--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ  মৃত্যু ঘটিছে। তেওঁ বৃহস্পতিবাৰে কেৰালাত থকা  নিজা বাসভৱনত  শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। ফাতিমা বিবি দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ অন্যতম পথপ্ৰদৰ্শক আছিল। 

তেওঁ দেশৰ  মহিলাসকলক আদালতত ন্যায় লাভ কৰাত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেৰালাৰ প্ৰথম আইনৰ সৈতে স্নাতক  মহিলা আছিল। এৰ্নাকুলামৰ আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৫০  ৰ দশকত ন্যায়পালিকাত কৰ্মজীৱন আৰম্ভ কৰিছিল। ফাতিমা বিবিয়ে  প্ৰথমে উকীল হিচাপে কৰ্মজীৱন  আৰম্ভ কৰিছিল । পিছলৈ তেওঁ দণ্ডাধীশ হৈছিল। তেওঁ কেৰালাত দণ্ডাধীশৰ পদত অধিষ্ঠিত হোৱা প্ৰথম মুছলমান মহিলা আছিল। 

তেওঁ পৰৱৰ্তী সময়ত  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ফাতিমা বিবিক  ১৯৮৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ কেৱল ভাৰততে নহয়, সমগ্ৰ এছিয়াৰ ভিতৰতে  উচ্চতম ন্যায়ালয়ত নিযুক্ত হোৱা প্ৰথম গৰাকী মহিলা আছিল। ফাতিমা বিবিয়ে  ১৯৮৯ চনত ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেওঁ প্ৰশাসনিক পদত অধিষ্ঠিত হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ