--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ ভিতৰত বিগত ১৬ দিন ধৰি আবদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। তেওঁলোকক নিৰাপদে সুৰংগৰ পৰা উলিয়াই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। সমগ্ৰ দেশে শ্ৰমিককেইগৰাকীৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে।  সোমবাৰে হঠাৎ সেই স্থানত আবিৰ্ভাৱ হৈছে মহাদেৱ। যি ছবি দেখি সকলো আচৰিত হৈ পৰিছে।

সুৰংগটোৰ ঠিক বাহিৰত এক আকৃতিৰ সৃষ্টি হৈছিল যিটো দেখি সকলোৱে দাবী কৰিছে যে সেয়া ভগৱান শিৱৰ আকৃতি।

ইয়াৰ ছবি আৰু ভিডিঅ’ অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। স্থানীয় ৰাইজে কয় যে ভগৱান শিৱই নিজেই উদ্ধাৰকাৰীসকলক এই ৰূপত আশীৰ্বাদ দিছে, যাতে তেওঁলোকে শ্ৰমিকসকলক অতি সোনকালে সুৰংগৰ পৰা নিৰাপদে উলিয়াই আনিব পাৰে। উল্লেখ্য যে শ্ৰমিকসকল আবদ্ধ হৈ থকা সুৰংগটোৰ ঠিক বাহিৰত আছে বাবা বৌখনাগৰ মন্দিৰ।

সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে মন্দিৰটো সেই স্থানৰ পৰা আঁতৰাই সুৰংগটোৰ ভিতৰৰ এটা চুকত স্থাপন কৰা হৈছিল। অৱশ্যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বাবাৰ মন্দিৰ পুনৰ পূৰ্বৰ স্থানত প্ৰতিষ্ঠা কৰা হয়। বাবা বৌখনাথ ছিল্কয়াৰাকে ধৰি অঞ্চলটোৰ তিনিটা ক্ষেত্ৰৰ ইষ্ট দেৱতা বুলি বিশ্বাস কৰে স্থানীয় জনতাই। মন্দিৰৰ ভিতৰত ভগৱান নাগৰাজৰ প্ৰতিমূৰ্তি আছে। এই অঞ্চলৰ ৰক্ষক বাবা বৌখনাগ বুলি বিশ্বাস কৰা হয়।

চৰকাৰে কয় যে দ্বিতীয় লাইফলাইন (১৫০ মি.মি. ব্যাসৰ) সেৱা ব্যৱহাৰ কৰি শ্রমিকসকলৰ বাবে নিয়মীয়াকৈ সুৰংগটোৰ ভিতৰত সতেজ ৰন্ধা খাদ্য আৰু সতেজ ফল-মূল ৰখা হৈছে৷ এই জীৱন ৰেখাত ঔষধ আৰু নিমখৰ লগতে কমলা, আপেল, কল আদি ফলৰ পৰ্যাপ্ত যোগান নিয়মীয়াকৈ কৰা হৈছে। ভৱিষ্যতে মজুতৰ বাবে অতিৰিক্ত শুকান খাদ্যও ডেলিভাৰী কৰা হৈছে। আৱদ্ধ হৈ থকা শ্ৰমিকসকলে তেওঁলোক নিৰাপদে আছে বুলি জনাইছে।

উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত ৬০ মিটাৰ অংশত ছিল্কয়াৰাৰ পৰা বৰকোটলৈ নিৰ্মাণৰত সুৰংগটো ভাঙি পৰিছিল। তেতিয়াই তাত আৱদ্ধ হৈ পৰে ৪১ জন শ্ৰমিক। তেওঁলোকক উদ্ধাৰৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে। পাঁচটা সংস্থা – অ’এনজিচি, এছজেভিএনএল, আৰভিএনএল, এনএইচআইডিচিএল আৰু টিএইচডিচিএলক নিৰ্দিষ্ট দায়িত্ব প্ৰদান কৰা হৈছে যাতে ৪১ জন শ্ৰমিক নিৰাপদে আৰু সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক