--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জাংক ফুড আনন্দৰে খোৱা লোকৰ ওপৰত। যিসকল লোকে নিয়মিতভাৱে বাহিৰৰ পৰা আল্ট্ৰা প্ৰচেছড খাদ্য খায় তেওঁলোকৰ অকাল মৃত্যুৰ সম্ভাৱনা বেছি। অৰ্থাৎ গড় বয়সৰ আগতেই মৃত্যু হ’ব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত ওলাইছে এই তথ্য। ৩০ বছৰতকৈও অধিক সময় ধৰি ১ লাখ ১৪ হাজাৰ লোকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী অনুসৰণ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।

প্ৰথমে জানি লওক আল্ট্ৰা প্ৰচেছড খাদ্য কি? আল্ট্ৰা প্ৰচেছড খাদ্যৰ কোনো এটা সংজ্ঞা নাই যদিও সাধাৰণতে ইয়াত এনেকুৱা উপাদান থাকে যিবোৰ ঘৰৰ ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা নহয়। আৰু এই উপাদানসমূহে স্বাস্থ্যৰ প্ৰচণ্ড ক্ষতি কৰে। যেনে প্ৰিজাৰভেটিছ, ৰং আৰু ছুইটনাৰ্চ। অত্যধিক পৰিমাণৰ চেচুৰেটেড ফেট থকা আৰু পুষ্টিকৰ উপাদান আৰু আঁহৰ অভাৱ থকা খাদ্যও আল্ট্ৰা প্ৰচেছড খাদ্যৰ অন্তৰ্ভুক্ত। আল্ট্ৰা প্ৰচেছড খাদ্যক কচমেটিক খাদ্য বুলিও কোৱা হয়। য’ত খাদ্যৰ প্ৰাকৃতিক উপাদানসমূহ আঁতৰাই তাৰ ঠাইত কৃত্ৰিম উপাদান স্থাপন কৰা হয়। যাৰ বাবে ইয়াৰ পুষ্টিকৰ উপাদান হেৰাই যায়। প্ৰচেছড খাদ্যৰ ভিতৰত কেক, পেষ্ট্ৰি, নুডলছ, কেণ্ডি, চিপচ, ৰেডি টু ইট ফুড, প্ৰচুৰ পৰিমাণে চেনি থকা পানীয় ইত্যাদি।

মেডিকেল জাৰ্নেল বিএমজেত প্ৰকাশিত এই অধ্যয়নত আল্ট্ৰা প্ৰচেছড খাদ্য গ্ৰহণৰ লগত জড়িত বিপদৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

অধ্যয়নত কি প্ৰকাশ পাইছিল?

-আল্ট্ৰা প্ৰচেছড খাদ্য অত্যধিক সেৱনৰ ফলত মৃত্যুৰ আশংকা বেছি।

-যিসকল লোকে নিয়মিতভাৱে আল্ট্ৰা প্ৰচেছড মাংস সেৱন কৰে তেওঁলোকৰ অকাল মৃত্যুৰ সম্ভাৱনা ১৩% বেছি।

-অত্যধিক মিঠা আৰু কৃত্ৰিম চেনি (ঠাণ্ডা) পানীয় সেৱন কৰাসকলৰ মাজত আগতীয়াকৈ মৃত্যুৰ সম্ভাৱনা ৯% বেছি।

-প্ৰায় ৩৪ বছৰ ধৰি চলি থকা এই অধ্যয়নৰ সময়ছোৱাত গৱেষকসকলে ৪৮,১৯৩ জনৰ মৃত্যু চিনাক্ত কৰিছে, য’ত কৰ্কট ৰোগত মৃত্যু হোৱা ১৩,৫৫৭, হৃদযন্ত্ৰৰ ৰোগত ১১,৪১৬ জনৰ মৃত্যু, শ্বাস-প্ৰশ্বাসজনিত ৰোগত ৩,৯২৬ জনৰ মৃত্যু আৰু স্নায়ুৰ অৱক্ষয়ৰ বাবে ৬,৩৪৩ জনৰ মৃত্যু।

-এই সিদ্ধান্ত লোৱা হৈছে যে দীৰ্ঘায়ুৰ বাবে কিছুমান প্ৰকাৰৰ আল্ট্ৰা প্ৰচেছড খাদ্যৰ ব্যৱহাৰ সীমিত কৰাটো প্ৰয়োজনীয়। আল্ট্ৰা প্ৰচেছড খাদ্যৰ শ্ৰেণীবিভাজনো উন্নত কৰিব লাগিব।


ইয়াৰ পূৰ্বে প্ৰকাশিত আন বহুতো গৱেষণাৰ পৰাও আল্ট্ৰা প্ৰচেছড খাদ্য আৰু কেন্সাৰ, মানসিক স্বাস্থ্যজনিত সমস্যা, টাইপ ২ ডায়েবেটিছ আৰু অকাল মৃত্যুৰ মাজত সম্পৰ্ক পোৱা গৈছে। আল্ট্ৰা প্ৰচেছড খাদ্য এতিয়া সাধাৰণ মানুহৰ খাদ্যৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। বিশেষকৈ পশ্চিমীয়া দেশসমূহত। তাত দৈনিক খাদ্যৰ আধা অংশ আল্ট্ৰা প্ৰচেছড খাদ্য। 

যুৱক-যুৱতী আৰু কম আয়ৰ লোকৰ মাজত এই অনুপাত ৮০% লৈ বৃদ্ধি পাব পাৰে। মুঠতে এই সিদ্ধান্ত হ’ল যে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে আৰু দীৰ্ঘায়ু হ’ব বিচাৰে, তেন্তে আল্ট্ৰা প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থাকক। সতেজ খাদ্য খাওক আৰু আপোনাৰ ঘৰৰ পাকঘৰৰ প্ৰতি অটল প্ৰেম ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু