--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ১৯৯০ চনত প্ৰথম যমুনা পৰিষ্কৰণ আৰু উজ্জীৱিতকৰণৰ পৰিকল্পনা কৰা হৈছিল, সেই সময়ত বহুতো প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ একেসময়তে সময়সীমা উকলি গৈছিল৷ কিন্তু, দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা যমুনা এতিয়াও মৃতপ্ৰায় হৈয়ে আছে৷ প্ৰকৃততে কথাটো অলপ ওলোটা, দৰাচলতে, যমুনা মৰি থকা নাই৷ মানুহে নিজেই তেওঁলোকৰ জীৱনৰেখা নদীখন হত্যা কৰি আছে, যিটো মানুহেই পৰিশোধ কৰিব লাগিব। মানৱ সভ্যতাৰ ইতিহাসে দেখুৱাইছে যে সভ্যতাবোৰ গঢ় লৈ উঠিছে নদীৰ পাৰত৷

১৯৯০ চনৰ পৰা তিনিবাৰ যমুনা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, ৰূপায়ণ কৰা হৈছে, বিফল হৈছে। আনকি, ৫,০০০ কোটি টকাতকৈও অধিক ব্যয় কৰা হৈছিল, কিন্তু ইয়াৰ ফলাফল আছিল শূন্য৷ একেদৰে, গংগা নদীৰ পৰিস্কৰণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে বাজেট নিৰ্ধাৰণ কৰি আহিছে৷ ২০১৪ চনৰ জুনত গংগা নদীৰ প্ৰদূষণ ৰোধ, সংৰক্ষণ আৰু পৰিষ্কৰণৰ বাবে ‘নমামি গংগা’ শীৰ্ষক এক কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল, য’ত বাজেট নিৰ্ধাৰণ কৰিছিল ২০,০০০ কোটি টকা৷ একেদৰে, ২০১১ চনৰ ১২ আগষ্টত আৰম্ভ কৰা হৈছিল ‘নেশ্যনেল মিছন ফৰ ক্লীন গংগা’ৰ৷

২০১৪ চনৰ পৰা এই অভিযানৰ নেতৃ্ত্ব দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আনকি, এসময়ত গংগা নদীৰ সংৰক্ষণৰ বাবে পৃথক মন্ত্ৰণালয়ো আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ য’ৰ পৰা মন্ত্ৰী উমা ভাৰতীয়ে পৰৱৰ্তী সময়ত পদত্যাগ কৰিছিল৷ অথচ, গংগাৰ পৰিষ্কৰণ আজিও সুদূৰপৰাহত৷ পৱিত্ৰ গংগা আজিও কলুষিত হৈ ৰৈছে৷ ক’ভিডৰ দ্বিতীয় ঢৌত গংগাৰ বুকুৱেদি উটি গৈছিল মৃতদেহ৷ গংগাৰ বুকুৰ জাবৰে সৃষ্টি কৰিছিল ভয়ানক প্ৰদূষণৰ৷ গংগাক মাতৃ জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে পূজা-অৰ্চনাও কৰা দেখা গৈছিল৷ তাৰ পাছতো পৰিত্যক্ত হৈ ৰৈছে গংগা৷ এনে সময়তে যমুনা নদী পৰিস্কৰণৰ বাবে ধাৰ্য হোৱা ৰাজহুৱা ধন ঘূৰি গৈছে ৰাজকোষলৈ৷ অৰ্থাৎ, ইয়াৰ পৰাই প্ৰতীয়মান হয় যে গংগাই হওক বা যমুনা, এই ঐতিহাসিক নদীবোৰৰ পৰিষ্কৰণ অথবা সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিক প্ৰয়াস পৰিলক্ষিত হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ