--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বতৰ সলনি হৈছে। লাহে লাহে শীতে দুৱাৰত টোকৰ দিছে। ইয়াৰ লগে লগে বাঢ়িছে ৰোগৰ প্ৰাদুৰ্ভাৱ। বিগত তিনিদিন ধৰি কম-বেছি পৰিমাণে দিছে বৰষুণ, ফলত পানীজনিত ৰোগ আৰু ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। অলপ অসাৱধান হ’লেই তৎক্ষণাত ৰোগৰ চিকাৰ হ’ব পাৰে। সেয়েহে এই সময়ত কোনবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক জানো আহক।

 ভাইৰাছ সংক্ৰমণঃ-বাৰিষাৰ সময়ত ভাইৰাছজনিত সংক্ৰমণ হোৱাটো সাধাৰণ কথা। ইয়াৰ ভিতৰত ভেঁকুৰৰ সংক্ৰমণ, বেক্টেৰিয়াৰ সংক্ৰমণ, পেটৰ সংক্ৰমণ, ভৰিৰ সংক্ৰমণ আদি উল্লেখযোগ্য। সৰল কাহ, চৰ্দি আৰু জ্বৰ আদিও ভাইৰাছ সংক্ৰমণৰ শ্ৰেণীত পৰে।

 ডেংগুঃ-বাৰিষা কালত এই ৰোগ হয়। এই বতৰত মহে প্ৰজনন কৰে আৰু মাইকী Aedes aediptiৰ কামোৰৰ ফলত এই ৰোগ হয়। ইয়াৰ লক্ষণসমূহৰ বিষয়ে ক’বলৈ গ’লে ১০৫ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত জ্বৰ, শৰীৰৰ বিষ, গাঁঠিৰ বিষ, প্লেটলেটৰ দ্ৰুত অৱনমন হয়। লক্ষণ দেখা পালে চিকিৎসকৰ ওচৰলৈ যাব লাগে। মহ ৰোধ কৰিবলৈ পানী জমা হ’বলৈ নিদিব আৰু দীঘল কাপোৰ পৰিধান কৰিব।

 চিকুনগুণিয়াঃ-মাইকী এডিছ মহৰ কামোৰৰ ফলতো এই ৰোগ হয়। ৩ৰ পৰা ৭ দিনৰ পাছত ৰোগীৰ শৰীৰত চিকুনগুণিয়াৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। ইয়াৰ লক্ষণসমূহ হ’ল-জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ, গাঁঠিবোৰ ফুলা আৰু শৰীৰত ফোহা ওলোৱা। এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ডেংগুৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগে

 টাইফয়েডঃ-টাইফইড টাইফি নামৰ বেক্টেৰিয়াৰ ফলত হয়। ই অন্ত্ৰৰ সংক্ৰমণ। এই বেক্টেৰিয়াই অন্ত্ৰত ঘাঁৰ সৃষ্টি কৰে। উচ্চ জ্বৰ এই ৰোগত আহে যি কেইবাদিনো ধৰি থাকে। সুস্থ হোৱাৰ পাছতো এই ৰোগৰ ফলত হোৱা সংক্ৰমণ ৰোগীৰ পিত্তথলীত থাকে। কিন্তু কেইমাহমানৰ পাছত ৰিপ’ৰ্টটো নেগেটিভ হৈ পৰে। দূষিত খাদ্য খোৱা বা লেতেৰা পানী খোৱাৰ ফলত এই ৰোগ হয়।

 কলেৰাঃ-ইয়াক সাধাৰণ ভাষাত কলেৰা বুলি কোৱা হয়। লেতেৰা পানী খোৱা, ফুড পইজনিং আৰু লেতেৰা আদিৰ ফলত হয়। ই বেক্টেৰিয়াজনিত ৰোগ। ইয়াত বমি, ডায়েৰিয়া, পেটৰ তীব্ৰ বিষ, অস্থিৰতা আৰু পিয়াহ বেছিকৈ অনুভৱ হয়। সুৰক্ষাৰ বাবে চৌপাশ পৰিষ্কাৰ কৰাৰ উপৰি পানী উতলাই খাব লাগে। এই ৰোগ প্ৰতিৰোধৰ আটাইতকৈ উত্তম উপায় হ’ল টিকাকৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু