--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ কাহিনীকো যেন চেৰ পেলাব উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ কাহিনীয়ে।  ১২ টা দিন ধৰি সুৰংগৰ মাজত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ সময় চমু চাপি আহিছে।  আশা কৰা হৈছে যে আৰু ১২ৰ পৰা ১৪ ঘণ্টাৰ ভিতৰত শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা যাব।

 শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে এডাল ডাঙৰ পাইপ ইতিমধ্যে ধ্বংসস্তুৰ মাজৰে প্ৰৱেশ কৰোৱা হৈছে। সেই পাইপ ডালেৰেই সুৰংগৰ বাহিৰলৈ ওলাই আহিব পাৰিব বুলি আশা কৰা হৈছে। সুৰংগৰ বাহিৰত সাজু কৰি ৰখা হৈছে কেইবা খনো এম্বুলেন্স।  যদি সকলো ঠিকে চলি  থাকে তেন্তে আবদ্ধ শ্ৰমিকসকলে কম সমৰ ভিতৰতে পুনৰ সূৰ্যৰ পোহৰ দেখিবলৈ পাব।  শীতল অন্ধ গহ্বৰত ইমান দীঘলীয়া সময় অতিবাহিত কৰিবলৈ চূড়ান্ত মানসিক শক্তিৰ প্ৰয়োজন। জানিব পৰা গৈছে  যে শ্ৰমিকসকলে সুৰংগটোৰ ভিতৰত লুকা-ভাকু খেলি সময় পাৰ কৰি আছে। 

উদ্বেগ, হতাশা, আতংক আৰু মৃত্যুৰ ভয় পাহৰিবলৈ তেওঁলোকে মাজে সময়ে তাচো খেলিছে। খাদ্যৰ সৈতে উদ্ধাৰকাৰীসকলে  পাইপলাইনেৰে শ্ৰমিকসকললৈ তাচো  প্ৰেৰণ কৰিছিল। অৱশ্যে, বহু দিন ধৰি  সূৰ্যৰ পোহৰৰ পৰা আঁতৰি থকাৰ বাবে শ্ৰমিকসকলৰ  মানসিক ভাৰসাম্যৰ সমস্যা উদ্ভৱ হ'ব পাৰে। বিষয়টো  বিবেচনা কৰি তেওঁলোকলৈ প্ৰচুৰ  মাত্ৰাত  ভিটামিন ডি আৰু চি টেবলেট প্ৰেৰণ কৰা হৈছে।

 যোৱা কেইদিনমান ধৰি সুৰংগটোৰ ভিতৰলৈ অক্সিজেন, খাদ্য, ঔষধ আদি  প্ৰেৰণ কৰাৰ লগতে চাধাও প্ৰেৰণ কৰা হৈছে। ৪১ জন শ্ৰমিকৰ ভিতৰৰে বহুতে চাধা খায়।চাধা খাবলৈ নোপোৱাৰ বাবে তেওঁলোকৰ যাতে  উইথড্ৰৱাল চিণ্ড্ৰমে দেখা নিদিয়ে তাৰ বাবেই চাধাও প্ৰেৰণ কৰা হৈছে।  সমগ্ৰ উদ্ধাৰ অভিযানত ড০ প্ৰেম পোখৰিয়াল জড়িত হৈ আছে। তেওঁ কৈছে যে  মনোবল অটুট ৰাখিবলৈ প্ৰায়ে শ্ৰমিকসকলক "মই শক্তিশালী হৈ আছো" বুলি চিঞৰিবলৈ কোৱা হৈছে। মুঠতে, সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ স্বাস্থ্য এতিয়াও সম্পূৰ্ণৰূপে ভাগি পৰা নাই বুলি তেওঁ কয়।  
 
শ্ৰমিকসকলৰ  শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কথা বিবেচনা কৰি চিল্কিয়াৰা সুৰংগৰ ওচৰতে এখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে।তাত  এম্বুলেন্স, চিকিৎসক, অক্সিজেনকে ধৰি সকলো চিকিৎসা সুবিধা আছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। এতিয়া  সমগ্ৰ দেশে অপেক্ষা কৰি আছে উদ্ধাৰৰ সেই সুখবৰটো পাবলৈ ।যিকোনো মুহূৰ্ততে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে পুনৰ বাহিৰলৈ ওলাই আহিব। এতিয়া মাথো প্ৰয়োজন প্ৰাৰ্থনাৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement