--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এখন মালবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত চাৰিখন বাহন ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীতে দুজন ই-অ’ট’ যাত্ৰীৰ মৃত্যু হয়। আনহাতে ই-অ’ট’ চালকসহ তিনিজন গুৰুতৰভাৱে আহত হয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাত পুনৰ সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। চালকৰ বেপৰোৱা গতিত বাহন চলোৱা, অতিৰিক্ত অভাৰটেক আৰু প্ৰতিযোগিতামূলকভাৱে গাড়ী চলোৱাৰ ফলত মঙলবাৰে গভীৰ নিশা শ্ৰীকোনাৰ নৱনিৰ্মিত মিনি সচিবালয় আৰু উৰণ সেতুৰ মাজৰ পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।


এখন মালবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত চাৰিখন বাহন ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীতে দুজন ই-অ’ট’ যাত্ৰীৰ মৃত্যু হয়। আনহাতে ই-অ’ট’ চালকসহ তিনিজন গুৰুতৰভাৱে আহত হয়।


যান-বাহন আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, অন্ধকাৰাচ্ছন্ন উৰণ সেতুৰ পৰা নামি অহাৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন ই-অ’ট’, এখন স্কুটি আৰু আন দুখন বাহনৰ সৈতে মালবাহী ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ তীব্ৰতাত স্কুটিখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে আৰু দুখন ই-অ’ট’ যাত্ৰী পথৰ কাষলৈ ছিটিকি পৰে।


প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে ই-অ’ট’খনৰ চালকে আন এখন বাহনৰ সৈতে প্ৰতিযোগিতা কৰি তীব্ৰ গতিত বাহন চলাই আছিল। অতিৰিক্ত গতি আৰু বেপৰোৱা ওভাৰটেকৰ ফলতেই এই শোকাবহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে দাবী কৰিছে।


নিহত দুজন যাত্ৰীৰ ঘৰ ক্ৰমে শ্ৰীকোনা আৰু চাবাছপুৰ অঞ্চলত। গুৰুতৰভাৱে আহত তিনিজন লোকক উদ্ধাৰ কৰি তৎক্ষণাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁলোকৰ অৱস্থা সংকটজনক। ইয়াৰ উপৰিও দুৰ্ঘটনাত কেইবাজনো ই-অ’ট’ যাত্ৰী সামান্য আহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক