--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ আপুনি কোনো হোটেল বা ৰেষ্টুৰেণ্টৰ পৰা ধৰক খাদ্য অৰ্ডাৰ কৰিছে আৰু সেই খাদ্য গ্ৰহণ কৰিবলৈ লৈ দেখে যে খাদ্যৰ পৰা ওলাইছে সাপৰ ছাল। কেনে লাগিব বাৰু আপোনাৰ।? নিশ্চয় গাটো  জিকাৰ খাই উঠিব। নহয় জানো ? 

এনে এক ঘটনাই সংঘটিত হৈছে কেৰালাৰ তিৰুৱন্তপুৰমত। এগৰাকী মহিলা আৰু তেওঁৰ কন্যাই তেওঁলোকৰ ফুড ডেলিভাৰীৰ পাৰ্চেলত সাপৰ ছাল পাইছিল। ইয়াৰ পাছতেই মহিলাগৰাকীয়ে আৰক্ষী আৰু শীৰ্ষ বিষয়াসকলক এই বিষয়ে অৱগত কৰি অভিযোগ দাখিল কৰে।  

তিৰুৱন্তপুৰমৰ বাসিন্দা প্ৰিয়াই যোৱা বৃহস্পতিবাৰে চহৰখনৰ নেদুমঙ্গদ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টৰ পৰা দুটা পৰঠাৰ অৰ্ডাৰ দিছিল। ফুড ডেলিভাৰী বয়ে খাদ্য দি যোৱাৰ পাছত তেওঁ প্ৰথমে তেওঁৰ কন্যাক খাদ্য পৰিৱেশন কৰিছিল। কন্যাই তেওঁৰ সকলো খাদ্য খাই শেষ কৰিছিল কিন্তু যেতিয়া প্ৰিয়াই খাবলৈ আৰম্ভ কৰিলে তেওঁ ৰেপিং পেপাৰত প্ৰায় আধা আঙুলি দীঘল সাপৰ ছালৰ টুকুৰা দেখিলে। যিটো দেখি দুয়ো খুব ভয় খায়। 

প্ৰিয়াৰ অভিযোগৰ  ওপৰত ভিত্তি কৰি স্থানীয় পৌৰ কৰ্তৃপক্ষই ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰিছিল আৰু দেখিছিল যে অতি বেয়া আৰু লেতেৰা অৱস্থাত  হোটেলখনত কাম কৰা হয়। এনে পৰিস্থিতিত,কৰ্তৃপক্ষই  হোটেলখন তৎক্ষণাৎ বন্ধ কৰি দিছিল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস