--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটাইতকৈ ডাঙৰ কথা এয়ে যে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি আদি এনে কিছুমান চহৰৰ চিনেমা হলৰ পৰা এই চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে অনুৰোধ আহিছে, যিবোৰ চহৰত কোনোদিন অসমীয়া চিনেমাই মুক্তিলাভ কৰাতো বাদেই, অসমীয়া চিনেমাৰ প্ৰদৰ্শনেই হোৱা নাছিল।

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে'ই অসমীয়া চিনেমাৰ ইতিহাসত এনে কিছুমান বিৰল অভিলেখ কৰিবলৈ গৈ আছে, যিবোৰ হয়তো কেতিয়াও ভংগ কৰাটো সম্ভৱ নহ'বগৈ। আটাইতকৈ ডাঙৰ কথা এয়ে যে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি আদি এনে কিছুমান চহৰৰ চিনেমা হলৰ পৰা এই চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে অনুৰোধ আহিছে, যিবোৰ চহৰত কোনোদিন অসমীয়া চিনেমাই মুক্তিলাভ কৰাতো বাদেই, অসমীয়া চিনেমাৰ প্ৰদৰ্শনেই হোৱা নাছিল।


এই কথা জানিবলৈ দি চিনেমাখনৰ বিতৰণৰ দায়িত্ব লাভ কৰা ইউ এফ অ' মভিছৰ মহাপ্ৰবন্ধক সৌৰভ দত্তই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৯০খন আৰু সমগ্র দেশৰ ৮০খন চহৰৰ ১৫০খনৰো অধিক স্ক্ৰীনত ৩১ অক্টোবৰত জুবিন 'ৰৈ ৰৈ বিনালে'ই মুক্তিলাভ কৰিব।


ইতিমধ্যেই চিনেমাখনৰ প্ৰথম চাৰি দিনৰ ৰাজ্যজুৰি সকলো টিকট বুক হৈ গৈছে। আটাইতকৈ ডাঙৰ কথা এয়ে যে অসমৰ চিনেমা হলসমূহত চিনেমাখনৰ আগতীয়া বুকিঙৰ টিকটৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।


এই প্রতিক্ৰিয়াৰ পাছতে চিনেমাখনৰ টীমটো চিনেমা হলৰ স্বত্বাধিকাৰীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত স্বত্বাধিকাৰীসকলে জানিবলৈ দিয়ে যে টিকটৰ অগ্রিম বুকিঙে যেতিয়া ৫০ শতাংশ আৰু ৮০ শতাংশ অতিক্রম কৰে, তেতিয়া ডায়নেমিক প্রাইচিং ব্যৱস্থাৰ অধীনত টিকটৰ মূল্য বৃদ্ধি পায়।


'ৰৈ ৰৈ-বিনালে'ৰ টীমে চিনেমাখনৰ ক্ষেত্ৰত এই বর্ধিত মূল্য প্রযোজ্য নকৰিবৰ বাবে আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ মূল্যতে টিকট বিক্ৰী কৰাৰ সিদ্ধান্ত - গ্রহণ কৰিছে স্বত্বাধিকাৰীসকলে। ইফালে, ইউ এফ অ' মভিছৰ স্বত্বাধিকাৰী সৌৰভ দত্তই কয় যে এই চিনেমাখনে ৫০ কোটিৰ পৰা ১০০ কোটি পর্যন্ত ব্যৱসায় কৰাৰ সম্ভাৱনা আছে, যদিহে পাইৰেচি নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু