--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ১৯৯০ চনত প্ৰথম যমুনা পৰিষ্কৰণ আৰু উজ্জীৱিতকৰণৰ পৰিকল্পনা কৰা হৈছিল, সেই সময়ত বহুতো প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ একেসময়তে সময়সীমা উকলি গৈছিল৷ কিন্তু, দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা যমুনা এতিয়াও মৃতপ্ৰায় হৈয়ে আছে৷ প্ৰকৃততে কথাটো অলপ ওলোটা, দৰাচলতে, যমুনা মৰি থকা নাই৷ মানুহে নিজেই তেওঁলোকৰ জীৱনৰেখা নদীখন হত্যা কৰি আছে, যিটো মানুহেই পৰিশোধ কৰিব লাগিব। মানৱ সভ্যতাৰ ইতিহাসে দেখুৱাইছে যে সভ্যতাবোৰ গঢ় লৈ উঠিছে নদীৰ পাৰত৷

১৯৯০ চনৰ পৰা তিনিবাৰ যমুনা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, ৰূপায়ণ কৰা হৈছে, বিফল হৈছে। আনকি, ৫,০০০ কোটি টকাতকৈও অধিক ব্যয় কৰা হৈছিল, কিন্তু ইয়াৰ ফলাফল আছিল শূন্য৷ একেদৰে, গংগা নদীৰ পৰিস্কৰণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে বাজেট নিৰ্ধাৰণ কৰি আহিছে৷ ২০১৪ চনৰ জুনত গংগা নদীৰ প্ৰদূষণ ৰোধ, সংৰক্ষণ আৰু পৰিষ্কৰণৰ বাবে ‘নমামি গংগা’ শীৰ্ষক এক কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল, য’ত বাজেট নিৰ্ধাৰণ কৰিছিল ২০,০০০ কোটি টকা৷ একেদৰে, ২০১১ চনৰ ১২ আগষ্টত আৰম্ভ কৰা হৈছিল ‘নেশ্যনেল মিছন ফৰ ক্লীন গংগা’ৰ৷

২০১৪ চনৰ পৰা এই অভিযানৰ নেতৃ্ত্ব দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আনকি, এসময়ত গংগা নদীৰ সংৰক্ষণৰ বাবে পৃথক মন্ত্ৰণালয়ো আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ য’ৰ পৰা মন্ত্ৰী উমা ভাৰতীয়ে পৰৱৰ্তী সময়ত পদত্যাগ কৰিছিল৷ অথচ, গংগাৰ পৰিষ্কৰণ আজিও সুদূৰপৰাহত৷ পৱিত্ৰ গংগা আজিও কলুষিত হৈ ৰৈছে৷ ক’ভিডৰ দ্বিতীয় ঢৌত গংগাৰ বুকুৱেদি উটি গৈছিল মৃতদেহ৷ গংগাৰ বুকুৰ জাবৰে সৃষ্টি কৰিছিল ভয়ানক প্ৰদূষণৰ৷ গংগাক মাতৃ জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে পূজা-অৰ্চনাও কৰা দেখা গৈছিল৷ তাৰ পাছতো পৰিত্যক্ত হৈ ৰৈছে গংগা৷ এনে সময়তে যমুনা নদী পৰিস্কৰণৰ বাবে ধাৰ্য হোৱা ৰাজহুৱা ধন ঘূৰি গৈছে ৰাজকোষলৈ৷ অৰ্থাৎ, ইয়াৰ পৰাই প্ৰতীয়মান হয় যে গংগাই হওক বা যমুনা, এই ঐতিহাসিক নদীবোৰৰ পৰিষ্কৰণ অথবা সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিক প্ৰয়াস পৰিলক্ষিত হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন