--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপেলত লুকাই আছে স্বাস্থ্যৰ সম্পদ। প্ৰতিদিনে আপেল খালে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধন হয়। বেছিভাগ ঠাইতে ৰঙা আপেল খোৱাটো এটা ট্ৰেণ্ড, কিন্তু সেউজীয়া আপেলো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। সেউজীয়া আপেলত কেলচিয়াম, আইৰণ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট আদি গুণ আছে, যিয়ে শৰীৰক উপকৃত কৰাৰ লগতে ৰোগবোৰ দূৰত ৰাখে।

সেউজীয়া আপেলৰ উপকাৰিতা

১) মানসিক স্বাস্থ্যৰ বাবে উপকাৰীঃ সেউজীয়া আপেলত কুৱেৰচেটিন নামৰ এবিধ মৌল পোৱা যায়। মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ বাবে সেউজীয়া ৰঙৰ আপেল অতি উত্তম বুলি গণ্য কৰা হয়। এলঝেইমাৰ ৰোগত আক্ৰান্ত লোকসকলে নিয়মিতভাৱে সেউজীয়া আপেল সেৱন কৰিব লাগে।

২) হাড়বোৰ শক্তিশালী কৰি তোলেঃ সেউজীয়া আপেলত কেলচিয়াম ভাল পৰিমাণে থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। বয়সৰ পাছত মহিলাৰ হাড় দুৰ্বল হ’বলৈ ধৰে। এনে অৱস্থাত আপুনি দৈনিক সেউজীয়া আপেল সেৱন কৰিব পাৰে।

৩) লিভাৰ শক্তিশালী কৰেঃ সেউজীয়া আপেলত থকা পুষ্টিকৰ উপাদানে লিভাৰক শক্তিশালী কৰাৰ কাম কৰে। সেউজীয়া আপেলত এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ পোৱা যায়। এইবোৰ হজম শক্তিৰ বাবে উপকাৰী।

৪) পাচনত উপকাৰীঃ হজম শক্তিৰ বাবে সেউজীয়া আপেল অতি উপকাৰী বুলি ধৰা হয়। ইয়াত থকা আঁহবোৰ হজম কাৰ্য্যত অতি উপকাৰী। সেউজীয়া আপেল খালে মেটাবলিজম উন্নত হয়।

৫) ওজন কমোৱাঃ ইয়াত মিনাৰেল, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। ইয়াক খালে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায়। সেউজীয়া আপেলে প্ৰচুৰ শক্তি দিয়ে। ইয়াক দৈনিক খালে ওজন কমোৱাত সহায়ক হ’ব পাৰে।

৬) চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ সেউজীয়া আপেলত ভিটামিন এ ভাল পৰিমাণে থাকে, যিটো চকুৰ বাবে উপকাৰী। 
হাওঁফাওঁৰ বাবে উপকৃত হয়

৭) হাওঁফাওঁক উপকৃত কৰেঃ সেউজীয়া আপেলে হাওঁফাওঁক উপকৃত কৰে। ইয়াৰ সেৱনে হাওঁফাওঁ শক্তিশালী কৰে। শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ক্ষেত্ৰতো ই সকাহ দিয়ে।

গতিকে আপোনাৰ খাদ্য তালিকাত সেউজীয়া আপেল যোগ দিবলৈ চেষ্টা কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক