--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি সদায় দৈ খায় নেকি? সদায় দৈ খোৱাটো স্বাস্থ্যৰ বাবে হেনো ভাল নহয়। এনে দাবীয়েই কৰিছে চেন্নাইৰ এগৰাকী চিকিৎসকে।  বহুতেই  দৈক  আহাৰৰ এক অপৰিহাৰ্য অংশ হিচাবে  বিবেচনা কৰে। দৈ  কাৰ্বোহাইড্ৰেট, প্ৰ'টিন, ছডিয়াম, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এক কথাত দৈ হৈছে  পুষ্টিৰ এক সমৃদ্ধ উৎস।কিন্তু  চেন্নাইৰ এগৰাকী চিকিৎসক  ডাঃ কবিতা দেৱে প্ৰতিদিনে দৈ খোৱাটো অপকাৰী বুলি মন্তব্য কৰিছে। 

চিকিৎসকগৰাকীৰ মন্তব্যক ছ'চিয়েল মিডিয়াত বহুতে সমালোচনা কৰাও দেখা গৈছে। বহুতে চিকিৎসকগৰাকীৰ পোষ্টটোত নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।"দৈনিক দৈ নাখাব," চিকিৎসকগৰাকীয়ে  তেওঁৰ  পোষ্টত তেনেদৰেই স্পষ্টভাবে উল্লেখ কৰিছে। চিকিৎসকগৰাকীয়ে  "দৈ" সম্পৰ্কে দিয়া  পোষ্টত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বাংগালুৰুৰ এগৰাকী চিকিৎসক  ডাঃ দীপক কৃষ্ণমূৰ্তি,কয়, "বেছিভাগ দক্ষিণ ভাৰতীয় লোকেই  শতিকা ধৰি প্ৰতিদিনে  দৈ খাই আহিছে। হঠাতে দৈৰ বিষয়ে এনে বিভ্ৰান্তিকৰ পোষ্ট সেয়ে সমৰ্থন কৰিব নোৱাৰি।"

আন এগৰাকী ব্যক্তিয়ে এক্সত পোষ্ট কৰিছে "সেয়া মিছা কথা নহয়। মোৰ প্ৰতি বছৰে প্ৰায় ৬ মাহ কাহ হয়। মোৰ হোমিঅ'পেথি চিকিৎসকে মোক ৰাতি দৈ খোৱা বন্ধ কৰিবলৈ কৈছিল। তাৰ পিছত মোৰ কাহ নাইকিয়া হ'ল।"

 বিতৰ্কৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ব্যৱহাৰকাৰীয়ে কৈছে, "যেতিয়া এজন চিকিৎসকে এয়া কয় যে দৈ বেয়া, এয়া  বেয়া কথা। দৈ খাব পাৰি।  মানুহে প্ৰ'বায়োটিক পৰিপূৰকৰ হিচাবে দৈ খাব লাগে। কাৰণ দৈ এবিধ ভাল  প্ৰ'বায়োটিক। কেৱল ইয়াক চেনি বা নিমখৰ  সৈতে মিহলি কৰিব নালাগে।নহ’লে দৈয়ে ইয়াৰ গুণ হেৰুৱাই পেলায়" । আন এটা মন্তব্যত কোৱা হৈছে, "হয়, মই দিনে তিনিবাৰ কৈ দৈ খাও । মই এতিয়ালৈকে ৪৬ বছৰ কোনো অসুবিধা নোহোৱাকৈ  জীয়াই আছোঁ। কেতিয়াও মোক কোনো  চিকিৎসকে দৈ নাখাবলৈ কোৱা নাই।"  চেন্নাইৰ চিকিৎসকগৰাকীয়ে কি কাৰণত প্ৰতিদিনে দৈ খোৱা বেয়া সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই। দৈত থকা উপকাৰী বেক্টেৰিয়াই আমাৰ পেটৰ বহু সমস্যা দূৰ কৰিব পাৰে বুলি ইমান দিনে স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে। তেনে ক্ষেত্ৰত চেন্নাইৰ চিকিৎসকগৰাকীয়ে কিয় তেনেদৰে ক’লে সেয়া বহুতৰে বাবে সাঁথৰ হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ