--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম সদায় পৱিত্ৰ আৰু স্বৰ্গীয়। প্ৰেমে সদায় পোহৰৰ পথ দেখুৱায়। কিন্তু অবৈধ প্ৰেমৰ পৰিণতি সদায় কৰুণ হয়। অবৈধ প্ৰেমে মানুহৰ জীৱন নৰক সদৃশো কৰি তোলে। এনে প্ৰেমে নিজৰ জীৱনৰ লগতে দুখন ঘৰৰ পৰিৱেশ দুৰ্বিষহ কৰি তোলে। ৰাজস্থানত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা। শাহু আৰু জোঁৱায়ে একেলগে এজোপা গছত চিপ লৈ আত্মহত্যা কৰিছে। 

শাহু আৰু জোঁৱাইৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই দুয়োজনে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বৰমেৰ-ৰামছাৰ পথৰ ওচৰত অৱস্থিত এখন গাঁৱত। মঙলবাৰে পুৱা গাঁওখনৰ লোক ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়ত গছত ওলমি থকা দুটা মৃতদেহ প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই গাঁওখনত হুলস্থূল তথা আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

গাঁওবাসীয়ে মৃত দুয়োজনকে চিনি পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। কৈৰাভৰ বাসিন্দা হোতাৰাম(২২) আৰু দৰিয়া দেৱী(৩৮) সম্পৰ্কত শাহু আৰু জোঁৱাই। এবছৰ পূৰ্বে দৰিয়া দেৱীৰ কন্যাৰ সৈতে হোতাৰামৰ বিবাহ হৈছিল। কিন্তু তাৰ মাজতে আৰম্ভ হ’ল শাহুৱেক আৰু জোঁৱাইৰ মাজত প্ৰেমৰ সম্পৰ্ক। 

এদিন এই প্ৰেমৰ কথা সকলোৱে গম পায়। সমাজৰ আগত লাজ পাই দুয়োজনে মৃত্যুৰ পথ বাছি লোৱাটোৱে উচিত বুলি ভাবে। জানিব পৰা অনুসৰি দুয়োজনে ৰেচন কিনাৰ অজুহাতত ঘৰৰ পৰা ওলাই আহিছিল। তাৰপিছত পিছদিনা দুয়োৰে মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ