--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভূপৃষ্ঠৰ পৰা ১৯
  • ৩ কিল'মিটাৰ গভীৰত।

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পূবৰ কামচটকা প্রণালীত আজি পুৱা হোৱা এক প্রবল ভূঁইকঁপে কেইবাখনো দেশত জোকাৰণি তোলে। ভাৰতীয় সময় মতে আজি পুৱা ৪-৪৫ বজাত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৮.৮। বিশ্বৰ ইতিহাসত ই আছিল ষষ্ঠটো আটাইতকৈ প্রবল ভূমিকম্প।


আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভূপৃষ্ঠৰ পৰা ১৯.৩ কিল'মিটাৰ গভীৰত। প্রবল ভূঁইকঁপৰ ফলত ভালেমান ভৱনৰ ক্ষতিসাধন হয়। ৰয়টাৰে প্ৰকাশ কৰা এটা বাতৰি মতে, ভূমিকম্পৰ পাছত কামচটকাত পাঁচ মিটাৰ উচ্চতাৰ ছুনামি আহে।


ভূমিকম্পত ভালেমান লোক আহত হয়। ভূমিকম্পৰ পাছতে প্রায় ১২খন দেশত ছুনামিৰ সতৰ্কতা জাৰি কৰা হয় যদিও পাছত সতৰ্কতা প্রত্যাহাৰ কৰা হয়। ৰাছিয়া, জাপান আৰু হাৱাইত ছুনামিৰ সতর্কতা পাছত প্রত্যাহাৰ কৰা হয়। ভূমিকম্পৰ পাছতে কামচটকাৰ বন্দৰত পানী সোমোৱাত উপকূলীয় অঞ্চলত বাস কৰা লোকসকলে সেই স্থানৰ পৰা পলায়ন কৰে। ৰাছিয়া, আমেৰিকা, নিউজিলেণ্ড আৰু জাপানৰ দৰে দেশৰ উপকূলীয় অঞ্চলত ছুনামিৰ ঢৌ দেখিবলৈ পোৱা গৈছিল।


জাপানৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, হোকাইডোৰ পূব উপকূলত থকা মেনুৰোত প্রায় দুই ফুট উচ্চতাৰ ঢৌৱে খুন্দা মাৰে। আনহাতে হনুলুলুত প্রায় দুই ফুট উচ্চতাৰ ঢৌৱে খুন্দা মাৰে। ছুনামিৰ কাৰণে জাপানৰ প্ৰায় ২০ লাখ লোকক নিৰাপদ স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল।


হোকাইডোত জনসাধাৰণে ঘৰৰ চালত উঠি সহায়ৰ আহ্বান জনোৱা দেখা যায়। আনহাতে হোকাইডোৰ পৰা ৱাকায়ামলৈকে জাপানৰ বিষয়াসকলে জনসাধাৰণক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে। বিষয়াসকলে প্রকাশ কৰা মতে, সাগৰত প্ৰায় তিনি মিটাৰ উচ্চতাৰ ঢৌ উঠে। জাপানৰ কেফুকুশ্বিনা পাৰমাণৱিক প্রকল্পত ঢৌৰ পানী সোমোৱাৰ পাছত কৰ্মচাৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। অৱশ্যে এই প্রকল্পটোৰ কোনো ধৰণৰ ক্ষতিৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই।


জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাই জনোৱা মতে, জাপানত কোনো ধৰণৰ ক্ষতি হোৱা নাই যদিও বিষয়াসকলে পৰিস্থিতিৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে। হাৱাইৰ ৰাজ্যপালে জনোৱা মতে, জাপান আৰু হাৱাইৰ মাজত থকা মিডৱে এটোল দ্বীপক প্রায় ৫ মিটাৰ উচ্চতাৰ ঢৌৱে খুন্দিয়ায়। পেৰুতো ছুনামিৰ সতৰ্কতা জাৰি কৰা হয়। ভূমিকম্পটোৰ পাছত আমেৰিকাৰ আলস্কাৰ উপকূলতো ছুনামিৰ ঢৌ দেখিবলৈ পোৱা গৈছিল। ছুনামিৰ ঢৌৱে আমেৰিকাৰ কেলিফর্নিয়া উপকূলত খুন্দা মাৰে। অৱশ্যে ঢৌ বৰ শক্তিশালী নাছিল।


ভূমিকম্পৰ পাছতে ৰাছিয়াৰ কুৰীল দ্বীপপুঞ্জত জৰুৰী অৱস্থা ঘোষণা কৰা হয়। ৰাছিয়াই জনোৱা মতে, ভূমিকম্পত ভালেমান লোক আহত হয় যদিও সকলো সুস্থিৰ অৱস্থাত আছে। আমেৰিকাই কেলিফর্নিয়া, অৰেগন, বাশ্বিংটনকে ধৰি পশ্চিম উপকূলত প্রথমে ছুনামিৰ সতৰ্কতা জাৰি কৰে যদি পাছত ইয়াক নির্দেশনালৈ সলনি কৰে। কানাডাৰ উপকূলীয় অঞ্চলতো প্রথমতে জাৰি কৰা সতৰ্কতা পাছত হ্রাস কৰা হয়। নিৰ্দেশনা জাৰি কৰাৰ অৰ্থ হ'ল তীব্র সোঁত আৰু বিপজ্জনক ঢৌ তথা বানৰ আশংকা কৰা।


উল্লেখযোগ্য যে ৰিখটাৰ স্কেলত ৮.৮ প্রাবল্যৰ ভূমিকম্পটোৰ শক্তি আছিল জাপানৰ হিৰোশ্বিমাত পেলোৱা সমান ৯,০০০-১৪,০০০টা পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ সমান। ভূমিকম্পটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ জোকাৰণি ১০,৫০০ কিল'মিটাৰ নিলগৰ ইটালি, স্পেইন, পর্তুগাল আৰু মৰক্কোলৈকে অনুভূত হৈছিল।


ইফালে কামচটকা দ্বীপত হোৱা ভূমিকম্পটোৰ পাছত জ্বালামুখীৰ উদ্গিৰণ হ'বলৈ আৰম্ভ কৰে। ৰাছিয়ান একাডেমি অব্ ছায়েন্সেজৰ ভূতাত্ত্বিক সেনাৰ মতে, জ্বালামুখীৰ পশ্চিম ঢালত লাভা নিগৰিত হয়। জ্বালামুখীটোৰ মুখত উজ্জ্বল পোহৰ দেখা পোৱাৰ লগতে বিস্ফোৰণৰ শব্দ শুনা গৈছে। ইফালে চিলিয়ে ইষ্টাৰ আইলেণ্ডত ছুনামিৰ সতৰ্কতা জাৰি কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু