--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Raees বিতৰ্কই যেন এতিয়াও লগ এৰা নাই শ্বাহৰূখক। আব্দুল লতিফৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল ছবিখন। শ্বাহৰূখ খানকে ধৰি ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে লতিফৰ পৰিয়ালে ১০১ কোটি টকা দাবী কৰি মানহানিৰ গোচৰ তৰিছিল। আব্দুল লতিফৰ ছবিখনত সঠিকভাৱে তেওঁৰ জীৱনী চিত্ৰিত নকৰাৰ অভিযোগ লতিফ পৰিয়ালৰ। গুজৰাট উচ্চ ন্যায়ালয়ে শ্বাহৰূখ খান আৰু ছবিখনৰ প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা ১০১ কোটি টকাৰ মানহানি গোচৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে।

শ্বাহৰূখ খানে যেতিয়া আহমেদাবাদলৈ ছবিখনৰ প্ৰচাৰৰ বাবে গৈছিল, তেতিয়া তাত এজন ব্যক্তিৰ মৃত্যু হৈছিল। সেই মৃত্যুৰ পিছতো শ্বাহৰূখ খানে বিচ্যুতি হেৰুৱাইছিল। সেই গোচৰৰ পৰা কেইমাহমান পূৰ্বে মুকলি কৰি দিয়া হৈছিল অভিনেতা গৰাকী। এই মানহানিৰ গোচৰত ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু এক্সেল এণ্টাৰটেইনমেণ্টেও কিছু পৰিমাণে সকাহ পাইছে।  Raees ছবিৰ কাহিনী গেংষ্টাৰ আব্দুল লতিফৰ জীৱনক কেন্দ্ৰ কৰি আছিল। মানহানিৰ গোচৰত নিম্ন ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছে শ্বাহৰূখ খান, প্ৰযোজক ফাৰহান আখতাৰ আৰু চলচ্চিত্ৰ পৰিচালক ৰাহুল ঢোলাকিয়াই। সোমবাৰে ন্যায়াধীশ উমেশ ত্ৰিবেদীয়ে ২০ জুলাইলৈ এই শুনানি স্থগিত ৰখাৰ নিৰ্দেশ জাৰী কৰিছে।

গেংষ্টাৰ লতিফৰ পুত্ৰ মুস্তাক আহমেদে মানহানিৰ গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ প্ৰক্ৰিয়া চলাকালীন সময়তে তেওঁৰ মৃত্যু হয়। এতিয়া তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাই চলাই গৈছে ন্যায়িি ক যুঁজখন। তেওঁলোকে দাবী কৰে যে এই ছবিখন তেওঁলোকৰ পৰিয়ালৰ প্ৰতি অতি অসন্মানজনক। শ্বাহৰূখৰ অধিবক্তা শালিক ঠাকোৰে দাবী কৰিছে যে, ক্ষতিপূৰণৰ গোচৰটো এজন ব্যক্তিৰ মৃত্যুৰ লগে লগে শেষ হয়। ২০১৬ চনত দাখিল কৰা গোচৰটোত মুস্তাকে স্পষ্ট কৰি দিছিল যে, ছবিখনৰ চিত্ৰনাট্য লিখাৰ সময়ত প্ৰডাকচন কোম্পানীয়ে লতিফৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। তেন্তে আদালতত পুনৰ গোচৰ তোলা হ’ল কিয়? তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে অধিবক্তাই।

প্ৰসংগক্ৰমে, আব্দুল লতিফৰ নামত আছিল একাধিক গোচৰ। হত্যা, অপহৰণ, অবৈধ ড্ৰাগছ বিক্ৰী আদি একোতেই বাকী নাছিল লতিফ। শুনিবলৈ পোৱামতে, আব্দুল লতিফ ডাউড ইব্ৰাহিমৰো ঘনিষ্ঠ আছিল। ১৯৯৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল লতিফক। দুবছৰ পিছত কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল লতিফক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু