--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৩১ অক্টোবৰত ছবিগৃহত মুক্তি দিয়া হ'ব অসমৰ প্ৰথমখন মিউজিকেল ড্রামা 'ৰৈ ৰৈ বিনালে'। ইফালে শুকুৰবাৰৰ পৰা বুক মাই শ্ব' এপযোগে ছবিখনৰ টিকটৰ অগ্রিম বুকিং আৰম্ভ কৰা হয়।

ডিজিটেল ডেস্ক : প্রতি ঘণ্টাত প্রায় ১০ হাজাৰ বুকিঙেৰে প্ৰি-বুকিং এপত 'ৰৈ ৰৈ বিনালে'ই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি চাবৰ বাবে অসমতে নহয়, দেশ-বিদেশৰ ছবিগৃহ আৰু মাল্টিপ্লেক্সসমূহৰ টিকটৰ অগ্রিম বুকিঙেৰে ইতিমধ্যে অভিলেখ সৃষ্টি হৈছে। 


উল্লেখযোগ্য যে অহা ৩১ অক্টোবৰত ছবিগৃহত মুক্তি দিয়া হ'ব অসমৰ প্ৰথমখন মিউজিকেল ড্রামা 'ৰৈ ৰৈ বিনালে'। ইফালে শুকুৰবাৰৰ পৰা বুক মাই শ্ব' এপযোগে ছবিখনৰ টিকটৰ অগ্রিম বুকিং আৰম্ভ কৰা হয়। কিন্তু জুবিন গাৰ্গৰ শেষৰখন ছবি চাবৰ বাবে জনসাধাৰণে কিমান আগ্রহেৰে অপেক্ষা কৰি আছিল সেয়া অগ্রিম বুকিং আৰম্ভ কৰাৰ লগে লগে স্পষ্ট হৈ পৰে। অগ্রিম বুকিং আৰম্ভ হোৱাৰ মাত্র এঘণ্টাৰ ভিতৰতে ছবিখনৰ ৭ হাজাৰৰো অধিক টিকট বিক্রী হয়। অগ্রিম বুকিং আৰম্ভ হোৱাৰ মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে গুৱাহাটীৰ সকলো ছবিগৃহৰ মুক্তিৰ দিনাৰ সকলো দর্শনীৰ টিকট বিক্ৰী হৈ যায়। আনহাতে, ছবিখনৰ টিকট বিচাৰি দৰ্শকৰ ইমানেই হেঁচা আহিছে যে কেইবাটাও দশকৰ পাছত অসমৰ ছবিগৃহত পুৱা ৬ বজাৰ পৰা দর্শনী আৰম্ভ কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে। 


গুৱাহাটীত ছবিগৃহসমূহৰ কর্তৃপক্ষই কেইবাদিনলৈ সকলো দর্শনী কেৱল 'ৰৈ ৰৈ বিনালে'ৰ নামত উছৰ্গা কৰিবলগীয়া হৈছে। প্রণিধানযোগ্য যে মুক্তিৰ পূর্বেই জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে'ই দাক্ষিণাত্যৰ জনপ্রিয় ছবি 'কানতাৰা'কো পিছ পেলাই অভিলেখ সৃষ্টি কৰিছে। ছবিখন কেৱল অসমতে নহয়, সম্প্রতি নেশানেল ট্রেণ্ডত আছে। আনকি এই পর্যন্ত বিশ্বৰ ২০খন দেশত জুবিন গাৰ্গৰ চিনেমাখনৰ বাবে দর্শক উদ্বাউল হৈ থকাৰ তথ্য পোৱা গৈছে। ইফালে দর্শকৰ প্ৰবল হেঁচা আৰু আগ্রহৰ বাবে অসমৰ প্রতিটো ছবিগৃহৰ লগতে অৰুণাচল, মেঘালয় আৰু মণিপুৰৰ উপৰি মুম্বাই, কলকাতা, পুনে, কেৰালা, হায়দৰাবাদ আদিতো মুক্তিৰ যো-জা চলাবলগীয়া হৈছে। বিশ্বৰ ১০খন দেশত ২৫ নৱেম্বৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। লক্ষণীয় যে ছবিগৃহসমূহে আন সকলো চিনেমাৰ শ্ব' বাতিল কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে দর্শকৰ প্ৰবল দাবীৰ পৰিপ্ৰেক্ষিতত। থিয়েটাৰ আৰু মাল্টিপ্লেক্সসমূহে জুবিন গাৰ্গৰ শেষৰখন ছবিত একেলেথাৰিয়ে বহুকেইটা দর্শনী চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটীৰ 'চিনেপলিছ'ত ২৩টা দর্শনী, পি ভি আৰ চিটি চেণ্টাৰ আৰু আইনক্সত (অৰাছ) ১৬টাকৈ দর্শনী, বেলতলাৰ মেট্রিক্স চিনেমাত ১৬টা দর্শনী, গ্রেণ্ড ৰয়েল চিনেছত ১১টাকৈ দর্শনী আৰু পল্টন বজাৰৰ গ্রেণ্ড চিনেত ১০টা দর্শনী চলোৱা হ'ব এই ছবিখন। দর্শনীৰ সংখ্যা ক্রমাৎ বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ আন আন ছবিগৃহতো ৰৈ ৰৈ বিনালেৰ বাবে কেইবাটাকৈ দর্শনী নির্ধাৰণ কৰা হৈছে। সমগ্ৰ অসমৰ আন আন ছবিগৃহতো একেই অবস্থা দেখিবলৈ পোৱা গৈছে। 


উল্লেখযোগ্য যে অসমীয়া চিনেমাক উদ্যোগ হিচাপে গঢ়ি তোলাৰ সপোন দেখা জুবিন গাৰ্গে মৃত্যুৰ পাছতো নিজৰ কৰ্ম কৰিবলৈ এৰা নাই। গুৱাহাটীৰ দবে যোৰহাটতো জুবিন গাৰ্গৰ শেষৰখন ছবিৰ বাবে পুৱা ৬-৩০ বজাৰ পৰা নিশা ১০-৩০ বজালৈকে এটা ছবিগৃহৰ ১১টা দর্শনীত 'ৰৈ ৰৈ বিনালে' প্রদর্শন কৰা হ'ব। জুবিন গাৰ্গৰ গৃহচহৰ যোৰহাটৰ প্ৰায় সকলো ছবিগৃহতে কেইবাদিনলৈ টিকটৰ অগ্রিম বুকিঙতে শেষ হোৱা বুলিও জানিব পৰা গৈছে। মুক্তিৰ পূৰ্বেই ধুমুহাৰ সৃষ্টি কৰা ছবিখনৰ অগ্রিম টিকট বুকিং মুকলি কৰাৰ লগে লগেই মুহূর্ততে প্রায় সকলো টিকট বুক হৈ যোৱাৰ বাবে গুৱাহাটীত কেইবাটাও ছবিগৃহত পূৱা ৬ বজাৰ পৰাই দর্শনী আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' ৰাজেশ ভূঞাই পৰিচালনা কৰিছে। ছবিখনৰ চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ। কাহিনী লিখিছিল জুবিন গার্গে। ৰাজ্যৰ প্ৰথমখন সম্পূর্ণ মিউজিকেল ছবিত অভিনেতা হিচাপে জনপ্রিয় গায়ক আচুর্য বৰপাত্র, নীল আকাশকো দেখা যাব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ