। মৌলানা মুফতি নদীমে বুন্দিত কালেক্টৰেটক লৈ বিতৰ্কিত বক্তব্য আগবঢ়ায়। বুণ্ডীৰ মৌলানা মুফতি নাদীমে কৈছিল যে যদি হজৰত মহম্মদৰ বিৰুদ্ধে কথা কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে মুছলমান সমাজে নিজেই তেওঁলোকৰ সৈতে মোকাবিলা কৰিব। 

একে সময়তে মৌলানা নদীমে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে, “যিজনে পয়গম্বৰ বিৰুদ্ধে কথা ক’ব, তেওঁৰ চকু উলিয়াই অনা হ’ব, হাত দাঙিলে হাত ভঙা হ’ব আৰু আঙুলি উঠালে আঙুলি ভাঙি দিয়া হ'ব।” মৌলানাই এই বিতৰ্কিত বক্তব্য আগবঢ়াই বিপদত পৰে। কালেক্টৰেটত উপস্থিত হৈ ৰাজস্থান আৰক্ষীৰ সন্মুখতে তেওঁ এনেদৰে কৈছিল।

বুণ্ডীৰ মৌলানাই বিবৃতিটোত কৈছিল যে “যদি হজৰত মহম্মদৰ বিৰুদ্ধে দিয়া বক্তব্য আইনগতভাৱে শুদ্ধ হয়, তেন্তে আমিও এনে আইনৰ বিৰুদ্ধে যাম। হজৰত মহম্মদৰ বিৰুদ্ধে কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, যদি নকৰে তেন্তে মুছলমানে ব্যৱস্থা গ্ৰহণ কৰিব।”

মৌলানা মুফতিয়ে লগতে কৈছিল যে “পয়গম্বৰৰ বিৰুদ্ধে কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি সদায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যাম। এইটো কোনো অনুৰোধ নহয়, ই এটা মুকলি সতৰ্কবাণী।” 

উল্লেখ্য যে এগৰাকী মৌলানাৰ মুখত এনেকুৱা হিংসাত্মক কথা শুনি সকলো স্তম্ভিত হৈ পৰিছিল। অৱশেষত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত