--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটাইতকৈ ডাঙৰ কথা এয়ে যে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি আদি এনে কিছুমান চহৰৰ চিনেমা হলৰ পৰা এই চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে অনুৰোধ আহিছে, যিবোৰ চহৰত কোনোদিন অসমীয়া চিনেমাই মুক্তিলাভ কৰাতো বাদেই, অসমীয়া চিনেমাৰ প্ৰদৰ্শনেই হোৱা নাছিল।

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে'ই অসমীয়া চিনেমাৰ ইতিহাসত এনে কিছুমান বিৰল অভিলেখ কৰিবলৈ গৈ আছে, যিবোৰ হয়তো কেতিয়াও ভংগ কৰাটো সম্ভৱ নহ'বগৈ। আটাইতকৈ ডাঙৰ কথা এয়ে যে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি আদি এনে কিছুমান চহৰৰ চিনেমা হলৰ পৰা এই চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে অনুৰোধ আহিছে, যিবোৰ চহৰত কোনোদিন অসমীয়া চিনেমাই মুক্তিলাভ কৰাতো বাদেই, অসমীয়া চিনেমাৰ প্ৰদৰ্শনেই হোৱা নাছিল।


এই কথা জানিবলৈ দি চিনেমাখনৰ বিতৰণৰ দায়িত্ব লাভ কৰা ইউ এফ অ' মভিছৰ মহাপ্ৰবন্ধক সৌৰভ দত্তই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৯০খন আৰু সমগ্র দেশৰ ৮০খন চহৰৰ ১৫০খনৰো অধিক স্ক্ৰীনত ৩১ অক্টোবৰত জুবিন 'ৰৈ ৰৈ বিনালে'ই মুক্তিলাভ কৰিব।


ইতিমধ্যেই চিনেমাখনৰ প্ৰথম চাৰি দিনৰ ৰাজ্যজুৰি সকলো টিকট বুক হৈ গৈছে। আটাইতকৈ ডাঙৰ কথা এয়ে যে অসমৰ চিনেমা হলসমূহত চিনেমাখনৰ আগতীয়া বুকিঙৰ টিকটৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।


এই প্রতিক্ৰিয়াৰ পাছতে চিনেমাখনৰ টীমটো চিনেমা হলৰ স্বত্বাধিকাৰীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত স্বত্বাধিকাৰীসকলে জানিবলৈ দিয়ে যে টিকটৰ অগ্রিম বুকিঙে যেতিয়া ৫০ শতাংশ আৰু ৮০ শতাংশ অতিক্রম কৰে, তেতিয়া ডায়নেমিক প্রাইচিং ব্যৱস্থাৰ অধীনত টিকটৰ মূল্য বৃদ্ধি পায়।


'ৰৈ ৰৈ-বিনালে'ৰ টীমে চিনেমাখনৰ ক্ষেত্ৰত এই বর্ধিত মূল্য প্রযোজ্য নকৰিবৰ বাবে আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ মূল্যতে টিকট বিক্ৰী কৰাৰ সিদ্ধান্ত - গ্রহণ কৰিছে স্বত্বাধিকাৰীসকলে। ইফালে, ইউ এফ অ' মভিছৰ স্বত্বাধিকাৰী সৌৰভ দত্তই কয় যে এই চিনেমাখনে ৫০ কোটিৰ পৰা ১০০ কোটি পর্যন্ত ব্যৱসায় কৰাৰ সম্ভাৱনা আছে, যদিহে পাইৰেচি নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ