--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ একমাত্ৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া চলি আছিল। চৌদিশে শোকৰ লহৰ। সকলোৰে চকুত চকুপানী। হঠাৎ এখন হেলিকপ্টাৰ ঘৰৰ পৰা অলপ দূৰৈত এখন পথাৰত অৱতৰণ কৰিলে। হেকপ্টাৰখনৰ দুৱাৰখন খুলি ‘মৃত’ ল’ৰাটো নামি আহিল। যাৰ শ্ৰাদ্ধ চলি আছিল তেওঁৱেই আহি ঘৰৰ ভিতৰ সোমাল। উপস্থিত সকলোৱে ভূত দেখাৰ দৰে স্তম্ভিত হৈ পৰিল। এনে দৃশ্য সাধাৰণতে চিনেমাৰ পৰ্দাত দেখা যায়। কিন্তু বাস্তৱতে ঘটিল এই ঘটনা।

৪৫ বছৰীয়া ‘মৃত’ ব্যক্তি ডেভিদ বাৰ্টেন বেলজিয়ামৰ বাসিন্দা। ডেভিদ পেছাত ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ। কেইবাদিনো ধৰি ডেভিদৰ লগত মাক-দেউতাকৰ বিবাদ আছিল। ডেভিদে অনুভৱ কৰিলে যে পৰিয়ালটোৰ বাবে তেওঁৰ গুৰুত্ব কম হৈ আহিছে। সেইবাবেই তেওঁ কিবা এটা কৰিব বিচাৰিছিল যাতে তেওঁৰ অভাৱ সকলোৱে বুজি পায়। ডেভিদে নিজেই জনালে যে সেইবাবেই তেওঁ মৃত্যুৰ নাটকখন ৰচনা কৰিছিলষ

পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাৰ খবৰটো বন্ধুক দিলে। ডেভিদ বাৰ্টেনৰ মিছা মৃত্যুৰ খবৰ ঘৰ পালেগৈ। ডেভিদৰ বন্ধুসকলে পৰিয়ালটোক জনালে যে এই পথ দুৰ্ঘটনাত ডেভিদৰ মৃতদেহটো সম্পূৰ্ণৰূপে ছিন্ন ভিন্ন হৈ পৰিছে। গতিকে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সাজু হবলৈ কয়


পুত্ৰৰ মৃত্যুৰ খবৰ পাই পিতৃ-মাতৃ কান্দোনত ভাঙি পৰে। গোটেই পৰিয়ালটো শোকস্তব্ধ হৈ উঠিল। ইয়াৰ মাজতে তেওঁলোকে ডেভিদৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰে। যেতিয়া নিয়ম অনুসৰি শ্ৰাদ্ধ সম্পূৰ্ণ হ’বলৈ ওলাইছিল, তেতিয়া ডেভিদে তাত উপস্থিত হয়। তেওঁ সকলোকে ভয় কৰিবলৈ মানা কৰিছিল। ডেভিদে সকলোকে কয় যে গোটেই ঘটনাটোৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ঘটনাটো আৰম্ভণিৰে পৰাই ভিডিঅ’ কৰা হৈছিল। সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দিয়া হৈছিল। কেইটামান মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ভিডিঅ’টো। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ