--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Raees বিতৰ্কই যেন এতিয়াও লগ এৰা নাই শ্বাহৰূখক। আব্দুল লতিফৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল ছবিখন। শ্বাহৰূখ খানকে ধৰি ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে লতিফৰ পৰিয়ালে ১০১ কোটি টকা দাবী কৰি মানহানিৰ গোচৰ তৰিছিল। আব্দুল লতিফৰ ছবিখনত সঠিকভাৱে তেওঁৰ জীৱনী চিত্ৰিত নকৰাৰ অভিযোগ লতিফ পৰিয়ালৰ। গুজৰাট উচ্চ ন্যায়ালয়ে শ্বাহৰূখ খান আৰু ছবিখনৰ প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা ১০১ কোটি টকাৰ মানহানি গোচৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে।

শ্বাহৰূখ খানে যেতিয়া আহমেদাবাদলৈ ছবিখনৰ প্ৰচাৰৰ বাবে গৈছিল, তেতিয়া তাত এজন ব্যক্তিৰ মৃত্যু হৈছিল। সেই মৃত্যুৰ পিছতো শ্বাহৰূখ খানে বিচ্যুতি হেৰুৱাইছিল। সেই গোচৰৰ পৰা কেইমাহমান পূৰ্বে মুকলি কৰি দিয়া হৈছিল অভিনেতা গৰাকী। এই মানহানিৰ গোচৰত ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু এক্সেল এণ্টাৰটেইনমেণ্টেও কিছু পৰিমাণে সকাহ পাইছে।  Raees ছবিৰ কাহিনী গেংষ্টাৰ আব্দুল লতিফৰ জীৱনক কেন্দ্ৰ কৰি আছিল। মানহানিৰ গোচৰত নিম্ন ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছে শ্বাহৰূখ খান, প্ৰযোজক ফাৰহান আখতাৰ আৰু চলচ্চিত্ৰ পৰিচালক ৰাহুল ঢোলাকিয়াই। সোমবাৰে ন্যায়াধীশ উমেশ ত্ৰিবেদীয়ে ২০ জুলাইলৈ এই শুনানি স্থগিত ৰখাৰ নিৰ্দেশ জাৰী কৰিছে।

গেংষ্টাৰ লতিফৰ পুত্ৰ মুস্তাক আহমেদে মানহানিৰ গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ প্ৰক্ৰিয়া চলাকালীন সময়তে তেওঁৰ মৃত্যু হয়। এতিয়া তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাই চলাই গৈছে ন্যায়িি ক যুঁজখন। তেওঁলোকে দাবী কৰে যে এই ছবিখন তেওঁলোকৰ পৰিয়ালৰ প্ৰতি অতি অসন্মানজনক। শ্বাহৰূখৰ অধিবক্তা শালিক ঠাকোৰে দাবী কৰিছে যে, ক্ষতিপূৰণৰ গোচৰটো এজন ব্যক্তিৰ মৃত্যুৰ লগে লগে শেষ হয়। ২০১৬ চনত দাখিল কৰা গোচৰটোত মুস্তাকে স্পষ্ট কৰি দিছিল যে, ছবিখনৰ চিত্ৰনাট্য লিখাৰ সময়ত প্ৰডাকচন কোম্পানীয়ে লতিফৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। তেন্তে আদালতত পুনৰ গোচৰ তোলা হ’ল কিয়? তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে অধিবক্তাই।

প্ৰসংগক্ৰমে, আব্দুল লতিফৰ নামত আছিল একাধিক গোচৰ। হত্যা, অপহৰণ, অবৈধ ড্ৰাগছ বিক্ৰী আদি একোতেই বাকী নাছিল লতিফ। শুনিবলৈ পোৱামতে, আব্দুল লতিফ ডাউড ইব্ৰাহিমৰো ঘনিষ্ঠ আছিল। ১৯৯৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল লতিফক। দুবছৰ পিছত কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল লতিফক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ