--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বুন্দী জিলাত বিতৰ্কিত মন্তব্য দিয়া মৌলানা মুফতি নদীম আৰু তেওঁৰ সহায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সময়ত কোটৱালী চৌহদত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয়। আনকি আৰক্ষীয়ে সংবাদ মাধ্যমকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজস্থানত প্ৰতিবাদ হৈ আছে। বুন্দী জিলাত মুছলমান সমাজৰ লোকসকলে স্মাৰকপত্ৰ দিবলৈ কালেক্টৰেটত উপস্থিত হৈছিল। এই সময়ছোৱাতে মৌলানাই কিছু বিতৰ্কিত মন্তব্য কৰিছিল। মৌলানা মুফতি নদীমে বুন্দিত কালেক্টৰেটক লৈ বিতৰ্কিত বক্তব্য আগবঢ়ায়। বুণ্ডীৰ মৌলানা মুফতি নাদীমে কৈছিল যে যদি হজৰত মহম্মদৰ বিৰুদ্ধে কথা কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে মুছলমান সমাজে নিজেই তেওঁলোকৰ সৈতে মোকাবিলা কৰিব। 

একে সময়তে মৌলানা নদীমে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে, “যিজনে পয়গম্বৰ বিৰুদ্ধে কথা ক’ব, তেওঁৰ চকু উলিয়াই অনা হ’ব, হাত দাঙিলে হাত ভঙা হ’ব আৰু আঙুলি উঠালে আঙুলি ভাঙি দিয়া হ'ব।” মৌলানাই এই বিতৰ্কিত বক্তব্য আগবঢ়াই বিপদত পৰে। কালেক্টৰেটত উপস্থিত হৈ ৰাজস্থান আৰক্ষীৰ সন্মুখতে তেওঁ এনেদৰে কৈছিল।

বুণ্ডীৰ মৌলানাই বিবৃতিটোত কৈছিল যে “যদি হজৰত মহম্মদৰ বিৰুদ্ধে দিয়া বক্তব্য আইনগতভাৱে শুদ্ধ হয়, তেন্তে আমিও এনে আইনৰ বিৰুদ্ধে যাম। হজৰত মহম্মদৰ বিৰুদ্ধে কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, যদি নকৰে তেন্তে মুছলমানে ব্যৱস্থা গ্ৰহণ কৰিব।”

মৌলানা মুফতিয়ে লগতে কৈছিল যে “পয়গম্বৰৰ বিৰুদ্ধে কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি সদায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যাম। এইটো কোনো অনুৰোধ নহয়, ই এটা মুকলি সতৰ্কবাণী।” 

উল্লেখ্য যে এগৰাকী মৌলানাৰ মুখত এনেকুৱা হিংসাত্মক কথা শুনি সকলো স্তম্ভিত হৈ পৰিছিল। অৱশেষত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ