--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মই ৯৯ বছৰীয়া কৃষকক আজিলৈ দেখা নাই৷ তেওঁ চৰণ চুই মই নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ…’- এই ভাষ্য কৃষকৰ হৈ প্ৰচাৰ চলোৱা এজন সাংবাদিকৰ৷ ভাৰতৰ ১৩৩ কোটি জনতাৰ এজন প্ৰতিবাদী কণ্ঠ হিচাপে চিহ্নিত হৈছে তেওঁ৷ যি সময়ত কৃষক আন্দোলনক পাকিস্থানী সংগঠনৰ নাম দিছিল, যিটো সময়ত কৃষকক বিৰুদ্ধে অপ-প্ৰচাৰ চলাইছিল দেশৰ একাংশ মুষ্টিমেয় সংবাদ প্ৰতিষ্ঠানে! আনকি কৃষকসকলক পাকিস্থানী তথা বাংলাদেশী এজেণ্টৰ নাম দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ভাৰতৰ একাংশ সংবাদ মাধ্যমে৷ সেই সময়তে ১৩৩ কোটি জনতাৰ সংগ্ৰামী সত্তা হিচাপে থিয় দিছিল এজন বিশিষ্ট সাংবাদিকে৷ তেওঁ হৈছে এটা ব্যক্তিগত চেনেলৰ সাংবাদিক ৰবীশ কুমাৰ৷ বিশিষ্ট সাংবাদিকগৰাকী হৈ পৰিছিল কৃষকৰ বাবে ‘এটি মুক্ত কণ্ঠ’৷


নিজৰ কৰ্মৰে পৰিচয় লাভ কৰা এনে এজন সাংবাদিক হৈছে ৰবীশ কুমাৰ৷ দেশত ১৭ মাহজোৰা চলা কৃষক আন্দোলনক অপ-প্ৰচাৰ কৰিছিল একাংশ সংবাদ মাধ্যমে৷ আনকি শাসনাধীন চৰকাৰৰ হেঁচাতেই হওক বা মোটা ধনৰ বিনিময়তেই হওক কৃষকক প্ৰৰোচিত কৰিছিল সাংবাদ মাধ্যমে৷ কৃষকক সাক্ষাৎকাৰ লোৱাৰ পৰাও বিৰত আছিল সংবাদমাধ্যম৷ এনে সময়তেই বিশিষ্ট সাংবাদিকগৰাকী থিয় হৈছিল 'কৃষকৰ মুক্ত কণ্ঠ হিচাপে’৷ কৃষক আন্দোলনৰ সবিশেষ জনতাৰ মাজলৈ আনিছিল তেওঁ৷

অৱশেষত কৃষকৰ আগত সেও মানিলে মোদী চৰকাৰে৷ উঠাই লোৱা হ’ল গৃহিত হোৱা অভিশপ্ত তিনিখন কৃষি আইন৷ এই আন্দোলনত প্ৰতিবাদ কৰিছিল এগৰাকী ৯৯ বছৰীয়া বৃদ্ধই৷ বৃদ্ধ বয়সতো সংগ্ৰামী সত্তাক হেৰুওৱা নাছিল অৰজিন্দৰ চৌধুৰী নামৰ ৯৯ বছৰীয়া লোকজনে৷ তেওঁৰ বয়স, অভিজ্ঞতা আৰু সংগ্ৰামী সত্তা হৈ ৰৈছিল বহুতৰ বাবে প্ৰেৰণাৰ কাৰণ৷ তেওঁৰ এই সংগ্ৰামী সত্তাই আকৰ্ষিত কৰিছিল বিশেষ সাংবাদিকগৰাকীকো৷ যাৰ বাবে ১২ ডিচেম্বৰত গাজিপুৰ সীমান্তত উপস্থিত হৈ বৃদ্ধ কৃষকগৰাকীক ভৰি চুই প্ৰণাম কৰে ৰবীশ কুমাৰে। লগতে তেওঁ কয় , ‘চৰকাৰৰ বিৰুদ্ধে কৃষকে কৰা সংগ্ৰাম অতুলনীয়৷ যেতিয়া চৰকাৰ, সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ হেঁচাত উশাহ ল’বলৈয়ো কঠিন হৈছিল কৃষকৰ৷ তেতিয়াও কৃষকসকল হাৰমনা নাছিল৷ আৰু এয়া চৰকাৰৰ বাবে এক ডাঙৰ সকীয়নি৷’

১৯৭৪ চনৰ ৫ ডিচেম্বৰত বিহাৰৰ পূব চম্পাৰণ জিলাৰ জিটৱাৰপুৰ গাঁৱত জন্ম গ্ৰহণ কৰা ৰবিশ কুমাৰে এজন ভাৰতীয় সাংবাদিক, লেখক হিচাপে অতি কম বয়সতেই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেওঁ এনডিটিভি ইণ্ডিয়াৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সাংবাদিক হিচাপে তেওঁৰ অৱদান অতুলনীয়৷ তেওঁ কৰা কামৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত হৈছে ৰবীশ কুমাৰ৷ যাৰ ভিতৰত আছে ৰমন মেগছেছে বঁটা (২০১৯)। আনকি তেওঁ হিন্দী ভাষাৰ ওপৰত দখলৰ বাবে ৰামনাথ গোয়েংকা এক্সেলেন্স ইন জাৰ্নালিজম এৱাৰ্ড ২০১৭ আৰু ২০১৩ চনত দুবাৰকৈ বঁটা লাভ কৰিছিল। লগতে গৌৰী লংকেশ বঁটা, প্ৰথম কুলদীপ নায়াৰ সাংবাদিকতা বঁটা ২০১৭, হিন্দী সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা ২০১০ চনত লাভ কৰিছিল । তেওঁক দ্য ইণ্ডিয়ান এক্সপ্ৰেছ (২০১৬)ৰ দ্বাৰা ১০০ জন আটাইতকৈ প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুম্বাই প্ৰেছ ক্লাবে বছৰটোৰ শ্ৰেষ্ঠ সাংবাদিক হিচাপেও মনোনীত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ