--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে শিব্যা পাঠানিয়া। ‘বাল শিৱ’ ধাৰাবাহিকৰ পৰাই তেওঁ জনপ্ৰিয়তা লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ এনে সাফল্যত সুখী তেওঁ নিজেই। তেওঁৰ মতে যিমানেই কাম কৰিব সিমানেই কাম পাব। কিন্তু অভিনয়ৰ জগতখনত ভৰি দিয়াৰ লগে লগে তেওঁৰ আত্মবিশ্বাসত আঘাত হনা হৈছিল। সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁ জয়ী হৈছিল। সৰু পৰ্দাত জনপ্ৰিয় ধাৰাবাহিক সমূহতো অভিনয় কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। কিন্তু এই উদ্যোগৰ অন্ধকাৰ দিশটোৰ বিষয়ে অৱগত নাছিল তেওঁ। তাতেই লাগিল কেনা।

‘হুমসফৰ’ ধাৰাবাহিকত প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দালৈ আহিছিল অভিনেত্ৰী শিব্যা পাঠানীয়া। কিন্তু সেই সময়ত ধাৰাবাহিক বন্ধ হোৱাৰ বাবে বিপদত পৰিছিল শিব্যা। ৮ মাহ ধৰি কোনো কাম নাছিল অভিনেত্ৰীগৰাকীৰ হাতত। সেই সময়ত এগৰাকী ব্যক্তিৰ প্ৰেমত পৰিছিল অভিনেত্ৰীগৰাকীয়ে, কামৰ বিনিময়ত আপোচ কৰিবলৈ কোৱা হৈছিল তেওঁক। পৰৱৰ্তী সময়ত সেই ব্যক্তিজনে তেওঁৰ পৰা চেক্সুৱেল ফেভাৰো বিচাৰিছিল বুলি দাবী অভিনেত্ৰীগৰাকীৰ।

অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোক ছান্টা ক্ৰুজত অডিছন দিবলৈ মাতিছিল। কোঠাটোত সোমালোঁ, কোঠাটো বৰ সৰু আছিল। এজন ব্যক্তিয়ে (হয়তো তেওঁ প্ৰযোজক) মোক কৈছে যে যদি আপুনি কোনো ডাঙৰ চেলিব্ৰিটিৰ লগত এই বিজ্ঞাপনটো কৰিব বিচাৰে তেন্তে আপুনি কম্প্ৰমাইজ কৰিব লাগিব। এই কথা কৈ তেওঁ মোৰ ফালে আহিল। আটাইতকৈ আমোদজনক কথা, যিটো মই কেতিয়াও পাহৰিব নোৱাৰো সেইটো হৈছে, সেই সময়ত হনুমান চালিছা তেওঁৰ লেপটপত চলি আছিল। ইমান ধেমেলীয়া যে হাঁহি উঠে। মই কওঁ, আপোনাৰ লাজ নালাগেনে? ভজন শুনি শুনি কি কথা কৈছে?’

অৱশ্যে, এই ঘটনাৰ এবছৰৰ ভিতৰতে পোহৰলৈ আহিল প্ৰকৃত সত্য। তেতিয়াহে অভিনেত্ৰীগৰাকীয়ে জানিব পাৰিলে যে, সেই ব্যক্তিজন আচলতে ভুৱা প্ৰযোজকহে আচিল। আনকি তেওঁৰ প্ৰডাকচন কোম্পানীটোৰো নাই কোনো অস্তিত্ব। শিব্যাই কয়, ‘মই মোৰ সকলো বন্ধু-বান্ধৱীক তেওঁৰ বিষয়ে কওঁ। যাতে তেওঁৰ জালত আন কোনো আবদ্ধ নহয়। ইমান সাহস কেনেকৈ পায় নাজানো ?'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ