--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি প্ৰায় মানুহৰ ঘৰত ‘মানি প্লাণ্ট’ দেখা যায়। ধৰ্মীয় বিশ্বাসৰ কাৰণেই হওক বা ঘৰৰ শোভাবৰ্ধনৰ কাৰণেই হওক মানি প্লাণ্ট ৰোপণ কৰি মানুহে ভালপায়। বহুতো উদ্ভিদক সুখ, সমৃদ্ধি আৰু সম্পদৰ উদ্ভিদ বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হ’ল মানি প্লাণ্ট। 

বিশ্বাস কৰা হয় যে যদি আপুনি টকা অৰ্জন কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ঘৰত মানি প্লাণ্ট ৰোপণ কৰিব লাগে। মানি প্লাণ্ট ঘৰত থাকিলে ব্যৱসায়ত উন্নতি হয় আৰু ধন-সম্পত্তি বৃদ্ধি পায়। কিন্তু মানি প্লাণ্ট স্থাপন কৰাৰ সময়ত কৰা কিছুমান ভুলে আপোনাক ধনী হোৱাৰ সলনি দুখীয়া কৰি তুলিব পাৰে। মানি প্লাণ্ট উদ্ভিদ ৰোপণ কৰাৰ সময়ত কিছু নিয়ম মানি চলাটো উচিত। 

কি কি নিয়ম মানি চলিব লাগে জানো আহক

১) ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও মানি প্লাণ্ট ৰোপণ কৰিব নালাগে। ইয়াৰ বাবে আপুনি হয়তো লোকচান ভুগিবলগীয়া হ’ব পাৰে। মানি প্লাণ্ট ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিলে ভাল।

২) মনত ৰাখিব যে মানি প্লাণ্ট কেতিয়াও শুকাই যাব নালাগে। কাৰণ মানি প্লাণ্টৰ শুকান পাতবোৰে আপোনাৰ ঘৰত দুৰ্ভাগ্যৰ সৃষ্টি কৰিব পাৰে। সেয়ে মানি প্লাণ্টৰ পৰা শুকান পাতবোৰ আঁতৰাই দিব লাগে বা ঘৰত নতুনকৈ মানি প্লাণ্ট এটা ৰোপণ কৰিব লাগে।

৩)মানি প্লাণ্ট ঘৰৰ বাহিৰত কেতিয়াও ৰোপণ কৰিব নালাগে। মানি প্লাণ্ট সদায় ঘৰৰ ভিতৰত থাকিব লাগে।

৪)মানি প্লাণ্টৰ লতা সদায় তলৰ পৰা ওপৰলৈ হ’ব লাগে, ওপৰৰ পৰা তললৈ নহয়। ইয়াৰ বাবে লাঠি আৰু সূতাৰ সহায়ত মানি প্লাণ্টৰ লতাডাল ওপৰলৈ তুলিব লাগে। ইয়াৰ ফলত প্ৰগতিৰ পথ মুকলি হয় বুলি বিশ্বাস কৰা হয়।

৫)মানি প্লাণ্ট কেতিয়াও প্লাষ্টিকৰ বটল বা পাত্ৰত থাকিব নালাগে, ইয়াৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কাঁচ বা মাটিৰ পাত্ৰত মানি প্লাণ্ট ৰোপণ কৰাটো সদায় শুভ।

৬)মানি প্লাণ্ট কেতিয়াও উপহাৰ হিচাপে নিদিব। এনে কৰিলে শুক্ৰ গ্ৰহ ৰুষ্ট হয়। শুক্ৰ গ্ৰহক সুখ-শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে মানি প্লাণ্ট কেতিয়াও উপহাৰ দিব নালাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ