--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ইউক্ৰেইনত দেশখনৰ পূব অংশত বিচ্ছিন্নতাবাদীসকলক ৰক্ষা কৰিবলৈ সামৰিক অভিযানৰ ঘোষণা কৰিলে, যাক ডনবাছ অঞ্চল বুলি কোৱা হয়। পুৱা দূৰদৰ্শনত আকস্মিক বিবৃতিযোগে তেওঁ কয় যে, মই সামৰিক অভিযানৰ সিদ্ধান্ত লৈছোঁ। সম্ভাৱ্য যুদ্ধ প্ৰতিহত কৰিবলৈ কেইবাসপ্তাহৰ তীব্ৰ কূটনীতি আৰু ৰাছিয়াৰ ওপৰত পশ্চিমীয়া নিষেধাজ্ঞা আৰোপ কৰিও পুটিনক বাধা দিয়াত ব্যৰ্থ হৈছিল, যি ইউক্ৰেইনৰ সীমালৈ ১৫০,০০০ৰ পৰা ২০০,০০০ সৈন্য প্ৰেৰণ কৰিছিল। যুদ্ধৰ মাজতে, ৰাছিয়াই ইউক্ৰেইনৰ কেইবাটাও চৰকাৰী ৱেবছাইট হেক কৰাৰ অভিযোগ উত্থাপিত হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইউক্ৰেইনৰ প্ৰায় ১০০টা গুৰুত্বপূৰ্ণ কম্পিউটাৰৰ ডাটা হেক কৰা হৈছে। এতিয়ালৈকে, ইউক্ৰেইন চৰকাৰৰ নিজা ৱেবছাইট, শিক্ষা-মন্ত্ৰালয়ৰ ৱেবছাইট আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটৰ সকলো তথ্য ইতিমধ্যে হেক কৰা হৈছে। চাইবাৰ নিৰাপত্তা গৱেষকসকলে আগতেই ভৱিষ্যতবাণী কৰিছিল যে, ৰাছিয়াই যিকোনো সময়তে চাইবাৰ আক্ৰমণ আৰম্ভ কৰিব পাৰে। ইউক্ৰেইনৰ আগশাৰীৰ চাইবাৰ সুৰক্ষা কোম্পানী মাণ্ডিয়ানৰ উপ-সভাপতি আৰু মুখ্য প্ৰযুক্তি বিষয়া চাৰ্লছ কৰ্মাকালে কয় যে, ‘আজি পুৱা ইউক্ৰেইনৰ একাধিক চৰকাৰ আৰু বাণিজ্যিক ৱেবছাইটত একাধিক মালৱেৰ আক্ৰমণৰ খবৰ পাইছো। অৱশ্যে, ইউক্ৰেইন চৰকাৰে এতিয়ালৈকে এই বিষয়ে একো মত ব্যক্ত কৰা নাই। এক প্ৰতিবেদন অনুসৰি, ইউক্ৰেইনৰ এটা বিত্তীয় প্ৰতিষ্ঠান আৰু ইউক্ৰেইন চৰকাৰৰ এটা ঠিকা সংস্থাৰ ৱেবছাইটসমূহ ৰাছিয়াৰ হেকাৰৰ কৱলত পৰিছে। ইউক্ৰেইন চৰকাৰৰ বিশেষ যোগাযোগ আৰু তথ্য সুৰক্ষাৰ ৰাজ্যিক সেৱাৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াই এই বছৰৰ ১৫ ফেব্ৰুৱাৰীত প্ৰথম চাইবাৰ আক্ৰমণ চলাইছিল। বৰ্তমান, তেওঁলোকে বিভিন্ন চৰকাৰী ৱেবছাইটত চাইবাৰ আক্ৰমণ অব্যাহত ৰাখিছে। ৰাছিয়াই ডাটা ৱাপিং সঁজুলিৰ দ্বাৰা ৱেৱছাইট হেক কৰিছে, এই সঁজুলিটো মুখ্যতঃ ডাঙৰ কোম্পানীবোৰৰ ওপৰত চাইবাৰ আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। এই মালৱেৰে যিকোনো কম্পিউটাৰৰ ভিতৰত সুমুৱাই যিকোনো ডাটা হেক কৰিব পাৰে। একে সময়তে, ৰাছিয়াইয়ো এক বিশেষ হেকিং সঁজুলি আৱিষ্কাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক