--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ আপুনি কোনো হোটেল বা ৰেষ্টুৰেণ্টৰ পৰা ধৰক খাদ্য অৰ্ডাৰ কৰিছে আৰু সেই খাদ্য গ্ৰহণ কৰিবলৈ লৈ দেখে যে খাদ্যৰ পৰা ওলাইছে সাপৰ ছাল। কেনে লাগিব বাৰু আপোনাৰ।? নিশ্চয় গাটো  জিকাৰ খাই উঠিব। নহয় জানো ? 

এনে এক ঘটনাই সংঘটিত হৈছে কেৰালাৰ তিৰুৱন্তপুৰমত। এগৰাকী মহিলা আৰু তেওঁৰ কন্যাই তেওঁলোকৰ ফুড ডেলিভাৰীৰ পাৰ্চেলত সাপৰ ছাল পাইছিল। ইয়াৰ পাছতেই মহিলাগৰাকীয়ে আৰক্ষী আৰু শীৰ্ষ বিষয়াসকলক এই বিষয়ে অৱগত কৰি অভিযোগ দাখিল কৰে।  

তিৰুৱন্তপুৰমৰ বাসিন্দা প্ৰিয়াই যোৱা বৃহস্পতিবাৰে চহৰখনৰ নেদুমঙ্গদ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টৰ পৰা দুটা পৰঠাৰ অৰ্ডাৰ দিছিল। ফুড ডেলিভাৰী বয়ে খাদ্য দি যোৱাৰ পাছত তেওঁ প্ৰথমে তেওঁৰ কন্যাক খাদ্য পৰিৱেশন কৰিছিল। কন্যাই তেওঁৰ সকলো খাদ্য খাই শেষ কৰিছিল কিন্তু যেতিয়া প্ৰিয়াই খাবলৈ আৰম্ভ কৰিলে তেওঁ ৰেপিং পেপাৰত প্ৰায় আধা আঙুলি দীঘল সাপৰ ছালৰ টুকুৰা দেখিলে। যিটো দেখি দুয়ো খুব ভয় খায়। 

প্ৰিয়াৰ অভিযোগৰ  ওপৰত ভিত্তি কৰি স্থানীয় পৌৰ কৰ্তৃপক্ষই ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰিছিল আৰু দেখিছিল যে অতি বেয়া আৰু লেতেৰা অৱস্থাত  হোটেলখনত কাম কৰা হয়। এনে পৰিস্থিতিত,কৰ্তৃপক্ষই  হোটেলখন তৎক্ষণাৎ বন্ধ কৰি দিছিল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী