--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ সময়ছোৱাত বৰফৰ দলিচাত ওমলিবৰ বাবে বহুতে পৰিকল্পনা কৰে ফুৰিবলৈ যোৱাৰ৷ পৰাপক্ষত মহামাৰীৰ সময়ছোৱাত পৰিহাৰ কৰক এনে ভ্ৰমণৰ সিদ্ধান্ত৷ দৈনিক দ্ৰুতহাৰত বিশ্বজুৰি বৃদ্ধি হৈছে ক'ভিড, অ'মিক্ৰন৷ এই সময়ছোৱাত পৰ্যটকসকল অধিক সাৱধান হওক৷ ভেকচিন গ্ৰহণ কৰিলেও সম্পূৰ্ণৰূপে শংকামুক্ত নহয়৷ অলপতে কেইবাজনো পৰ্যটকৰ দেহত ক'ভিড ধৰা পৰিছে৷ যাৰ বাবে এক শংকাৰ কাৰণ হৈ পৰিছে পৰ্যটনকেন্দ্ৰসমূহ৷

ইপিনে বতৰ বিভাগে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাশ্মীৰ উপত্যকাৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৭ আৰু ৮ জানুৱাৰীৰ বাবে জম্মু-কাশ্মীৰত কমলা সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিভাগৰ মতে, আগন্তুক কেইদিনমানত বৰষুণ আৰু তুষাৰপাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৭আৰু ৮ জানুৱাৰীৰ নিশা বতৰৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ধাৰাসাৰ বৰষুণ বা তুষাৰপাত হ'ব পাৰে। অৱশ্যে, ৯জানুৱাৰীৰ ৰাতিপুৱা আৰম্ভ কৰি পাছৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাৰ সম্ভাৱনা আছে।

কমলা সতৰ্কতাৰ বাবে, আইএমডিয়ে উপত্যকাৰ দুৰ্বল এলেকাবোৰত হিমস্খলন (ভূমিস্খলন)ৰ সতৰ্কবাণী প্ৰদান কৰিছে৷ লগতে কয় যে প্ৰতিকূল বতৰে ৮জানুৱাৰীত বিমান পৰিবহণতো প্ৰভাৱিত কৰিব পাৰে।প্ৰতিকূল বতৰে উপত্যকাত বিমান পৰিচালনাত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু তেওঁলোকৰ কেইবাখনো বিমান যোৱা দুদিনত বাতিল হৈছে। বৃহস্পতিবাৰে টুইটাৰত এক বিবৃতিযোগে শ্ৰীনগৰ বিমানবন্দৰে কয় যে দিনটোত প্ৰায় ছখন বিমান বাতিল কৰা হৈছিল।

আনহাতে, অলপতে ছিকিমতো এগৰাকী পৰ্যটকে অসাৱধানতাৰ বাবে পানীত পৰি মৃত্যুক সাবটি লয়৷ মেঘালয়তো প্ৰথমে পৰ্যটকৰ দেহত ধৰা পৰিছিল অ'মিক্ৰন৷ ইয়াৰোপৰি পশ্চিমবংগ, উৰিষ্যাত ক্ৰমে ৩গৰাকীকৈ পৰ্যটকৰ দেহত ধৰা পৰে অ'মিক্ৰন৷ দেশজুৰি বৃদ্ধি পোৱা ক'ভিড, অ'মিক্ৰনৰ সময়ছোৱাত স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি ঘৰতে সুৰক্ষিত হৈ থাকক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?