--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপেলত লুকাই আছে স্বাস্থ্যৰ সম্পদ। প্ৰতিদিনে আপেল খালে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধন হয়। বেছিভাগ ঠাইতে ৰঙা আপেল খোৱাটো এটা ট্ৰেণ্ড, কিন্তু সেউজীয়া আপেলো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। সেউজীয়া আপেলত কেলচিয়াম, আইৰণ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট আদি গুণ আছে, যিয়ে শৰীৰক উপকৃত কৰাৰ লগতে ৰোগবোৰ দূৰত ৰাখে।

সেউজীয়া আপেলৰ উপকাৰিতা

১) মানসিক স্বাস্থ্যৰ বাবে উপকাৰীঃ সেউজীয়া আপেলত কুৱেৰচেটিন নামৰ এবিধ মৌল পোৱা যায়। মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ বাবে সেউজীয়া ৰঙৰ আপেল অতি উত্তম বুলি গণ্য কৰা হয়। এলঝেইমাৰ ৰোগত আক্ৰান্ত লোকসকলে নিয়মিতভাৱে সেউজীয়া আপেল সেৱন কৰিব লাগে।

২) হাড়বোৰ শক্তিশালী কৰি তোলেঃ সেউজীয়া আপেলত কেলচিয়াম ভাল পৰিমাণে থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। বয়সৰ পাছত মহিলাৰ হাড় দুৰ্বল হ’বলৈ ধৰে। এনে অৱস্থাত আপুনি দৈনিক সেউজীয়া আপেল সেৱন কৰিব পাৰে।

৩) লিভাৰ শক্তিশালী কৰেঃ সেউজীয়া আপেলত থকা পুষ্টিকৰ উপাদানে লিভাৰক শক্তিশালী কৰাৰ কাম কৰে। সেউজীয়া আপেলত এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ পোৱা যায়। এইবোৰ হজম শক্তিৰ বাবে উপকাৰী।

৪) পাচনত উপকাৰীঃ হজম শক্তিৰ বাবে সেউজীয়া আপেল অতি উপকাৰী বুলি ধৰা হয়। ইয়াত থকা আঁহবোৰ হজম কাৰ্য্যত অতি উপকাৰী। সেউজীয়া আপেল খালে মেটাবলিজম উন্নত হয়।

৫) ওজন কমোৱাঃ ইয়াত মিনাৰেল, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। ইয়াক খালে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায়। সেউজীয়া আপেলে প্ৰচুৰ শক্তি দিয়ে। ইয়াক দৈনিক খালে ওজন কমোৱাত সহায়ক হ’ব পাৰে।

৬) চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ সেউজীয়া আপেলত ভিটামিন এ ভাল পৰিমাণে থাকে, যিটো চকুৰ বাবে উপকাৰী। 
হাওঁফাওঁৰ বাবে উপকৃত হয়

৭) হাওঁফাওঁক উপকৃত কৰেঃ সেউজীয়া আপেলে হাওঁফাওঁক উপকৃত কৰে। ইয়াৰ সেৱনে হাওঁফাওঁ শক্তিশালী কৰে। শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ক্ষেত্ৰতো ই সকাহ দিয়ে।

গতিকে আপোনাৰ খাদ্য তালিকাত সেউজীয়া আপেল যোগ দিবলৈ চেষ্টা কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু