--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নগালেণ্ডত মন জিলাত ভাৰতীয় সেনাৰ নিষ্ঠুৰতাই ৰাষ্ট্ৰসন্ত্ৰাসৰ এটা অবাঞ্চিত নজিৰ সৃষ্টি কৰিছিল। ১৪গৰাকী নিৰীহ নগা লোকক নিৰ্বিচাৰ গুলীচালনাৰে হত্যা কৰিছিল সেনাই। এই ঘটনাই দেশজুৰি সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই ঘটনাই উত্তৰ পূবৰ জনগণে দীৰ্ঘদিনে কৰি অহা এটা দাবীকো দিছিল নতুন ন্যয্যতা। অসমকে ধৰি উত্তৰ পূবত প্ৰচলিত হৈ থকা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন বা ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবীয়ে এই ঘটনাৰ পাছতে নতুন তীব্ৰতা লাভ কৰিছে। সৰ্বস্তৰৰ লোকে এই বিতৰ্কিত আৰু দমনমূলক আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে নগালেণ্ডত নিহত হোৱা ১৪জনকৈ নিৰীহ লোকৰ পৰিয়ালে দেখুৱাইছে এক অতুলনীয় দৃঢ়তা আৰু প্ৰতিবাদী মানসিকতাৰ নিদৰ্শন।

এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালে দোষী সেনাই শাস্তি নোপোৱা পৰ্যন্ত আৰু আফস্পা ৰ দৰে নৃশংস আইন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত চৰকাৰে তেওঁলোকক দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইসকল নগা লোকে তেওঁলোকৰ মেৰুদণ্ড কিমান পোন আৰু শক্তিশালী তাৰ নিদৰ্শনেই যেন দাঙি ধৰিছে তেওঁলোকৰ এই কাৰ্যৰ জৰিয়তে।

মন জিলাৰ অ’টিঙৰ বাসিন্দাসকল একত্ৰিত হৈ এই সিদ্ধান্ত গ্ৰহণ


দেওবাৰে মন জিলাৰ অ’টিঙৰ বাসিন্দাসকল একত্ৰিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, দুসপ্তাহ পূৰ্বে সংঘটিত হোৱা এই নৃশংস ঘটনাত মৃত্যু হোৱা ১৪জন লোকৰ ১২জনেই আছিল অ’টিঙৰ। গাঁওবাসীয়ে প্ৰতিবাদ আৰু বিদ্ৰোহৰ নতুন পৰিভাষা প্ৰকাশ কৰি সেনাৰ দুষ্কাৰ্যৰ বিৰুদ্ধে সৰৱ হোৱাই নহয় তেওঁলোকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ কঠোৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। অ’টিঙ গাঁও পঞ্চায়তৰ সভাপতি লংৱাং কন্যাকে প্ৰকাশ কৰা এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে ‘এই দুষ্কাৰ্য সংঘটিত কৰা ভাৰতীয় সামৰিক বাহিনীৰ দোষী জোৱানসকলক ভাৰতীয় দণ্ডবিধি আইনৰ আওতালৈ আনিব লাগিব আৰু সমগ্ৰ উত্তৰ পূবৰ পৰা আফস্পা বাতিল কৰিব লাগিব।’


নগাৰ এই দৃঢ় মনোবল, প্ৰতিবাদী সত্তা তথা ন্যায়ৰ দাবী সকলোৰে বাবে এক দৃষ্টান্ত হৈ পৰিছে। কিয়নো তেওঁলোকে বুজি উঠিয়ে চৰকাৰৰ এই ৰীতিবদ্ধ ক্ষতিপূৰণে তেওঁলোকৰ ভাগ্য সলনি কৰিব নোৱাৰে। নিৰীহ লোকক অতি নিষ্ঠুৰভাৱে প্ৰাণ কাঢ়ি নিয়া এই কাৰ্যৰ ক্ষতিপূৰণ কেইলাখমান টকা হ’ব নোৱাৰে। আজি নহ’লে কাইলৈ আকৌ আন কোনোবা নিৰীহ এই ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হ’ব। উত্তৰ পূবৰ জনগণৰ ভাগ্য সলনি কৰিব পাৰিব কেৱল আফস্পাৰ দৰে আইন বাতিল কৰা আৰু দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ জৰিয়তেহে। এইক্ষেত্ৰত সমগ্ৰ উত্তৰ পূবৰ প্ৰতিবাদী জনগণক নেতৃত্ব দিয়াৰ সাহস আৰু দৃঢ়তা দেখুৱাইছে নাগা লোকসকলে। এতিয়া চৰকাৰে তেওঁলোকৰ এই স্থিতিক সন্মান জনাই নে নাই সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম