--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনটো উপভোগ কৰিব জানিলে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে৷ এগৰাকী ৬৩ বছৰীয়া বৃদ্ধা৷ নাম কিম্বাৰ্লি গেদি৷ সাতগৰাকী নাতি-নাতিনীৰ আইতা হোৱাৰ পাছতো প্ৰৱল ইচ্ছা আৰু বিশ্বাসৰ বলতে এইগৰাকী বৃদ্ধা মহিলাই সৌন্দৰ্যৰ প্ৰতিযোগিতাত বিজয়ৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয়৷ কেৱল ইমানেই নহয় তেওঁ ৬০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়৷ এইগৰাকী বৃদ্ধাই ৬০ বয়সতো পিয়ানো শিক্ষক হিচাপে কৰ্মৰত আছিল৷ বয়স বৃ্দ্ধি হ’লে মনোবল হ্ৰাস পোৱাৰ ভুল ধাৰণা সলনি কৰি কিম্বাৰ্লি গেদিয়ে ৬৩ বছৰ বয়সত সুন্দৰ শৰীৰ গঠনৰ বাবে ব্যায়াম আৰম্ভ কৰি, বিবাহপাশত আবদ্ধ হোৱাৰ লগতে 'মিছ টেক্সাছ ছিনিয়ৰ আমেৰিকা' নামৰ সৌন্দৰ্য প্ৰতিযোগিতাতো বিজয়ী হয়। টেক্সাছৰ নিবাসী মহিলাগৰাকী বয়স সম্পৰ্কে থকা সকলো ভুল ধাৰণা ভংগ কৰি কয়, 'মই নিজৰ বিষয়ে মোৰ মন সলনি কৰিছো। এতিয়া এনেকুৱা লাগিছে যে কোঁচবোৰতো এক বেলেগধৰণৰ সৌন্দৰ্য আছে।' প্ৰতিযোগিতাখনত বিজয়ী হোৱাৰ পাছত কিম্বাৰ্লিয়ে কয়, 'পৰিপক্ক বয়সৰ মহিলাসকল সঁচাকৈয়ে ধুনীয়া।' উল্লেখ্য যে এই প্ৰতিযোগিতাখন প্ৰতিবছৰে ৬০ৰ পৰা ৭৫ বছৰ বয়সৰ মহিলাৰ মাজত অনুষ্ঠিত হয়। বেলী ডান্সিঙৰ পৰা আৰম্ভ কৰি এক হাতেৰে পুছ-আপলৈকে - মহিলাসকলে সকলো ধৰণৰ ক্ৰীড়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগীসকলে ভাবে যে ছোৱালীবোৰ যিকোনো বয়সতে ধুনীয়া হয় – ৪০, ৫০, ৬০, ৭০। বিজয়ী কিম্বাৰ্লিয়ে কৈছিল যে তাই ১৯ বছৰ বয়সতো ইমান ফিট নাছিল। যিহেতু তাই ৬৩ বছৰ বয়সত ব্যায়াম কৰা আৰম্ভ কৰিছিল, তাই যথেষ্ট সুস্থ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক