--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি প্ৰায় মানুহৰ ঘৰত ‘মানি প্লাণ্ট’ দেখা যায়। ধৰ্মীয় বিশ্বাসৰ কাৰণেই হওক বা ঘৰৰ শোভাবৰ্ধনৰ কাৰণেই হওক মানি প্লাণ্ট ৰোপণ কৰি মানুহে ভালপায়। বহুতো উদ্ভিদক সুখ, সমৃদ্ধি আৰু সম্পদৰ উদ্ভিদ বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হ’ল মানি প্লাণ্ট। 

বিশ্বাস কৰা হয় যে যদি আপুনি টকা অৰ্জন কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ঘৰত মানি প্লাণ্ট ৰোপণ কৰিব লাগে। মানি প্লাণ্ট ঘৰত থাকিলে ব্যৱসায়ত উন্নতি হয় আৰু ধন-সম্পত্তি বৃদ্ধি পায়। কিন্তু মানি প্লাণ্ট স্থাপন কৰাৰ সময়ত কৰা কিছুমান ভুলে আপোনাক ধনী হোৱাৰ সলনি দুখীয়া কৰি তুলিব পাৰে। মানি প্লাণ্ট উদ্ভিদ ৰোপণ কৰাৰ সময়ত কিছু নিয়ম মানি চলাটো উচিত। 

কি কি নিয়ম মানি চলিব লাগে জানো আহক

১) ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও মানি প্লাণ্ট ৰোপণ কৰিব নালাগে। ইয়াৰ বাবে আপুনি হয়তো লোকচান ভুগিবলগীয়া হ’ব পাৰে। মানি প্লাণ্ট ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিলে ভাল।

২) মনত ৰাখিব যে মানি প্লাণ্ট কেতিয়াও শুকাই যাব নালাগে। কাৰণ মানি প্লাণ্টৰ শুকান পাতবোৰে আপোনাৰ ঘৰত দুৰ্ভাগ্যৰ সৃষ্টি কৰিব পাৰে। সেয়ে মানি প্লাণ্টৰ পৰা শুকান পাতবোৰ আঁতৰাই দিব লাগে বা ঘৰত নতুনকৈ মানি প্লাণ্ট এটা ৰোপণ কৰিব লাগে।

৩)মানি প্লাণ্ট ঘৰৰ বাহিৰত কেতিয়াও ৰোপণ কৰিব নালাগে। মানি প্লাণ্ট সদায় ঘৰৰ ভিতৰত থাকিব লাগে।

৪)মানি প্লাণ্টৰ লতা সদায় তলৰ পৰা ওপৰলৈ হ’ব লাগে, ওপৰৰ পৰা তললৈ নহয়। ইয়াৰ বাবে লাঠি আৰু সূতাৰ সহায়ত মানি প্লাণ্টৰ লতাডাল ওপৰলৈ তুলিব লাগে। ইয়াৰ ফলত প্ৰগতিৰ পথ মুকলি হয় বুলি বিশ্বাস কৰা হয়।

৫)মানি প্লাণ্ট কেতিয়াও প্লাষ্টিকৰ বটল বা পাত্ৰত থাকিব নালাগে, ইয়াৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কাঁচ বা মাটিৰ পাত্ৰত মানি প্লাণ্ট ৰোপণ কৰাটো সদায় শুভ।

৬)মানি প্লাণ্ট কেতিয়াও উপহাৰ হিচাপে নিদিব। এনে কৰিলে শুক্ৰ গ্ৰহ ৰুষ্ট হয়। শুক্ৰ গ্ৰহক সুখ-শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে মানি প্লাণ্ট কেতিয়াও উপহাৰ দিব নালাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক