--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:  আপুনি মাস্ক পৰিধান কৰা পৰিহাৰ কৰিলে নেকি? চেনিটাইজৰৰ ব্যৱহাৰ বাদ দিলে নেকি? যদি বাদ দিলে তেন্তে এতিয়াৰ পৰা সাৱধান হওক। কিয়নো পুনৰ ভয়ংকৰভাৱে বাঢ়িছে ক’ভিডৰ গণসংক্ৰমণ। এদিনতে আক্ৰান্ত হৈছে ১৬৫২ জন লোকৰ। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮জনকৈ লোকৰ।


 এই পৰিসংখ্যা হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ। দিল্লীত ক’ভিডে পুনৰবাৰ ধাৰণ কৰিছে জটিল ৰূপ। এতিয়াও হাস্পতালতেই আছে ৬৮০৯ জন ক’ভিড আক্ৰান্ত ৰোগী। ৰাজধানী চহৰখনত ক’ভিডৰ পজিটিভিটিৰ হাৰ হৈছে ৯.৯২ শতাংশ। আনহাতে বিগত ১৫ দিনত ICUত আছে ২০২জন ক’ৰোনা ৰোগী। এইসমূহ পৰিসংখ্যালৈ চাই এতিয়া সজাগ হৈছে দিল্লী চৰকাৰ। অচিৰেই দিল্লীত ক’ভিডৰ গণসংক্ৰমণ ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱাল চৰকাৰে।

 

আনহাতে অসমতো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ১৭৪ জন লোক। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক আক্ৰান্ত হৈছে ২৬ জন কৈ লোকৰ। ইফালে ৰাজ্যত এতিয়া পজিটিভিটিৰ হাৰ ৩.৬২ শতাংশ। বুধবাৰৰ দিনটোত এজনো ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যু হোৱা নাই যদিও সকলোকে ক’ভিড বিধি মানি চলিবলৈ অনুৰোধ জনাইছে স্বাস্থ্য বিভাগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ