--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেশ কন্যা আলিয়া ভাট মাতৃ হ’বলৈ ওলাছে। আলিয়াৰ এই খবৰ ছ’চিয়েল মিডিয়াত পলকতে ভাইৰেল হৈ পৰে। অনুৰাগীয়ে কমেণ্টত শুভেচ্ছাবাণীৰে উপচাই দিয়ে প্ৰিয় অভিনেত্ৰীগৰাকীক। আলিয়াই সকলোকে শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি একাংশ খবৰত বিতুষ্ট হৈ পৰিছে অভিনেত্ৰীগৰাকী। মঙলবাৰে এনে কেতবোৰ বিষয়ক লৈ নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নায়িকা গৰাকীয়ে।

লণ্ডনত ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰি আছে আলিয়াই। জুলাই মাহৰ মাজভাগত তেওঁ দেশলৈ ঘূৰি আহিব, সেইটোৱেই আছিল খবৰ। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, জুলাইত আলিয়া শ্বুটিঙৰ পৰা ঘূৰি আহিব। ৰণবীৰে নিজেই লণ্ডনৰ পৰা মুম্বাইলৈ আনিব। এনেকৈয়ে আলিয়াই নিজৰ গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰিছিল যাতে তেওঁৰ বাকী সকলো চিনেমাৰ কাম শেষ হৈ যায়। সেই খবৰটো দেখি খঙত জ্বলি পকি উঠিছে অভিনেত্ৰীগৰাকী।

বিয়াৰ ডেৰ-দুমাহ পাছতেই সন্তান সম্ভৱা হৈ উঠিছে আলিয়া। ঘৰতে বিয়াৰ অনুষ্ঠানৰ পাছত হনীমুনলৈ যোৱা নাছিল আলিয়া-ৰণবীৰ। সূত্ৰ অনুসৰি, এইবাৰ বেবীমুনৰ বাবে তাৰকা দম্পতীয়ে কিবা পৰিকল্পনা আছে। জুলাই মাহৰ মাজভাগত আলিয়াৰ শ্বুটিং শেষ হোৱাৰ লগে লগে লণ্ডনলৈ যাব ৰণবীৰ কাপুৰ। তাৰ পৰা দুয়ো একেলগে ইউৰোপৰ এখন গাঁৱলৈ যাব। স্বাভাৱিকতে, হনীমুনৰ পৰিৱৰ্তে বেবীমুনলৈ ওলাইছে নেকি আলিয়া-ৰণবীৰ? তাকে জানিবলৈ এতিয়া উদগ্ৰীৱ হৈ পৰিছে অনুৰাগী…!



FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু