--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ সময়ছোৱাত বৰফৰ দলিচাত ওমলিবৰ বাবে বহুতে পৰিকল্পনা কৰে ফুৰিবলৈ যোৱাৰ৷ পৰাপক্ষত মহামাৰীৰ সময়ছোৱাত পৰিহাৰ কৰক এনে ভ্ৰমণৰ সিদ্ধান্ত৷ দৈনিক দ্ৰুতহাৰত বিশ্বজুৰি বৃদ্ধি হৈছে ক'ভিড, অ'মিক্ৰন৷ এই সময়ছোৱাত পৰ্যটকসকল অধিক সাৱধান হওক৷ ভেকচিন গ্ৰহণ কৰিলেও সম্পূৰ্ণৰূপে শংকামুক্ত নহয়৷ অলপতে কেইবাজনো পৰ্যটকৰ দেহত ক'ভিড ধৰা পৰিছে৷ যাৰ বাবে এক শংকাৰ কাৰণ হৈ পৰিছে পৰ্যটনকেন্দ্ৰসমূহ৷

ইপিনে বতৰ বিভাগে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাশ্মীৰ উপত্যকাৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৭ আৰু ৮ জানুৱাৰীৰ বাবে জম্মু-কাশ্মীৰত কমলা সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিভাগৰ মতে, আগন্তুক কেইদিনমানত বৰষুণ আৰু তুষাৰপাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৭আৰু ৮ জানুৱাৰীৰ নিশা বতৰৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ধাৰাসাৰ বৰষুণ বা তুষাৰপাত হ'ব পাৰে। অৱশ্যে, ৯জানুৱাৰীৰ ৰাতিপুৱা আৰম্ভ কৰি পাছৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাৰ সম্ভাৱনা আছে।

কমলা সতৰ্কতাৰ বাবে, আইএমডিয়ে উপত্যকাৰ দুৰ্বল এলেকাবোৰত হিমস্খলন (ভূমিস্খলন)ৰ সতৰ্কবাণী প্ৰদান কৰিছে৷ লগতে কয় যে প্ৰতিকূল বতৰে ৮জানুৱাৰীত বিমান পৰিবহণতো প্ৰভাৱিত কৰিব পাৰে।প্ৰতিকূল বতৰে উপত্যকাত বিমান পৰিচালনাত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু তেওঁলোকৰ কেইবাখনো বিমান যোৱা দুদিনত বাতিল হৈছে। বৃহস্পতিবাৰে টুইটাৰত এক বিবৃতিযোগে শ্ৰীনগৰ বিমানবন্দৰে কয় যে দিনটোত প্ৰায় ছখন বিমান বাতিল কৰা হৈছিল।

আনহাতে, অলপতে ছিকিমতো এগৰাকী পৰ্যটকে অসাৱধানতাৰ বাবে পানীত পৰি মৃত্যুক সাবটি লয়৷ মেঘালয়তো প্ৰথমে পৰ্যটকৰ দেহত ধৰা পৰিছিল অ'মিক্ৰন৷ ইয়াৰোপৰি পশ্চিমবংগ, উৰিষ্যাত ক্ৰমে ৩গৰাকীকৈ পৰ্যটকৰ দেহত ধৰা পৰে অ'মিক্ৰন৷ দেশজুৰি বৃদ্ধি পোৱা ক'ভিড, অ'মিক্ৰনৰ সময়ছোৱাত স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি ঘৰতে সুৰক্ষিত হৈ থাকক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ