--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনটো উপভোগ কৰিব জানিলে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে৷ এগৰাকী ৬৩ বছৰীয়া বৃদ্ধা৷ নাম কিম্বাৰ্লি গেদি৷ সাতগৰাকী নাতি-নাতিনীৰ আইতা হোৱাৰ পাছতো প্ৰৱল ইচ্ছা আৰু বিশ্বাসৰ বলতে এইগৰাকী বৃদ্ধা মহিলাই সৌন্দৰ্যৰ প্ৰতিযোগিতাত বিজয়ৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয়৷ কেৱল ইমানেই নহয় তেওঁ ৬০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়৷ এইগৰাকী বৃদ্ধাই ৬০ বয়সতো পিয়ানো শিক্ষক হিচাপে কৰ্মৰত আছিল৷ বয়স বৃ্দ্ধি হ’লে মনোবল হ্ৰাস পোৱাৰ ভুল ধাৰণা সলনি কৰি কিম্বাৰ্লি গেদিয়ে ৬৩ বছৰ বয়সত সুন্দৰ শৰীৰ গঠনৰ বাবে ব্যায়াম আৰম্ভ কৰি, বিবাহপাশত আবদ্ধ হোৱাৰ লগতে 'মিছ টেক্সাছ ছিনিয়ৰ আমেৰিকা' নামৰ সৌন্দৰ্য প্ৰতিযোগিতাতো বিজয়ী হয়। টেক্সাছৰ নিবাসী মহিলাগৰাকী বয়স সম্পৰ্কে থকা সকলো ভুল ধাৰণা ভংগ কৰি কয়, 'মই নিজৰ বিষয়ে মোৰ মন সলনি কৰিছো। এতিয়া এনেকুৱা লাগিছে যে কোঁচবোৰতো এক বেলেগধৰণৰ সৌন্দৰ্য আছে।' প্ৰতিযোগিতাখনত বিজয়ী হোৱাৰ পাছত কিম্বাৰ্লিয়ে কয়, 'পৰিপক্ক বয়সৰ মহিলাসকল সঁচাকৈয়ে ধুনীয়া।' উল্লেখ্য যে এই প্ৰতিযোগিতাখন প্ৰতিবছৰে ৬০ৰ পৰা ৭৫ বছৰ বয়সৰ মহিলাৰ মাজত অনুষ্ঠিত হয়। বেলী ডান্সিঙৰ পৰা আৰম্ভ কৰি এক হাতেৰে পুছ-আপলৈকে - মহিলাসকলে সকলো ধৰণৰ ক্ৰীড়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগীসকলে ভাবে যে ছোৱালীবোৰ যিকোনো বয়সতে ধুনীয়া হয় – ৪০, ৫০, ৬০, ৭০। বিজয়ী কিম্বাৰ্লিয়ে কৈছিল যে তাই ১৯ বছৰ বয়সতো ইমান ফিট নাছিল। যিহেতু তাই ৬৩ বছৰ বয়সত ব্যায়াম কৰা আৰম্ভ কৰিছিল, তাই যথেষ্ট সুস্থ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক