--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম সদায় পৱিত্ৰ আৰু স্বৰ্গীয়। প্ৰেমে সদায় পোহৰৰ পথ দেখুৱায়। কিন্তু অবৈধ প্ৰেমৰ পৰিণতি সদায় কৰুণ হয়। অবৈধ প্ৰেমে মানুহৰ জীৱন নৰক সদৃশো কৰি তোলে। এনে প্ৰেমে নিজৰ জীৱনৰ লগতে দুখন ঘৰৰ পৰিৱেশ দুৰ্বিষহ কৰি তোলে। ৰাজস্থানত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা। শাহু আৰু জোঁৱায়ে একেলগে এজোপা গছত চিপ লৈ আত্মহত্যা কৰিছে। 

শাহু আৰু জোঁৱাইৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই দুয়োজনে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বৰমেৰ-ৰামছাৰ পথৰ ওচৰত অৱস্থিত এখন গাঁৱত। মঙলবাৰে পুৱা গাঁওখনৰ লোক ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়ত গছত ওলমি থকা দুটা মৃতদেহ প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই গাঁওখনত হুলস্থূল তথা আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

গাঁওবাসীয়ে মৃত দুয়োজনকে চিনি পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। কৈৰাভৰ বাসিন্দা হোতাৰাম(২২) আৰু দৰিয়া দেৱী(৩৮) সম্পৰ্কত শাহু আৰু জোঁৱাই। এবছৰ পূৰ্বে দৰিয়া দেৱীৰ কন্যাৰ সৈতে হোতাৰামৰ বিবাহ হৈছিল। কিন্তু তাৰ মাজতে আৰম্ভ হ’ল শাহুৱেক আৰু জোঁৱাইৰ মাজত প্ৰেমৰ সম্পৰ্ক। 

এদিন এই প্ৰেমৰ কথা সকলোৱে গম পায়। সমাজৰ আগত লাজ পাই দুয়োজনে মৃত্যুৰ পথ বাছি লোৱাটোৱে উচিত বুলি ভাবে। জানিব পৰা অনুসৰি দুয়োজনে ৰেচন কিনাৰ অজুহাতত ঘৰৰ পৰা ওলাই আহিছিল। তাৰপিছত পিছদিনা দুয়োৰে মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই