--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৈজ্ঞানিকভাৱে গেভিয়ালিছ গংগেটিকাছ (Gavialis gangeticus) নামেৰে পৰিচিত এই ঘৰিয়ালটো ভাৰতৰ অন্যতম সংকটাপন্ন নদীজীৱ প্রজাতি। দীঘল আৰু সৰু মুখমণ্ডলৰ বাবে সহজে চিনাক্ত কৰিব পৰা এই জলচৰ প্ৰাণীবিধৰ সংখ্যা দেশত দ্রুতগতিত হ্রাস পাইছিল।

ডিজিটেল ডেস্ক: জৈৱ-বৈচিত্র্যৰে পূৰ্ণ অসমত সন্ধান পোৱা গৈছে এক অতি বিৰল আৰু সংকটাপন্ন ঘৰিয়ালৰ। যিসময়ত সমগ্ৰ বিশ্বতে এটাৰ পাছত এটাকৈ প্রাণী সংকটৰ গৰাহত পৰিছে, তেনে সময়তে লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত দেখা পোৱা এই বিৰল প্ৰজাতিৰ ঘঁৰিয়ালটোৱে জৈব্য-বৈচিত্র্য সংৰক্ষণৰ এক ক্ষেত্ৰত নতুন আশাৰ সৃষ্টি কৰিছে।


ৰাজ্যৰ বনমন্ত্রী জয়ন্ত মল্লবৰুৱাই অসমত সন্ধান লাভ কৰা এই বিৰল প্ৰজাতিৰ প্ৰাণীটোৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে যোৱা ২৫ ছেপ্টেম্বৰত জৈৱ-বৈচিত্র্য জৰীপৰ সময়ত লোহিত নদীৰ এটা বালিচৰত ৰ'দ লৈ থকা অৱস্থাত ঘৰিয়ালটো প্ৰত্যক্ষ কৰি কেমেৰাত বন্দী কৰা হয়। 


বৈজ্ঞানিকভাৱে গেভিয়ালিছ গংগেটিকাছ (Gavialis gangeticus) নামেৰে পৰিচিত এই ঘৰিয়ালটো ভাৰতৰ অন্যতম সংকটাপন্ন নদীজীৱ প্রজাতি। দীঘল আৰু সৰু মুখমণ্ডলৰ বাবে সহজে চিনাক্ত কৰিব পৰা এই জলচৰ প্ৰাণীবিধৰ সংখ্যা দেশত দ্রুতগতিত হ্রাস পাইছিল। সেয়েহে লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমত ইয়াৰ উপস্থিতিৰ শেহতীয়া তথ্যই অসমৰ নদী পৰিৱেশত এতিয়াও এই প্ৰজাতিৰ বাবে উপযোগী বাসস্থান থকা বুলি নতুন ইংগিত দিছে।' ইয়াৰ পূৰ্বেও ব্ৰহ্মপুত্র অৱবাহিকাৰ বিভিন্ন স্থানত, বিশেষকৈ ডিব্ৰু-ছৈখোৱা আৰু কাজিৰঙা অঞ্চলৰ ওচৰত, ঘৰিয়ালৰ উপস্থিতিৰ তথ্য পোৱা গৈছে বুলি জনাই তেওঁ লগতে কয় যে লোহিত নদীত পোৱা এই নতুন তথ্যই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত ঘৰিয়ালৰ বিস্তৃতি, চলাচল আৰু বাসস্থানৰ বিষয়ে অধিক পদ্ধতিগত অধ্যয়নৰ প্রয়োজনীয়তা বৃদ্ধি কৰিছে। 


আনহাতে, এই বিশেষ প্ৰজাতিৰ ঘঁৰিয়ালক সংৰক্ষণ আৰু ইয়াৰ সংখ্যা বিস্তাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বনমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'লোহিতৰ বালিচৰত ঘৰিয়ালৰ এই উপস্থিতিয়ে যেন এক স্পষ্ট বার্তা দিছে- সেয়া হৈছে নদীক সুৰক্ষিত কৰি ৰাখিলে নদীৰ সৈতে থকা বিৰল জীৱসমূহো সুৰক্ষিত হৈ থাকিব।'


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান