--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, সকলো ধৰ্মীয় গোটৰ ভাৰতীয় মহিলাৰ মাজতে শিশুৰ জন্মৰ উৰ্বৰতাৰ হাৰ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে৷ যোৱা সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি, ২০১৫-১৬ বৰ্ষত চলা এনএফএইচএছৰ চতুৰ্থটো সমীক্ষা আৰু ২০১৯-২১ বৰ্ষত চলা পঞ্চমটো সমীক্ষাত সকলো সম্প্ৰদায়ৰ মাজত শিশুৰ জন্মৰ হাৰৰ উৰ্বৰতা হ্ৰাস পোৱাৰ তথ্য পোহৰলৈ আহিছে৷

তথ্যবোৰে এইটোও দেখুৱাইছে যে ঐতিহাসিকভাৱে শিশুৰ জন্মৰ হাৰ অধিক হোৱা ধৰ্মীয় গোটবোৰতো দ্ৰুত হ্ৰাসৰ প্ৰৱণতা অব্যাহত আছে।  সেয়েহে, ইছলাম ধৰ্মাৱলম্বী মহিলাসকলৰ মাজত  এনএফএইচএছ-৪ আৰু এনএফএইচএছ-৫ সমীক্ষাৰ মাজত ২.৬২ৰ পৰা ২.৩৬লৈ ৯.৯% হ্ৰাস পাইছে যদিও ই আন সম্প্ৰদায়তকৈ অধিক হৈ আছে৷

এনএফএইচএছ-ৰ পাঁচটা ৰাউণ্ডত, মুছলমান টিএফআৰ ৪৬.৫% হ্ৰাস পাইছে, যি হিন্দুসকলৰ বাবে ৪১.২% আৰু খ্ৰীষ্টান আৰু শিখসকলৰ বাবে প্ৰায় এক তৃতীয়াংশ হ্ৰাস পাইছে। এনএফএইচএছ-৫ৰ প্ৰতিবেদনত কোৱা হৈছে যে মহিলাৰ স্কুলীয়া শিক্ষাৰ স্তৰৰ সৈতে প্ৰতিগৰাকী মহিলাৰ শিশুৰ সংখ্যা হ্ৰাস পাইছে। ১২ বা অধিক বছৰ স্কুলীয়া শিক্ষা লাভ কৰা মহিলাৰ বাবে ১.৮টা শিশুৰ তুলনাত স্কুলীয়া শিক্ষা নোহোৱা মহিলাৰ গড় ২.৮ টা সন্তান থাকে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী