--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত নৱৰাত্ৰী উৎসৱৰ অতি বিশেষ বুলি গণ্য কৰা হয়। এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। নৱৰাত্ৰিৰ ৯দিনত দুৰ্গাৰ ৯টা ৰূপৰ পূজা কৰা হয়। ভক্তসকলেও গোটেই বছৰটো শাৰদীয় নৱৰাত্ৰিৰ বাবে অপেক্ষা কৰি দুৰ্গা দেৱীক পূজা কৰে। পঞ্চঙৰ মতে শাৰদীয় নৱৰাত্ৰী আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা আৰম্ভ হয়। চলিত বৰ্ষত ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৫ অক্টোবৰলৈকে উদযাপন কৰা হ’ব।

 নৱৰাত্ৰিৰ সময়ত মানুহে ব্ৰত আৰু নীতি-নিয়ম অনুসৰি মাতা জগদম্বৰ পূজা কৰে। বিশ্বাস আৰু শক্তি অনুযায়ী বহু লোকে সম্পূৰ্ণ ৯দিন উপবাস থাকে, আনহাতে একাংশ লোকে প্ৰথম আৰু শেষদিনত ব্ৰত পালন কৰে। লগতে শাৰদীয় নৱৰাত্ৰীৰ প্ৰথম দিনা ঘৰত কলহ স্থাপন কৰা হয়। এইবাৰ শাৰদীয় নৱৰাত্ৰীক অতি শুভ বুলি গণ্য কৰা হৈছে, কাৰণ এইবাৰ হাতীত আগমন হৈছে মা দূৰ্গাৰ। হাতীত উঠি মাতা ৰাণীৰ আগমনৰ অৰ্থ কি জানো আহক।

 এইবাৰ নৱৰাত্ৰী উৎসৱ অতি বিশেষ

শাৰদীয় নৱৰাত্ৰী অতি বিশেষ, কাৰণ এইবাৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰী। দেওবাৰ বা সোমবাৰৰ পৰা যেতিয়াই নৱৰাত্ৰী আৰম্ভ হয় তেতিয়াই মাদুৰ্গা হাতীত উঠি আহে বুলি বিশ্বাস কৰা হয়।

 হাতীত আগমনৰ অৰ্থ কি?

ধৰ্মীয় বিশ্বাস অনুসৰি নৱৰাত্ৰিৰ সময়ত যেতিয়া মাদুৰ্গা হাতীত উঠি আহে, তেতিয়া ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। হাতীত উঠি দেৱী দুৰ্গাই লগত লৈ আহিছে বহুত সুখ আৰু সমৃদ্ধি। মাতৃৰ বাহন হাতী জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক। ইয়াৰ ফলত দেশত অৰ্থনৈতিক সমৃদ্ধি লাভ কৰাৰ লগতে অটুট থাকিব শান্তি-সমৃদ্ধি।

 হাতীত প্ৰস্থানৰ অৰ্থ কি?

এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী আৰু ০৫ অক্টোবৰ বুধবাৰে শেষ হ’ব। বিশ্বাস অনুসৰি বুধবাৰ আৰু শুকুৰবাৰে নৱৰাত্ৰী শেষ হ’লে মাদুৰ্গা হাতীতেই প্ৰস্থান কৰে, যিয়ে অধিক বৰষুণ হোৱাৰ ইংগিত দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ