--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ একমাত্ৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া চলি আছিল। চৌদিশে শোকৰ লহৰ। সকলোৰে চকুত চকুপানী। হঠাৎ এখন হেলিকপ্টাৰ ঘৰৰ পৰা অলপ দূৰৈত এখন পথাৰত অৱতৰণ কৰিলে। হেকপ্টাৰখনৰ দুৱাৰখন খুলি ‘মৃত’ ল’ৰাটো নামি আহিল। যাৰ শ্ৰাদ্ধ চলি আছিল তেওঁৱেই আহি ঘৰৰ ভিতৰ সোমাল। উপস্থিত সকলোৱে ভূত দেখাৰ দৰে স্তম্ভিত হৈ পৰিল। এনে দৃশ্য সাধাৰণতে চিনেমাৰ পৰ্দাত দেখা যায়। কিন্তু বাস্তৱতে ঘটিল এই ঘটনা।

৪৫ বছৰীয়া ‘মৃত’ ব্যক্তি ডেভিদ বাৰ্টেন বেলজিয়ামৰ বাসিন্দা। ডেভিদ পেছাত ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ। কেইবাদিনো ধৰি ডেভিদৰ লগত মাক-দেউতাকৰ বিবাদ আছিল। ডেভিদে অনুভৱ কৰিলে যে পৰিয়ালটোৰ বাবে তেওঁৰ গুৰুত্ব কম হৈ আহিছে। সেইবাবেই তেওঁ কিবা এটা কৰিব বিচাৰিছিল যাতে তেওঁৰ অভাৱ সকলোৱে বুজি পায়। ডেভিদে নিজেই জনালে যে সেইবাবেই তেওঁ মৃত্যুৰ নাটকখন ৰচনা কৰিছিলষ

পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাৰ খবৰটো বন্ধুক দিলে। ডেভিদ বাৰ্টেনৰ মিছা মৃত্যুৰ খবৰ ঘৰ পালেগৈ। ডেভিদৰ বন্ধুসকলে পৰিয়ালটোক জনালে যে এই পথ দুৰ্ঘটনাত ডেভিদৰ মৃতদেহটো সম্পূৰ্ণৰূপে ছিন্ন ভিন্ন হৈ পৰিছে। গতিকে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সাজু হবলৈ কয়


পুত্ৰৰ মৃত্যুৰ খবৰ পাই পিতৃ-মাতৃ কান্দোনত ভাঙি পৰে। গোটেই পৰিয়ালটো শোকস্তব্ধ হৈ উঠিল। ইয়াৰ মাজতে তেওঁলোকে ডেভিদৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰে। যেতিয়া নিয়ম অনুসৰি শ্ৰাদ্ধ সম্পূৰ্ণ হ’বলৈ ওলাইছিল, তেতিয়া ডেভিদে তাত উপস্থিত হয়। তেওঁ সকলোকে ভয় কৰিবলৈ মানা কৰিছিল। ডেভিদে সকলোকে কয় যে গোটেই ঘটনাটোৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ঘটনাটো আৰম্ভণিৰে পৰাই ভিডিঅ’ কৰা হৈছিল। সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দিয়া হৈছিল। কেইটামান মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ভিডিঅ’টো। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস