--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত নৱৰাত্ৰী উৎসৱৰ অতি বিশেষ বুলি গণ্য কৰা হয়। এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। নৱৰাত্ৰিৰ ৯দিনত দুৰ্গাৰ ৯টা ৰূপৰ পূজা কৰা হয়। ভক্তসকলেও গোটেই বছৰটো শাৰদীয় নৱৰাত্ৰিৰ বাবে অপেক্ষা কৰি দুৰ্গা দেৱীক পূজা কৰে। পঞ্চঙৰ মতে শাৰদীয় নৱৰাত্ৰী আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা আৰম্ভ হয়। চলিত বৰ্ষত ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৫ অক্টোবৰলৈকে উদযাপন কৰা হ’ব।

 নৱৰাত্ৰিৰ সময়ত মানুহে ব্ৰত আৰু নীতি-নিয়ম অনুসৰি মাতা জগদম্বৰ পূজা কৰে। বিশ্বাস আৰু শক্তি অনুযায়ী বহু লোকে সম্পূৰ্ণ ৯দিন উপবাস থাকে, আনহাতে একাংশ লোকে প্ৰথম আৰু শেষদিনত ব্ৰত পালন কৰে। লগতে শাৰদীয় নৱৰাত্ৰীৰ প্ৰথম দিনা ঘৰত কলহ স্থাপন কৰা হয়। এইবাৰ শাৰদীয় নৱৰাত্ৰীক অতি শুভ বুলি গণ্য কৰা হৈছে, কাৰণ এইবাৰ হাতীত আগমন হৈছে মা দূৰ্গাৰ। হাতীত উঠি মাতা ৰাণীৰ আগমনৰ অৰ্থ কি জানো আহক।

 এইবাৰ নৱৰাত্ৰী উৎসৱ অতি বিশেষ

শাৰদীয় নৱৰাত্ৰী অতি বিশেষ, কাৰণ এইবাৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰী। দেওবাৰ বা সোমবাৰৰ পৰা যেতিয়াই নৱৰাত্ৰী আৰম্ভ হয় তেতিয়াই মাদুৰ্গা হাতীত উঠি আহে বুলি বিশ্বাস কৰা হয়।

 হাতীত আগমনৰ অৰ্থ কি?

ধৰ্মীয় বিশ্বাস অনুসৰি নৱৰাত্ৰিৰ সময়ত যেতিয়া মাদুৰ্গা হাতীত উঠি আহে, তেতিয়া ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। হাতীত উঠি দেৱী দুৰ্গাই লগত লৈ আহিছে বহুত সুখ আৰু সমৃদ্ধি। মাতৃৰ বাহন হাতী জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক। ইয়াৰ ফলত দেশত অৰ্থনৈতিক সমৃদ্ধি লাভ কৰাৰ লগতে অটুট থাকিব শান্তি-সমৃদ্ধি।

 হাতীত প্ৰস্থানৰ অৰ্থ কি?

এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী আৰু ০৫ অক্টোবৰ বুধবাৰে শেষ হ’ব। বিশ্বাস অনুসৰি বুধবাৰ আৰু শুকুৰবাৰে নৱৰাত্ৰী শেষ হ’লে মাদুৰ্গা হাতীতেই প্ৰস্থান কৰে, যিয়ে অধিক বৰষুণ হোৱাৰ ইংগিত দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক