--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জাংক ফুড আনন্দৰে খোৱা লোকৰ ওপৰত। যিসকল লোকে নিয়মিতভাৱে বাহিৰৰ পৰা আল্ট্ৰা প্ৰচেছড খাদ্য খায় তেওঁলোকৰ অকাল মৃত্যুৰ সম্ভাৱনা বেছি। অৰ্থাৎ গড় বয়সৰ আগতেই মৃত্যু হ’ব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত ওলাইছে এই তথ্য। ৩০ বছৰতকৈও অধিক সময় ধৰি ১ লাখ ১৪ হাজাৰ লোকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী অনুসৰণ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।

প্ৰথমে জানি লওক আল্ট্ৰা প্ৰচেছড খাদ্য কি? আল্ট্ৰা প্ৰচেছড খাদ্যৰ কোনো এটা সংজ্ঞা নাই যদিও সাধাৰণতে ইয়াত এনেকুৱা উপাদান থাকে যিবোৰ ঘৰৰ ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা নহয়। আৰু এই উপাদানসমূহে স্বাস্থ্যৰ প্ৰচণ্ড ক্ষতি কৰে। যেনে প্ৰিজাৰভেটিছ, ৰং আৰু ছুইটনাৰ্চ। অত্যধিক পৰিমাণৰ চেচুৰেটেড ফেট থকা আৰু পুষ্টিকৰ উপাদান আৰু আঁহৰ অভাৱ থকা খাদ্যও আল্ট্ৰা প্ৰচেছড খাদ্যৰ অন্তৰ্ভুক্ত। আল্ট্ৰা প্ৰচেছড খাদ্যক কচমেটিক খাদ্য বুলিও কোৱা হয়। য’ত খাদ্যৰ প্ৰাকৃতিক উপাদানসমূহ আঁতৰাই তাৰ ঠাইত কৃত্ৰিম উপাদান স্থাপন কৰা হয়। যাৰ বাবে ইয়াৰ পুষ্টিকৰ উপাদান হেৰাই যায়। প্ৰচেছড খাদ্যৰ ভিতৰত কেক, পেষ্ট্ৰি, নুডলছ, কেণ্ডি, চিপচ, ৰেডি টু ইট ফুড, প্ৰচুৰ পৰিমাণে চেনি থকা পানীয় ইত্যাদি।

মেডিকেল জাৰ্নেল বিএমজেত প্ৰকাশিত এই অধ্যয়নত আল্ট্ৰা প্ৰচেছড খাদ্য গ্ৰহণৰ লগত জড়িত বিপদৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

অধ্যয়নত কি প্ৰকাশ পাইছিল?

-আল্ট্ৰা প্ৰচেছড খাদ্য অত্যধিক সেৱনৰ ফলত মৃত্যুৰ আশংকা বেছি।

-যিসকল লোকে নিয়মিতভাৱে আল্ট্ৰা প্ৰচেছড মাংস সেৱন কৰে তেওঁলোকৰ অকাল মৃত্যুৰ সম্ভাৱনা ১৩% বেছি।

-অত্যধিক মিঠা আৰু কৃত্ৰিম চেনি (ঠাণ্ডা) পানীয় সেৱন কৰাসকলৰ মাজত আগতীয়াকৈ মৃত্যুৰ সম্ভাৱনা ৯% বেছি।

-প্ৰায় ৩৪ বছৰ ধৰি চলি থকা এই অধ্যয়নৰ সময়ছোৱাত গৱেষকসকলে ৪৮,১৯৩ জনৰ মৃত্যু চিনাক্ত কৰিছে, য’ত কৰ্কট ৰোগত মৃত্যু হোৱা ১৩,৫৫৭, হৃদযন্ত্ৰৰ ৰোগত ১১,৪১৬ জনৰ মৃত্যু, শ্বাস-প্ৰশ্বাসজনিত ৰোগত ৩,৯২৬ জনৰ মৃত্যু আৰু স্নায়ুৰ অৱক্ষয়ৰ বাবে ৬,৩৪৩ জনৰ মৃত্যু।

-এই সিদ্ধান্ত লোৱা হৈছে যে দীৰ্ঘায়ুৰ বাবে কিছুমান প্ৰকাৰৰ আল্ট্ৰা প্ৰচেছড খাদ্যৰ ব্যৱহাৰ সীমিত কৰাটো প্ৰয়োজনীয়। আল্ট্ৰা প্ৰচেছড খাদ্যৰ শ্ৰেণীবিভাজনো উন্নত কৰিব লাগিব।


ইয়াৰ পূৰ্বে প্ৰকাশিত আন বহুতো গৱেষণাৰ পৰাও আল্ট্ৰা প্ৰচেছড খাদ্য আৰু কেন্সাৰ, মানসিক স্বাস্থ্যজনিত সমস্যা, টাইপ ২ ডায়েবেটিছ আৰু অকাল মৃত্যুৰ মাজত সম্পৰ্ক পোৱা গৈছে। আল্ট্ৰা প্ৰচেছড খাদ্য এতিয়া সাধাৰণ মানুহৰ খাদ্যৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। বিশেষকৈ পশ্চিমীয়া দেশসমূহত। তাত দৈনিক খাদ্যৰ আধা অংশ আল্ট্ৰা প্ৰচেছড খাদ্য। 

যুৱক-যুৱতী আৰু কম আয়ৰ লোকৰ মাজত এই অনুপাত ৮০% লৈ বৃদ্ধি পাব পাৰে। মুঠতে এই সিদ্ধান্ত হ’ল যে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে আৰু দীৰ্ঘায়ু হ’ব বিচাৰে, তেন্তে আল্ট্ৰা প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থাকক। সতেজ খাদ্য খাওক আৰু আপোনাৰ ঘৰৰ পাকঘৰৰ প্ৰতি অটল প্ৰেম ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ