--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বতৰ সলনি হৈছে। লাহে লাহে শীতে দুৱাৰত টোকৰ দিছে। ইয়াৰ লগে লগে বাঢ়িছে ৰোগৰ প্ৰাদুৰ্ভাৱ। বিগত তিনিদিন ধৰি কম-বেছি পৰিমাণে দিছে বৰষুণ, ফলত পানীজনিত ৰোগ আৰু ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। অলপ অসাৱধান হ’লেই তৎক্ষণাত ৰোগৰ চিকাৰ হ’ব পাৰে। সেয়েহে এই সময়ত কোনবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক জানো আহক।

 ভাইৰাছ সংক্ৰমণঃ-বাৰিষাৰ সময়ত ভাইৰাছজনিত সংক্ৰমণ হোৱাটো সাধাৰণ কথা। ইয়াৰ ভিতৰত ভেঁকুৰৰ সংক্ৰমণ, বেক্টেৰিয়াৰ সংক্ৰমণ, পেটৰ সংক্ৰমণ, ভৰিৰ সংক্ৰমণ আদি উল্লেখযোগ্য। সৰল কাহ, চৰ্দি আৰু জ্বৰ আদিও ভাইৰাছ সংক্ৰমণৰ শ্ৰেণীত পৰে।

 ডেংগুঃ-বাৰিষা কালত এই ৰোগ হয়। এই বতৰত মহে প্ৰজনন কৰে আৰু মাইকী Aedes aediptiৰ কামোৰৰ ফলত এই ৰোগ হয়। ইয়াৰ লক্ষণসমূহৰ বিষয়ে ক’বলৈ গ’লে ১০৫ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত জ্বৰ, শৰীৰৰ বিষ, গাঁঠিৰ বিষ, প্লেটলেটৰ দ্ৰুত অৱনমন হয়। লক্ষণ দেখা পালে চিকিৎসকৰ ওচৰলৈ যাব লাগে। মহ ৰোধ কৰিবলৈ পানী জমা হ’বলৈ নিদিব আৰু দীঘল কাপোৰ পৰিধান কৰিব।

 চিকুনগুণিয়াঃ-মাইকী এডিছ মহৰ কামোৰৰ ফলতো এই ৰোগ হয়। ৩ৰ পৰা ৭ দিনৰ পাছত ৰোগীৰ শৰীৰত চিকুনগুণিয়াৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। ইয়াৰ লক্ষণসমূহ হ’ল-জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ, গাঁঠিবোৰ ফুলা আৰু শৰীৰত ফোহা ওলোৱা। এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ডেংগুৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগে

 টাইফয়েডঃ-টাইফইড টাইফি নামৰ বেক্টেৰিয়াৰ ফলত হয়। ই অন্ত্ৰৰ সংক্ৰমণ। এই বেক্টেৰিয়াই অন্ত্ৰত ঘাঁৰ সৃষ্টি কৰে। উচ্চ জ্বৰ এই ৰোগত আহে যি কেইবাদিনো ধৰি থাকে। সুস্থ হোৱাৰ পাছতো এই ৰোগৰ ফলত হোৱা সংক্ৰমণ ৰোগীৰ পিত্তথলীত থাকে। কিন্তু কেইমাহমানৰ পাছত ৰিপ’ৰ্টটো নেগেটিভ হৈ পৰে। দূষিত খাদ্য খোৱা বা লেতেৰা পানী খোৱাৰ ফলত এই ৰোগ হয়।

 কলেৰাঃ-ইয়াক সাধাৰণ ভাষাত কলেৰা বুলি কোৱা হয়। লেতেৰা পানী খোৱা, ফুড পইজনিং আৰু লেতেৰা আদিৰ ফলত হয়। ই বেক্টেৰিয়াজনিত ৰোগ। ইয়াত বমি, ডায়েৰিয়া, পেটৰ তীব্ৰ বিষ, অস্থিৰতা আৰু পিয়াহ বেছিকৈ অনুভৱ হয়। সুৰক্ষাৰ বাবে চৌপাশ পৰিষ্কাৰ কৰাৰ উপৰি পানী উতলাই খাব লাগে। এই ৰোগ প্ৰতিৰোধৰ আটাইতকৈ উত্তম উপায় হ’ল টিকাকৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ